প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ বাবে ২১ শতিকাৰ এক ঐতিহাসিক সাফল্যত পৰিণত হ’ব গগণযান। - প্ৰধানমন্ত্ৰী
নতুন দশকৰ প্ৰথমটো মন কী বাত অনুষ্ঠানত আলোচনা কৰিলে এই অভিযানৰ বিষয়ে
प्रविष्टि तिथि:
26 JAN 2020 8:26PM by PIB Guwahati
নতুন দশকৰ প্ৰথমটো মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আলোচনা কৰিলে গগণযান মিছনৰ বিষয়ে।
তেওঁ কয় যে ২০২২ চনত ভাৰতে যিহেতু ইয়াৰ ৭৫ তম স্বাধীনতা দিৱস পালন কৰিব, গতিকে এই বৰ্ষটোতে ভাৰতে ‘গগণযান মিছনৰ জৰিয়তে মহাকাশলৈ এগৰাকী ভাৰতীয়ক প্ৰেৰণ কৰাৰ সংকল্প পূৰণ কৰিব লাগিব।
তেওঁ কয়, “২১ শতিকাত ভাৰতৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত গগণযান হ’ব এক ঐতিহাসিক সাফল্য। ই নৱ ভাৰতৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।”
গগণযান মিছনেৰে মহাকাশত প্ৰৱেশ কৰিবৰ বাবে বাচনিকৃত চাৰিগৰাকী ভাৰতীয় বায়ু সেনাৰ পাইলটক ৰাছিয়াত অনাগত প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে।
প্ৰধানমন্ত্ৰীয়ে কয়, “এই প্ৰতিশ্ৰুতিসম্পন্ন যুৱ পাইলটকেইগৰাকীয়ে ভাৰতৰ দক্ষতা, প্ৰতিভা, সাহস আৰু স্বপ্নক প্ৰতিনিধিত্ব কৰিছে। কিছুদিনৰ ভিতৰতে আমাৰ চাৰিগৰাকীকৈ বন্ধু প্ৰশিক্ষণৰ বাবে ৰাছিয়ালৈ যাব। মই নিশ্চিত যে এই পদক্ষেপে ভাৰত-ৰাছিয়াৰ মাজৰ বন্ধুত্ব আৰু সহযোগিতাৰ ক্ষেত্ৰত আন এক স্বৰ্ণিল অধ্যায়ৰ সূচনা কৰিব।”
প্ৰধানমন্ত্ৰীয়ে কয় যে এবছৰৰো অধিক সময় ধৰি তেওঁলোকে প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে দেশবাসীৰ আশা-আকাঙ্খা দায়বদ্ধতাৰে কান্ধ পাতি ল’ব পাৰিব আৰু মহাকাশত প্ৰৱেশ কৰিব।
তেওঁ কয়, “গণৰাজ্য দিৱসৰ এই পৱিত্ৰ মুহুৰ্ত্তত মই এই অভিযানৰ সৈতে জড়িত হৈ থকা সেই চাৰিগৰাকী যুৱ পাইলটৰ লগতে ভাৰতীয় আৰু ৰুছ বিজ্ঞানী তথা অভিযন্তাক অভিনন্দন জনাইছো।”
*****
VRRK/AKP/RD
(रिलीज़ आईडी: 1601084)
आगंतुक पटल : 198