কেবিনেট

স্থবিৰ হৈ থকা ব্যয়সাধ্য আৰু মধ্য আয়ৰ আবাসিক প্ৰকল্পসমূহলৈ পুঁজি যোগানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণত কেবিনেটৰ অনুমোদন

Posted On: 06 NOV 2019 8:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি স্থবিৰ হৈ থকা ব্যয়সাধ্য আৰু মধ্য আয়ৰ আবাসিক প্ৰকল্পসমূহৰ পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰাথমিকতাৰ আধাৰত ঋণ হিচাপে পুঁজি যোগানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ বা বিশেষ কোষ মুকলি কৰাৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰিছে।

এই কোষৰ উদ্দেশ্যৰ বাবে চৰকাৰে এক প্ৰযোজক হিচাপে কাম কৰিব আৰু চৰকাৰৰ দ্বাৰা প্ৰদান কৰা মুঠ ধনৰ পৰিমাণ হব ১০,০০০ কোটি টকা।

এই কোষ SEBI ৰ সৈতে পঞ্জীকৃত শ্ৰেণী-11 এআইএফ (বৈকল্পিক বিনিয়োগ কোষ) ঋণ কোষ হিচাপে মুকলি কৰা হব আৰু ইয়াক অতি পেছাদাৰী ৰূপত ব্যৱহাৰ কৰা হব।

এই বিশেষ উইণ্ডো অনুসৰি প্ৰথমে এআইএফৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে SBICAP ভেণ্ডৰ্ছ লিমিটেডে বিনিয়োগ প্ৰবন্ধক হিচাপে কাম কৰিব।

এই কোষ সেইসকল নিৰ্মাণকাৰীক সকাহ প্ৰদান কৰিব, যিসকলে ধনৰ অভাৱত নিজৰ আধৰুৱা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব পৰা নাছিল। ইয়াৰ ফলশ্ৰুতিত ঘৰ ক্ৰয় কৰিবলৈ বিচৰা লোকসকলৰো অভাৱ পূৰণ হব।

ৰিয়েল ইষ্টেট উদ্যোগ প্ৰত্যক্ষ-পৰোক্ষভাৱে আন আন ভালেমান উদ্যোগৰ সৈতে জড়িত হৈ আছে, আৰু এইবাবেই এই ক্ষেত্ৰখনৰ বিকাশৰ জৰিয়তে ভাৰতীয় অৰ্থব্যৱস্থাৰ অন্যান্য মুখ্য ক্ষেত্ৰসমূহত ব্যাপ্ত হৈ থকা জটিলতা আঁতৰ কৰাৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিব।

পটভুমি -

মাননীয় বিত্তমন্ত্ৰীয়ে বিগত ১৪ ছেপ্তেম্বৰ, ২০১৯ তাৰিখে ঘোষণা কৰিছে যে ব্যয়সাধ্য আৰু মধ্যআয়ৰ আবাসিক প্ৰকল্পসমূহৰ বাবে এক বিশেষ উইণ্ডো স্থাপন কৰা হ, যিয়ে সম্প্ৰতি বন্ধ বা স্থবিৰ হৈ থকা সকলোবোৰ আবাসিক প্ৰকল্পৰ বাবেই পুঁজি যোগান উপলব্ধ কৰাব।

ইয়াৰ ফলশ্ৰুতিত, আবাসিক বিত্ত প্ৰতিষ্ঠানসমূহ, বেংক, এনবিএফচি আৰু ৰিয়েল ইষ্টেট ডেভেলপাৰ্ছৰ লগতে আন্তঃমন্ত্ৰালয় পৰামৰ্শ আৰু অন্যান্য হিতকাৰী পৰামৰ্শ অনুষ্ঠানৰো আয়োজন কৰা হৈছেঘৰ ক্ৰেতা, নিৰ্মাণকাৰী, ভুপতি আৰু বিনিয়োগকাৰীৰ সমূখত আহিবলগীয়া বিভিন্ন সমস্যাৰো সমাধান এই বিশেষ উইণ্ডোৰ যোগেদি আনিবলৈ চেষ্টা কৰা হ’ব।

*****

VRRK/SC/SH/RD



(Release ID: 1591250) Visitor Counter : 142