প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দিল্লীৰ অনাজ মাণ্ডিৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা সকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 08 DEC 2019 12:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাণী ঝান্সি ৰোডৰ অনাজ মাণ্ডিৰ অগ্নিকাণ্ডত প্ৰাণহানি হোৱা সকলৰ শোক প্ৰকাশ কৰিছে৷

এক শোক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “দিল্লীৰ ৰাণী ঝান্সি ৰোডত অনাজ মাণ্ডিত সু্ত্ৰপাত হোৱা অগ্নিকাণ্ড অতি ভয়ংকৰ৷ যিসকলে এই ঘটনাত তেওঁলোকৰ আত্মীয়সকলক হেৰুৱালে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছো৷ আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰিছো৷ দুর্ঘটনাস্থলীত চৰকাৰী কৰ্তৃপক্ষই সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে৷”

*****

VRRK/VJ/DB


(ৰিলিজ আই ডি : 1595833) অতিথি কক্ষ : 105