প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Posted On: 04 NOV 2019 6:43PM by PIB Guwahati

. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলন ২০১৯ৰ পাৰ্শ্বৱৰ্তী সময়ত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুকৰ সৈতে বৈঠকত মিলিত হয়৷

. দুয়োগৰাকী নেতা দেশদুখনৰ মাজত ঐতিহাসিক সম্পৰ্কৰ কথা উল্লেখ কৰি আঞ্চলিক আৰু আন্তৰ্জাতিক পৰ্যায়ত সহযোগিতা বৃদ্ধিৰ বাবে সহমত পোষণ কৰে৷

. শেহতীয়াকৈ অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ বৈঠকত দুয়োখন দেশে বিভিন্ন ক্ষেত্ৰত প্ৰদৰ্শন কৰা সহযোগিতাৰ বিষয়েও বৈঠকখনত আলোকপাত কৰা হয়৷

. প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সম্পৰ্ক বৃদ্ধি কৰাৰ বিষয়ে সহমত প্ৰকাশ কৰি দুয়ো পক্ষই সাগৰীয় অঞ্চলতো সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদীৰ মোকাবিলাৰ বাবে সহযোগিতা প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে৷

. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে শান্তি, সুৰক্ষা, স্থিৰতা আৰু উন্নতি বাহাল ৰখাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত মুক্ত, স্বচ্ছ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে৷

. প্ৰধানমন্ত্ৰী মোদীয়ে আগন্তুক ২০২০ৰ আছিয়ানত অধ্যক্ষতাৰ পদত আসীন হবলগীয়া ভিয়েটনামৰ সহযোগিতাত কাম কৰিব বুলি প্ৰকাশ কৰিছে৷

*****

VRRK/SH/MANN



(Release ID: 1590555) Visitor Counter : 105