প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অতি দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মর্যাদাপূৰ্ণ জীৱনযাপন সুনিশ্চিত কৰাই মোৰ লক্ষ্যঃ প্ৰধানমন্ত্রী
ভাৰতত যিবোৰ কাম আমি কৰি আছো, সেইবোৰে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক আৰু অধিক শক্তিশালী কৰিবঃ ৰিয়াধত ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰামত মূল ভাষণ আগবঢ়ায় প্ৰধানমন্ত্ৰীয়ে
Posted On:
29 OCT 2019 10:24PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱ সাম্ৰাজ্যৰ ৰিয়াধত ফিউচাৰ ইনভেষ্টমেণ্ট ইনিচিয়েটিভ ফ’ৰাম(এফআইআই)ত মূল ভাষণ আগবঢ়ায়৷
এই উপলক্ষে প্ৰধানমন্ত্রীয়ে কয় যে তেওঁৰ লক্ষ্য হ’ল অতি দৰিদ্ৰ লোকসকলৰ সবলীকৰণ আৰু তেওঁলোকৰ মর্যাদাপূৰ্ণ জীৱনযাপন সুনিশ্চিত কৰা। তেওঁ লগতে কয়, “মই সদায় এই কথা ভাবো যে ভাৰতে কিদৰে বিশ্বৰ কল্যাণত বৰঙণি আগবঢ়াব পাৰে।” প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতত যিবোৰ কাম আমি কৰি আছো, সেইবোৰে বিশ্বজুৰি গ্ৰহণ কৰা প্ৰচেষ্টাৱলীক আৰু অধিক শক্তিশালী কৰিব৷ উদাহৰণস্বৰূপে তেওঁ উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ পৰা যক্ষ্মা দূৰীকৰণৰ লক্ষ্য স্থিৰ কৰা হৈছে যদিও ভাৰতে ২০২৫ চনৰ ভিতৰতে এই ৰোগ চিৰকাললৈ নির্মূলকৰণৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছে৷ ভাৰতে এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিলেই বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহো স্বাস্থ্যকৰ হৈ উঠিব বুলি তেওঁ মত প্ৰকাশ কৰে৷
.
*******
VRRK/AK/DB
(Release ID: 1592333)
Visitor Counter : 127