প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 12 MAR 2020 9:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ পৰা টেলিফোন কল লাভ কৰে৷ দুয়োগৰাকী নেতাই এই নতুন দশকত ভাৰত-ব্ৰিটেইনৰ কূটনৈতিক সম্পৰ্কক এক নতুন ৰূপ দিয়াৰ বাবে ইচ্ছা প্ৰকাশ কৰে৷ ইয়াৰ বাবে তেওঁলোকে এক ব্যাপক ৰোডমেপ প্ৰস্তুতিৰ কথাও উল্লেখ কৰে৷দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তন, দুৰ্যোগ প্ৰশমন আদি ক্ষেত্ৰত ভাৰত আৰু ব্ৰিটেইনৰ সহযোগিতাত সন্তোষ প্ৰকাশ কৰে৷ এই বছৰৰ শেষলৈ চিঅ’পি-২৬লৈ প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ জনোৱা বাবে তেওঁ প্ৰধানমন্ত্ৰী জনছনক ধন্যবাদ প্ৰদান কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ক’ভিড-১৯ মহামাৰী সন্দৰ্ভত নিজৰ চিন্তাধাৰা বিনিময় কৰে৷ ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী নাদিন ড’ৰিছ ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে উদ্বেগ প্ৰকাশ কৰাৰ লগতে তেওঁৰ দ্ৰুত আৰোগ্য কামনা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন প্ৰধানমন্ত্ৰীগৰাকীক পৰস্পৰৰ সুবিধাজনক তাৰিখ এটাত ভাৰতলৈ নিমন্ত্ৰণ জনোৱা সম্পৰ্কে দোহাৰে৷  

***

VRRK/AK/MANN


(Release ID: 1606200)