প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান

Posted On: 06 DEC 2019 12:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ১৭তম হিন্দুস্তান টাইমছ লীডাৰশ্বীপ সন্মিলনত ভাষণ প্ৰদান কৰে৷

সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাসৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অনুচ্ছেদ ৩৭০ৰ বিলোপনে জম্মু-কাশ্মীৰ আৰু লাডাখৰ জনতাক আশাৰ নতুন কিৰণ প্ৰদান কৰিছে৷ মুছলিম মহিলাসকলৰ তিনি তালাকৰ শংৰাৰ পৰা মুক্ত হৈছে৷ তাৰোপৰি তেওঁ দিল্লীৰ অস্বীকৃতিপ্ৰাপ্ত কলনীসমূহৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে ইয়াৰ জৰিয়তে ৪০লাখ লোক উপকৃত হব৷ প্ৰধানমন্ত্ৰীয়ে নতুন ভাৰতৰ উন্নত ভৱিষ্যতৰ বাবে তেনে ধৰণৰ বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এতিয়া স্বাস্থ্য, অনাময় আৰু আন্তঃগাঁথনি দিশত পিছপৰি ৰোৱা জিলাসমূহত মনোনিৱেশ কৰিছে৷ এই পৰিপ্ৰেক্ষিতত ১১২খন জিলাক প্ৰত্যাশী জিলা হিচাপে ঘোষণা কৰি বিকাশৰ প্ৰতিটো পেৰামিটাৰ পূৰণ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয়৷ তাৰোপৰি চৰকাৰে বাস্তৱিক সময়ত অপুষ্টি, বেংকিং সুবিধাৰ গ্ৰহণ, বীমা, বিদ্যুৎ আৰু অন্যান্য দিশসমূহৰ নিৰীক্ষণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷ এই ১১২খন জিলাৰ উন্নত ভৱিষ্যতে দেশৰ ভৱিষ্যতৰ উন্নতিও নিশ্চিত কৰিব বুলি তেওঁ মন্তব্য কৰে৷

জল জীৱন অভিযান সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ১৫ কোটি পৰিয়ালক পাইপযুক্ত পানী যোগানৰ সুবিধা প্ৰদান কৰিছে৷ ভাৰতক ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ দেশলৈ ৰূপান্তৰিত কৰা চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসাৰে এই লক্ষ্য প্ৰাপ্তিৰ দিশত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন অৰ্থনৈতিক সংশোধনী যেনে ঐতিহাসিক বেংক একত্ৰীকৰণ, শ্ৰম আইনৰ সংশোধনী, বেংকসমূহৰ পুনৰ মূলধনীকৰণ, ঔদ্যোগিক কৰ হ্ৰাস আদিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইজ অব্ ডুয়িং বিজনেছত ভাৰতৰ প্ৰদৰ্শনৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ভাৰতে যোৱা ৫ বছৰত ৭৯টা স্থানৰ উত্তৰণ ঘটাবলৈ সমৰ্থ হৈছে৷ তাৰোপৰি গৃহ নিৰ্মাণ প্ৰকল্পৰ বাবে ২৫০০০ কোটি টকাৰ বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ তেওঁ কয় যে চৰকাৰে ১০০ লাখ কোটি টকাৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম আৰম্ভ কৰিছে৷

ভ্ৰমণ আৰু পৰ্যটন প্ৰতিদ্বন্ধীতামূলত সূচাংকত ভাৰতৰ ৩৪ সংখ্যক স্থান প্ৰাপ্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ পৰ্যটনৰ জৰিয়তে কৰ্ম সংস্থাপন বৃদ্ধি হব বুলিও তেওঁ মন্তব্য কৰে৷ মানৱ সম্পদৰ পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে চৰকাৰে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ফলাফলভিত্তিক কাম কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত চৰকাৰৰ ৰোডমেপ ‘‘সঠিক মনোবাসনা, শ্ৰেষ্ঠ প্ৰযুক্তি আৰু ১৩০ কোটি ভাৰতীয়ৰ উন্নত ভৱিষ্যতৰ বাবে কাৰ্যকৰী প্ৰণয়ন’’ৰ বিষয়ে উল্লেখ কৰে৷

***

VRRK/KP/MANN



(Release ID: 1595828) Visitor Counter : 57