কেবিনেট

পঞ্চদশ বিত্ত আয়োগৰ কার্যকালৰ সময়সীমা বৃদ্ধিৰ লগতে বিত্ত আয়োগক দুখন প্ৰতিবেদন জমা দিয়াৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 27 NOV 2019 11:15AM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্রীয় কেবিনেট বৈঠকত পঞ্চদশ বিত্ত আয়োগৰ ২০২০-২১ বিত্তীয় বর্ষৰ প্ৰথম প্ৰতিবেদন জমা দিয়াৰ প্ৰস্তাৱত অনুমোদন জনাইছে। একেদৰে ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বর্ষলৈকে বিত্তীয় প্ৰতিবেদন দাখিলৰ বাবেও পঞ্চদশ বিত্ত আয়োগৰ কার্যকালৰ সময়সীমা ২০২০ চনৰ ৩০ অক্টোবৰলৈকে বৃদ্ধি কৰা হৈছে।

 

এই সময়সীমা বৃদ্ধিৰ ফলত আয়োগে ২০২০ৰ পৰা ২০২৬ বিত্তীয় বর্ষত আর্থিক সংস্কাৰ আৰু বাস্তৱ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন বিত্তীয় প্ৰকল্পৰ তুলনামূলক পৰীক্ষা-নিৰীক্ষা কৰি এই ক্ষেত্ৰত তেওঁলোকে চূড়ান্ত পৰামৰ্শ আগবঢ়াব৷

 

কেইখন ৰাজ্যত নির্বাচনী আদর্শ আচৰণবিধি বাহাল থকাৰ বাবে আয়োগৰ কাম-কাজৰ ওপৰত নিষেধাজ্ঞা আছিল। বৰ্তমান আয়োগৰ সেই ৰাজ্যসমূহৰ কাম-কাজৰ অন্ত পৰিছে। সেইবাবে ৰাজ্যসমূহৰ চাহিদা নির্ধাৰণৰ কামত বিলম্ব হৈছিল৷

 

আয়োগৰ এই প্ৰস্তাৱিত সময়সীমা বৃদ্ধিয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক মধ্যকালীন সম্পদৰ পৰিকল্পনাত সহায় কৰিব৷ ই চৰকাৰক যিকোনো দীৰ্ঘকালীন বা মধ্যকালীন প্ৰকল্পৰ পৰিকল্পনা কৰাৰ লগতে সেইবোৰৰ মূল্যায়ন তথা কোনো ধৰণৰ শুদ্ধৰণি কৰাৰ ক্ষেত্ৰত সহায় কৰিব৷ এইটো আশা কৰা হৈছে যে চলিত বিত্তীয় বৰ্ষত কৰা অৰ্থনৈতিক সংস্কাৰৰ প্ৰভাৱ ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথমাৱৰ্ধত পৰিব৷

*****

VRRK/SC/SH/DB


(रिलीज़ आईडी: 1594138) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Kannada , English , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Malayalam