প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ মাৰ্চ ২০২০ তাৰিখে জন ঔষধি দিৱসত জন ঔষধি পৰিযোজনা কেন্দ্ৰসমূহৰ বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 05 MAR 2020 5:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭ মাৰ্চ ২০২০ তাৰিখে নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে জন ঔষধি দিৱস উদযাপনত অংশগ্ৰহণ কৰিব৷ শ্ৰী মোদীয়ে সাতটা প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰৰ সৈতে বাৰ্তালাপ কৰিব৷ আঁচনিটোৰ সাফল্য উদযাপিত কৰিবলৈ তথা পৰৱৰ্তী কাৰ্যাৱলী প্ৰস্তুতিৰ বাবে ৭ মাৰ্চ দিনটোক ‘জন ঔষধি দিৱস’ হিচাপে সমগ্ৰ ভাৰততে পালন কৰা হয়৷ প্ৰধানমন্ত্ৰীয়ে সেইদিনা নিৰ্বাচিত বিপণীসমূহৰ স্বত্বাধিকাৰী তথা হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব৷ প্ৰতিটো জন ঔষধি বিপণীয়ে দূৰদৰ্শনযোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তা সম্প্ৰচাৰ কৰিব৷ নিৰ্বাচিত বিপণীসমূহত এই ঔষধসমূহৰ বিষয়ে চিকিৎসক, সংবাদ মাধ্যমৰ ব্যক্তি, ফাৰ্মাচিষ্ট তথা হিতাধিকাৰীসকলৰ সৈতে আলোচনা কৰা হ’ব৷

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী ডি ভি সদানন্দ গৌড়াই উত্তৰ প্ৰদেশৰ বাৰাণসীত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰত অংশগ্ৰহণ কৰিব৷ আনহাতে কেন্দ্ৰীয় ৰাজ্যিক জাহাজ পৰিবহণ আৰু কেন্দ্ৰীয় ৰাজ্যিক ৰাসায়নিক আৰু সাৰ বিভাগৰ মন্ত্ৰী শ্ৰী মনসুখ লক্ষ্ণণভাই মাণ্ডৱ্যই জম্মু আৰু কাশ্মীৰৰ পুলৱামাত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধি পৰিযোজনা কেন্দ্ৰত অংশগ্ৰহণ কৰিব৷

৭০০খন জিলাত প্ৰায় ৬২০০ বিপণীৰ সৈতে জন ঔষধি কেন্দ্ৰসমূহ বিশ্বৰ ভিতৰতে বৃহৎ খুচুৰা ফাৰ্মা শৃংখল হিচাপে বিবেচনা কৰা হয়৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৩৯০ কোটি টকাতকৈও অধিক পৰিমাণৰ ঔষধ বিক্ৰী হৈছিল আৰু সাধাৰণ জনতাৰ প্ৰায় ২২০০ কোটি টকা ৰাহি হৈছিল৷ এই আঁচনিয়ে স্ব-নিয়োজনৰ সৈতে বহনক্ষম তথা নিয়মীয়া উপাৰ্জনৰ এক সুন্দৰ মঞ্চ প্ৰদান কৰিছে৷

***

VRRK/AK/MANN



(Release ID: 1605912) Visitor Counter : 70