কেবিনেট

ভাৰত আৰু মংগোলিয়াৰ মাজত শান্তিপূৰ্ণ তথা সভ্যতাকেন্দ্ৰিক উদ্দেশ্যত বহিঃ বিশ্বৰ অন্বেষণৰ বাবে সম্পন্ন হোৱা চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 08 JAN 2020 3:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু মংগোলিয়া গণৰাজ্যৰ মাজত শান্তিপূৰ্ণ তথা সভ্যতাকেন্দ্ৰিক উদ্দেশ্যত বহিঃ বিশ্বৰ অন্বেষণৰ বাবে হোৱা চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই চুক্তিপত্ৰ মংগোলিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰত ভ্ৰমণলৈ অহাৰ সময়ত ২০ ডিচেম্বৰ ২০১৯ তাৰিখে স্বাক্ষৰিত হৈছিল৷

বিৱৰণঃ

  • এই চুক্তিপত্ৰৰ জৰিয়তে মহাকাশ বিজ্ঞান, পৃথিৱীৰ ৰিমট ছেন্সিঙকে ধৰি প্ৰযুক্তি আৰু এপ্লিকেচন, উপগ্ৰহীয় যোগাযোগ আৰু নেভিগেচন, তাৰকামণ্ডলৰ সন্ধান, মহাকাশযানৰ ব্যৱহাৰ আদি বিষয়সমূহৰ অন্বেষণ সক্ষম কৰি তোলা হব৷
  • এই চুক্তিপত্ৰৰ জৰিয়তে ডিঅএছ/ইছৰতথা মংগোলিয়া চৰকাৰৰ যোগাযোগ আৰু তথ্য প্ৰযুক্তি প্ৰাধিকৰণৰ মাজত যুটীয়া কৰ্মদল স্থাপনৰ দ্বাৰা সময়ানুসাৰে কাৰ্যসূচীসমূহ প্ৰণয়ন-পৰিকল্পনা কৰিব পৰা যাব৷

বিত্তীয় প্ৰভাৱঃ

এই সহযোগিতামূলক কাৰ্যৰ বাবে প্ৰয়োজন হোৱা বিত্তৰ বাবে অংশগ্ৰহণকাৰীসকলৰ মাজত বিত্তৰ উপলব্ধতা অনুসৰি তথা বিষয়ভিত্তিত আলোতনামৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হব৷

লাভঃ

উক্ত কাৰ্যসূচীৰ জৰিয়তে মানৱতাৰ কল্যাণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হব৷ ফলত দেশৰ সকলো প্ৰান্তই উপকৃত হব৷

প্ৰভাৱঃ

স্বাক্ষৰিত চুক্তিপত্ৰখনৰ জৰিয়তে মহাকাশ গৱেষণাৰ নতুন সম্ভাৱনাৰ পথ মুকলি হব৷

পৃষ্ঠভূমিঃ

মহাকাশ বিভাগ আৰু মংগোলীয়ান আন্তঃগাঁথনি মন্ত্ৰালয়ে ২০০৪ চনৰ ১৫ জানুৱাৰীত ‘‘মহাকাশ বিজ্ঞান, প্ৰযুক্তি আৰু এপ্লিকেচন’’ শীৰ্ষক এক চুক্তিত স্বাক্ষৰ কৰিছিল৷ ৰাষ্ট্ৰদূত কাৰ্যালয়ে মংগোলিয়াৰ পৰা এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দলে ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণলৈ আহিব বুলি সদৰী কৰিছিল৷ ৰাষ্ট্ৰদূত কাৰ্যালয়ে ইছৰক এখন খচৰা চুক্তি প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছিল৷ এই পৰিপ্ৰেক্ষিতত মংগোলিয়ান পক্ষই চুক্তিপত্ৰখনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আৰু তাত স্বাক্ষৰ কৰে৷

 

 

*****

VRRK/SC/MANN



(Release ID: 1599111) Visitor Counter : 126