প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৰিচাছৰ প্ৰধানমন্ত্ৰী জগনাথলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছামূলক ফোন কল

Posted On: 09 NOV 2019 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ কুমাৰ জগনাথক টেলিফোনৰ মাধ্যমেৰে শুভেচ্ছামূলক বাৰ্তা প্ৰেৰণ কৰে আৰু সদ্যসমাপ্ত নিৰ্বাচনত জয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মৰিচাছৰ জনসাধাৰণে তেওঁলোকৰ নেতা জগনাথৰ নেতৃত্বৰ ওপৰত আস্থা প্ৰকাশ কৰিছে৷ মৰিচাছ চৰকাৰৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ এয়া সমৰ্থন৷ পাৰস্পৰিক লাভালাভৰ বাবে দুয়োখন দেশৰ মাজত ঘনিষ্ঠ আৰু ব্যাপক সহযোগিতা ভাৰতে অব্যাহত ৰখাৰ ক্ষেত্ৰত ভাৰত দায়বব্ধ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰী জগনাথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে আৰু ভাৰতৰ সৈতে থকা বিশেষ ঘনিষ্ঠতাক আগুৱাই নিবলৈ আৰু দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ শেহতীয়াকৈ আপ্ৰাৱসী দিৱসত উত্তৰ প্ৰদেশৰ ৰাজ্যপালে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে মৰিচাছৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত চৰকাৰক লগতে ধন্যবাদ জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰী জগনাথে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি সুবিধা অনুযায়ী শীঘ্ৰে ভাৰত ভ্ৰমণৰ বাবে সন্মতি প্ৰকাশ কৰে৷

***

VRRK/KP/MS



(Release ID: 1591206) Visitor Counter : 64