প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বায়ু প্ৰদূষণৰ পৰিস্থিতি পৰ্যবেক্ষণ কেন্দ্ৰীয় কেবিনেট সচিবৰ

Posted On: 05 NOV 2019 7:58PM by PIB Guwahati

কেন্দ্ৰীয় কেবিনেট সচিবে আজি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল(এনচিআৰ)ত বায়ু প্ৰদূষণ ৰোধৰ বাবে হাতত লোৱা ব্যৱস্থাৰ পৰ্যালোচনা কৰে৷

এই পৰ্যালোচনাত পোহৰলৈ আহে যে পঞ্জাব আৰু হাৰিয়ানাৰ শস্য পথাৰত এতিয়াও নড়া জ্বলোৱা কাৰ্য অব্যাহত আছে আৰু এই ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে৷

এই ৰাজ্যসমূহক এতিয়া নিৰ্দেশ দিয়া হৈছে যে শস্য পথাৰত নড়া জ্বলোৱা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ অধিক পৰ্যবেক্ষকৰ দল নিয়োগ কৰা উচিত আৰু উলংঘাকাৰীৰ বিৰুদ্ধে উচিত শাস্তি আৰোপ কৰাৰ প্ৰয়োজন আছে৷

ৰাজধানী চহৰৰ পৰিস্থিতিক লৈও পৰ্যালোচনা কৰা হয়, য’ত বিভিন্ন সংস্থাই সমন্বয়েৰে কাম কৰি আছে৷ এয়া অনুভৱ কৰা হৈছে যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টাসমূহত ক্ষিপ্ৰতা অনাৰ প্ৰয়োজন আছে৷

ভৱিষ্যতলৈ যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ ৰাজ্যসমূহকো নিৰ্দেশ দিয়া হৈছে৷

******

VRRK/KP/MS



(Release ID: 1590601) Visitor Counter : 60