প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

Posted On: 03 NOV 2019 5:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত ৩৫সংখ্যক আছিয়ান সন্মিলন, ১৪সংখ্যক পূব এছিয়া সন্মিলন আৰু ১৬সংখ্যক ভাৰত-আছিয়ান সন্মিলনৰ আজৰি সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) প্ৰায়ুৎ চান-অ’-চাক সাক্ষাৎ কৰে৷

বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উন্নতি পৰ্যালোচনা কৰে আৰু মতপোষণ কৰে যে সময়ে সময়ে হৈ থকা উচ্চ পৰ্যায়ৰ বৈঠক আৰু বিভিন্ন পৰ্যায়ৰ মত-বিনিময়ে দেশ দুখনৰ সম্পৰ্কত ইতিবাচক প্ৰভাৱ পেলাইছে৷ প্ৰতিৰক্ষা উদ্যোগ ক্ষেত্ৰত সুযোগ সম্প্ৰসাৰিত কৰিবলৈ দুয়োখন ৰাষ্ট্ৰই সহমত প্ৰকাশ কৰে৷ যোৱা বছৰ দ্বিপাক্ষিক বাণিজ্যত হোৱা ২০% বৃদ্ধিক আদৰণি জনাই নেতা দুগৰাকীয়ে বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ পথ বিচাৰি ব্যৱসায়িক কৰ্মকৰ্তাসকলক আলোচনা কৰিবলৈ আহ্বান জনোৱাৰ সিদ্ধান্ত লয়৷

প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত যোগাযোগ ব্যৱস্থা বৃদ্ধিৰ উপায় সন্দৰ্ভতো আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজত বৃদ্ধি পোৱা বায়ু পথ যোগাযোগ ব্যৱস্থাক আদৰণি জনায়৷ বেংকক আৰু গুৱাহাটীৰ মাজত পোনপটীয়া বিমানৰ চলাচল আৰম্ভ হোৱাক লৈও তেওঁলোকে সন্তুষ্টি প্ৰকাশ কৰে৷ নেতা দুগৰাকীয়ে থাইলেণ্ডৰ ৰানং বন্দৰ আৰু ভাৰতৰ কলকাতা, চেন্নাই আৰু বিশাখাপট্টনমৰ মাজত সহযোগিতাৰ চুক্তি চূড়ান্ত কৰে৷

তেওঁলোকে পাৰস্পৰিক লাভালাভৰ সৈতে জড়িত আঞ্চলিক আৰু বহুপাক্ষিক বিষয় সন্দৰ্ভতো মতবিনিময় কৰে৷ আছিয়ান সম্পৰ্কীয় বৈঠকলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ আছিয়ান বৈঠকত অধ্যক্ষতা কৰাৰ বাবেও থাই প্ৰধানমন্ত্ৰীক মোদীয়ে অভিনন্দন জনায়৷

ভাৰত আৰু থাইলেণ্ড হ’ল ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কযুক্ত ঘনিষ্ঠ সামুদ্ৰিক চুবুৰীয়া দেশ৷ ভাৰতৰ এক্ট ইষ্ট পলিচীৰ সৈতে থাইলেণ্ডৰ ‘লুক ৱেষ্ট পলিচী’ৰ সাদৃশ্য আছে৷ ইয়ে দেশ দুখনৰ সম্পৰ্ক অধিক দৃঢ় আৰু মজবুত কৰে৷

****

VRRK/SH/MS



(Release ID: 1591413) Visitor Counter : 39