কেবিনেট


বিএছএনএল আৰু এমটিএনএলক একত্ৰীকৰণেৰে দুয়োটা প্ৰতিষ্ঠানক পুনৰুজ্জীৱিতকৰণৰ পৰিকল্পনাত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দীৰ্ঘম্যাদী বণ্ডৰ সহায়ত ১,৫০০০ কোটি টকা আহৰণৰ নীতিৰ ভিত্তিত ২০,০০০তকৈ অধিক সাৰ্বভৌম গ্যাৰাণ্টিৰ জৰিয়তে মুলধন সংগ্ৰহ কৰি ৰাজহুৱা খণ্ডৰ টেলিকম প্ৰতিষ্ঠানক ৪জি স্পেকট্ৰাম আবণ্টন কৰা হ’ব


Posted On: 23 OCT 2019 4:58PM by PIB Guwahati

কেন্দ্রীয় কেবিনেটে আজি -জি স্পেকট্রাম আবণ্টন, চৰকাৰী বণ্ডৰ জৰিয়তে পুঁজি সংগ্ৰহ, কর্মচাৰীৰ ব্যয় হ্রাস, বিভিন্ন সম্পত্তি বিক্রী আৰু নীতিগতভাবে বিএছএনএল আৰু এমটিএনএলৰ একত্ৰীকৰণৰ জৰিয়তে এই প্ৰতিষ্ঠান দুটাৰ পুনৰুজ্জীৱিতকৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে৷

নিম্নোলিখিত সিদ্ধান্ত কেইটাত কেবিনেটে অনুমোদন জনাইছেঃ-

. বিএছএনএল আৰু এমটিএনএলএই দুয়োটা ৰাষ্ট্রীয়কৃত প্ৰতিষ্ঠানক ব্ৰডবেণ্ডকে ধৰি অন্যান্য ডেটা সেৱাৰ ক্ষেত্রত -জি স্পেকট্রাম আবণ্টনৰ বাবে চৰকাৰে ২০,১৪০ কোটি টকা অতিৰিক্ত যোগান ধৰা হব৷ এই স্পেকট্রাম ক্ৰয়ৰ সময়ত ,৬৭৪ কোটি টকা জিএছটিৰ বাবদ যি ধন ব্যয় , সেয়া চৰকাৰে বাজেটীয় আবণ্টনৰ জৰিয়তে বহন কৰিব৷ এই স্পেকট্রাম আবণ্টনৰ জৰিয়তে বিএছএনএল আৰু এমটিএনএলে বজাৰত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে গ্রামাঞ্চলকে ধৰি বিস্তীর্ণ এলেকাত গ্রাহকৰ উচ্চ গতিসম্পন্ন ডেটা সেৱা প্ৰদান কৰিবলৈ সক্ষম ব৷

. ঋণ পৰিশোধৰ বাবে তথা কাপেক্স, পেক্সকে ধৰি অন্যান্য আন্তঃগাঁথনি সৃষ্টিৰে বজাৰৰ পৰা ভাৰত চৰকাৰে বণ্ডৰ মাধ্যমেৰে দীর্ঘম্যাদী ১৫ হাজাৰ কোটি টকা সংগ্ৰহ কৰিব৷

.  বিএছএনএল আৰু এমটিএনএলত কৰ্মৰত যিসকল কর্মীৰ বয়স ৫০ বা ততোধিক তেওঁলোকৰ বাবে স্বেচ্ছামূলক অৱসৰ আঁচনি প্ৰৱৰ্তন কৰা ব৷ চৰকাৰে ইয়াৰ বাবে অতিৰিক্ত ১৭,১৬৯ কোটি টকা আবণ্টন কৰিছে৷  ভাৰত চৰকাৰে পেন্সন, গ্ৰেছুইটি তথা অন্যান্য যাৱতীয় ব্যয় বহন কৰিব৷ আঁচনিখনৰ সবিশেষ বিএছএনএল আৰু এমটিএনএলে চূড়ান্ত কৰিব৷

 

বিএছএনএল আৰু এমটিএনএলৰ ঋণ পৰিশোধ আৰু সেৱাৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে সম্পত্তি বিক্রী কৰিব পাৰিব৷

 

. তদুপৰি, এই দুয়োটা প্ৰতিষ্ঠানৰ একত্ৰীকৰণৰ ক্ষেত্ৰত কেবিনেটে নীতিগতভাবে সন্মতি জনাইছে৷

বিএছএনএল আৰু এমটিএনএলৰ পুনৰুজ্জীৱিতকৰণৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ ফলত গ্রামীণ এলেকাসহ সমগ্ৰ দেশত এই প্ৰতিষ্ঠান দুটাই গ্রাহকৰ বাবে বিশ্বাসযোগ্য আৰু উন্নত সেৱা প্ৰদান কৰিবলৈ সক্ষম ব বুলি আশা কৰা হৈছে৷

*****

VRRRK/SC/SH/DB



(Release ID: 1588993) Visitor Counter : 231