প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাৰ্মানৰ চেঞ্চেলৰৰ সৈতে গান্ধী স্মৃতি দৰ্শন প্ৰধানমন্ত্ৰীৰ

Posted On: 01 NOV 2019 6:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানৰ চেঞ্চেলৰ ড০ এঞ্জেলা মাৰ্কেলৰ সৈতে নতুন দিল্লীস্থিত গান্ধী স্মৃতি দৰ্শন কৰে৷

প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত জাৰ্মানৰ চেঞ্চেলৰগৰাকীক সম্ভাষণ জনায়৷ পদ্ম ভূষণ শ্ৰী ৰাম ছুটাৰেই এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল৷

গান্ধী স্মৃতিৰ তাৎপৰ্য বৰ্ণনা কৰি প্ৰধানমন্ত্ৰীয়ে ড০ মাৰ্কেলক কয় যে এই স্থানতে মহাত্মা গান্ধীয়ে তেওঁৰ জীৱনৰ অন্তিম কেইটামান মাহ কটাইছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত ইয়াতে তেওঁৰ হত্যা হৈছিল৷

বিশ্ব নেতা দুগৰাকীয়ে ইয়াৰ পাছত সংগ্ৰহালয়টো দৰ্শন কৰে আৰু প্ৰখ্যাত শিল্পী শ্ৰী উপেন্দ্ৰ মহাৰথী আৰু শান্তিনিকেতনৰ শ্ৰী নন্দলাল বসুৰ ছাত্ৰ ইণ্ডো-হাংগাৰিয়ান চিত্ৰশিল্পী এলিজাবেথ ব্ৰুনাৰৰ ৰেখাচিত্ৰ আৰু চিত্ৰশিল্প প্ৰত্যক্ষ কৰে৷

ইয়াৰ পাছত নেতা দুগৰাকীয়ে সংগ্ৰহালয়ত থকা বিভিন্ন ডিজিটেল সামগ্ৰীসমূহ দৰ্শন কৰে৷ ইয়াৰ ভিতৰত অন্যতম হ’ল মহাত্মা গান্ধীৰ বিষয়ে এলবাৰ্ট আইনষ্টাইনে আগবঢ়োৱা মন্তব্যৰ অডিঅ’ আদি৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলে শ্বহীদ স্তম্ভত মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু পুষ্পাঞ্জলি অৰ্পন কৰে৷

*****

VRRK/KP/AK/MS



(Release ID: 1591526) Visitor Counter : 89