প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ম্যানমাৰৰ ষ্টেট কাউন্সিলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 03 NOV 2019 6:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পূবলৈ চোৱা নীতি আৰু চুবুৰীয়া প্ৰথম নীতিৰ সহযোগী হিচাপে ম্যানমাৰক সংলগ্ন কৰাৰ ওপৰত জোৰ দিয়ে৷ ম্যানমাৰলৈ আৰু ম্যানমাৰৰ মাজেৰে দক্ষিণ-পূব এছিয়ালৈ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত ভাৰকৰ দায়বদ্ধতাকো প্ৰধানমন্ত্ৰীয়ে উনুকিয়ায়৷ প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ম্যানমাৰৰ আৰক্ষী, সেনা আৰু অসামৰিক সেৱকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকৰ সক্ষমতা বৃদ্ধি কৰিবলৈ সহযোগিতা অব্যাহত ৰাখিব৷ বৈঠকত নেতা দুগৰাকীয়ে সন্মত হয় যে জনসাধাৰণৰ মাজত সংযোগ স্থাপনে দুয়ো ৰাষ্ট্ৰৰ সম্পৰ্কৰ ভেটি অধিক মজবুত কৰিব, সেয়ে ভাৰত আৰু ম্যানমাৰৰ মাজত উৰণ যোগাযোগ সম্প্ৰসাৰিত কৰাৰ প্ৰয়োজন আছে৷

ষ্টেট কাউন্সিলৰ ছ্যু কীয়ে কয় যে ভাৰতৰ সৈতে তেওঁৰ চৰকাৰৰ সম্পৰ্ক অত্যন্ত গুৰুত্বপূৰ্ণ৷ ম্যানমাৰত গণতন্ত্ৰ সম্প্ৰসাৰিত কৰা আৰু উন্নয়ন প্ৰক্ৰিয়া তৰান্বিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক সহযোগিতাকো তেওঁ প্ৰশংসা কৰে৷

নেতা দুগৰাকীয়ে সন্মতি প্ৰকাশ কৰে যে এক সুস্থিৰ আৰু শান্তিপূৰ্ণ সীমান্ত হ’ল আমাৰ সম্পৰ্ক সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ ভেটি৷ ভাৰত-ম্যানমাৰ সীমান্তত বিদ্ৰোহী সংগঠনে যাতে কাৰ্যকলাপ চলাব নোৱাৰে, তাৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে জোৰ দিয়ে৷

ভাৰতে ম্যানমাৰৰ ৰাখিন অঞ্চলত ২৫০টা আৱাসগৃহ পুনৰ নিৰ্মাণ কৰিবলৈ হাতত লোৱা প্ৰথমটো প্ৰকল্প সম্পূৰ্ণ হৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে ৰাজ্যখনত অধিক আৰ্থ-সামাজিক প্ৰকল্প ৰূপায়ন কৰিবলৈ সাজু আছে৷
নেতা দুগৰাকীয়ে অনাগত দিনতো উচ্চ পৰ্যায়ৰ মতবিনিময়ৰ আগ্ৰহ অটুট ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে৷

****

VRRK/SH/MS



(Release ID: 1591309) Visitor Counter : 58