প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-চীনৰ মাজৰ দ্বিতীয়খন অনানুষ্ঠানিক সন্মিলন

Posted On: 12 OCT 2019 4:13PM by PIB Guwahati

. ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু চীনা ৰাষ্ট্ৰপতি শ্ৰী ঝি জিনপিং-এ ১১ আৰু ১২ অক্টোবৰ, ২০১৯ তাৰিখে ভাৰতৰ চেন্নাইত দ্বিতীয়খন অনানুষ্ঠানিক সন্মিনলত মিলিত হয়।

. দুয়োগৰাকী নেতাই এক বন্ধুত্বপূৰ্ণ পৰিৱেশত বিশ্বস্তৰীয় আৰু আঞ্চলিক প্ৰেক্ষাপটত সামগ্ৰিক, দীৰ্ঘকালীন আৰু গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত বিভিন্ন মত আদান প্ৰদান কৰে।

. ৰাষ্ট্ৰীয় বিকাশ সন্দৰ্ভতো নিজ নিজ দৃষ্টিভঙ্গী উপস্থাপন কৰে।

. তেওঁলোকে যোগাত্মক দৃষ্টিভঙ্গীৰে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ মূল্যাঙ্কন কৰে আৰু বৈশ্বিক মঞ্চত দুয়োখন দেশৰে বৃদ্ধি পোৱা ভুমিকা প্ৰতিফলিত কৰিবলৈ ভাৰত-চীন দ্বিপাক্ষিক বৈঠকক কেনেদৰে দৃঢ়তা আৰু গভীৰতা প্ৰদান কৰিব পাৰি সেই সম্পৰ্কেও দুয়োগৰাকী ৰাষ্ট্ৰনেতাই আলোচনা কৰে।

. দুয়োগৰাকী নেতাই এই আলোচনাত মিলিত হয় যে আন্তঃৰাষ্ট্ৰীয় পৰিপ্ৰেক্ষিতত ভালেমান নতুন বিষয়ৰ উল্লেখনীয় উত্তৰণ দেখিবলৈ পোৱা গৈছে। তেওঁলোক একমত যে ভাৰত আৰু চীনে এক শান্তিপূৰ্ণ, সুৰক্ষিত আৰু সমৃদ্ধ বিশ্বৰ স্বাৰ্থত একেলগে কাম কৰাৰ মহৎ উদ্দেশ্য পূৰ্ণ কৰিবলৈ আগবাঢ়ি আহিব, য’ত সকলোবোৰ দেশেই আইনৰ গণ্ডীত থাকিয়েই এক আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ অধীনত নিজ নিজ বিকাশক আগুৱাই লৈ যাবলৈ সক্ষম হ’ব।

6. তেওঁলোকে এপ্ৰিল ২০১৮ ত চীনৰ বুহানত আয়োজিত প্ৰথমখন অনানুষ্ঠানিক সন্মিলনৰ সময়তেই সহমত প্ৰকাশ কৰিছিল যে সাম্প্ৰতিক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰত আৰু চীন বিশ্বৰ স্থিৰতাৰ অন্যতম কাৰক আৰু দুয়োখন দেশে নিজ নিজ মতভেদক বিবেকপূৰ্ণ ব্যৱস্থাপনা প্ৰদান কৰিব আৰু যিকোনো বিষয়তে হোৱা মতানৈক্যক বিবাদলৈ ৰূপান্তৰ হ’বলৈ দিয়া নহ’ব।

7. দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰিছে যে আইন আধাৰিত আৰু সমাৱেশী আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা সংৰক্ষিত কৰিবলৈ আৰু ইয়াক আগুৱাই লৈ যাবলৈ ভাৰত আৰু চীন সমানেই ইচ্ছুক। ইয়াত সন্নিৱিষ্ট হৈ আছে ২১ শতিকাৰ নৱ-বাস্তৱিকতাক প্ৰতিফলিত কৰিব পৰা বিভিন্ন সংশোধনী। দুয়োগৰাকী নেতাই এই কথাটো সন্মতি প্ৰকাশ কৰিছে যে এনে সময়ত আইন আধাৰিত বহুপক্ষীয় বাণিজ্য ব্যৱস্থাৰ সমৰ্থন কৰা আৰু ইয়াক শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ, যেতিয়া বৈশ্বিক ভিত্তিত সহমত সাপেক্ষ বাণিজ্য প্ৰথাৰ বাবে একত্ৰিত হৈ কাম অব্যাহত ৰখা হ’ব, যাৰ ফলশ্ৰুতিত দুয়োখন দেশেই লাভৱান্বিত হ’ব।

8. দুয়োগৰাকী নেতাই জলবায়ু পৰিৱৰ্তন আৰু আন্তঃগাঁথনি বিকাশৰ লক্ষ্যৰ সৈতে বৈশ্বিক বিকাশাত্মক প্ৰত্যাহ্বানবোৰৰ পৰা ৰক্ষা পাবৰ বাবে নিজ নিজ দেশত চলি থকা গুৰুত্বপূৰ্ণ প্ৰয়াসবোৰৰ কথাতো আলোকপাত কৰে। তেওঁলোকে এই কথাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি কয় যে এনেবোৰ ক্ষেত্ৰত তেওঁলোকৰ ব্যক্তিগত প্ৰয়াসে আন্তঃৰাষ্ট্ৰীয় সমুদায়ক লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব।

9. দুয়োগৰাকী নেতাই চিন্তা ব্যক্ত কৰে যে সন্ত্ৰাসবাদ সকলোৰে বাবেই এক জটিল আৰু উমৈহতীয়া বিপদত পৰিলণত হৈছে। দুখন বৃহৎ তথা বৈচিত্ৰতাপূৰ্ণ দেশ হিচাপে দুয়োগৰাকী ৰাষ্ট্ৰনেতাই স্বীকাৰ কৰে যে আন্তঃৰাষ্ট্ৰীয় সমুদায়ে ভেদভাৱবিহীনভাৱেই বিশ্বত চলি থকা সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ, অৰ্থ যোগান আৰু সমৰ্থনৰ বিৰুদ্ধে একগোট হোৱাৰ ব্যাপক প্ৰয়োজনীয়তা আছে।

10. মহান পৰম্পৰাৰে সৈতে আৰু সমকালীন গুৰুত্বপূৰ্ণ সভ্যতাৰ ৰূপত দুয়োগৰাকী নেতাই সহমত পোষণ কৰে যে দুয়োখন দেশৰ নাগৰিকৰ মাজত সাংস্কৃতিক বিনিময় হোৱাৰ লগতে ধাৰাবাহিকভাৱে মত বিনিময় কৰাৰ প্ৰয়োজনীয়তা আছে। দুয়োগৰাকী নেতাই সহমত পোষণ কৰিছে যে ইতিহাসৰ দুটা মুখ্য সভ্যতাৰ ভেটি বহন কৰি থকা দেশ হিচাপেই এই দুখন দেশে বিশ্বৰ অন্যান্য প্ৰান্তত সংস্কৃতি আৰু সভ্যতাৰ মাজত বিনিময়ৰ ক্ষেত্ৰত যথেষ্ট উ্ন্নত মানৰ কাম কৰিব পাৰে।

11. তেওঁলোকে সহমত পোষণ কৰে যে এই ক্ষেত্ৰত সমৃদ্ধ আৰু স্থিৰতা সুনিশ্চিত কৰিবৰ বাবে এক মুক্ত, সমাৱেশী আৰু সুস্থিৰ বাতাবৰণ থকাটো অতি জৰুৰী। তেওঁলোকে পাৰস্পৰিক ৰূপত  লাভজনক আৰু ভাৰসাম্যজনিত ক্ষেত্ৰীয় ব্যাপক আৰ্থিক সহযোগিতাৰ বাবে আলোচনা কৰাটো অতি জৰুৰী বুলিও সহমত পোষণ কৰে।

12. দুয়োগৰাকী নেতাই বিগত দুটা শতিকাত ভাৰত আৰু চীনৰ মাজত গুৰুত্বপূৰ্ণ সামূদ্ৰিক সম্পৰ্কৰ উপৰিও পুৰণি বাণিজ্যিক সম্পৰ্ক আৰু নাগৰিক সমাজৰ মাজৰ বিভিন্ন সম্পৰ্ক স্থাপন সন্দৰ্ভতো বিস্তাৰিতভাৱে আলোচনা কৰে। এই সম্পৰ্কে দুয়োগৰাকী নেতাই তামিলনাডু আৰু ফুজিয়ান প্ৰান্তৰ মাজত ‘ছিষ্টাৰ-ষ্টেট’ সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰতো সহমত পোষণ কৰে। তেওঁলোকে অজন্তা আৰু দুনহুৱাংৰ অভিজ্ঞতাৰ ভিত্তিত মহাবলীপুৰম আৰু ফুজিয়ান প্ৰান্তৰ মাজত সম্পৰ্ক অধ্যয়ণ কৰিবৰ বাবে এক একাডেমীও স্থাপন কৰাৰ সম্ভাৱনীয়তা বিচাৰ কৰাৰ বিষয়ে আলোচনা কৰে। শতিকা পুৰণি আমাৰ ব্যাপক সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ মাজত সামূদ্ৰিক সম্পৰ্ক অনুসন্ধান কৰাৰ বিষয়েও দুয়োগৰাকী ৰাষ্ট্ৰনেতাই আলোচনা কৰে।

13. দুয়োগৰাকী নেতাই নিজ নিজ অৰ্থ ব্যৱস্থাৰ বিকাশৰ লক্ষ্যত পাৰস্পৰিক দৃষ্টিভঙ্গীবোৰৰ আলোচনা কৰে। তেওঁলোকে সহমত পোষণ কৰে যে ভাৰত আৰু চীনৰ সমান্তৰাল বিকাশে পাৰস্পৰিক ৰূপতেই দুয়োখন দেশৰ বাবে লাভজনক বিবেচিত হ’ব। দুয়োপক্ষই নিজৰ মিত্ৰতা আৰু সহযোগৰ অনুৰূপে পৰস্পৰে পৰস্পৰৰ নীতি আৰু কাৰ্যপন্থাক উদগনি যোগাব আৰু এক যোগাত্মক, ব্যৱহাৰিক আৰু মুক্ত দৃষ্টিভঙ্গীৰে পালন কৰিব। এই সংক্ৰান্ততে তেওঁলোকে পাৰস্পৰিক হিতাৰ্থে  সকলো বিষয়তে আলোচনা জাৰি ৰাখিব আৰু সংবাদমেলৰ পূৰ্ণ ব্যৱহাৰ অক্ষুণ্ণ ৰাখি উচ্চস্তৰীয় আদান-প্ৰদান অব্যাহত ৰখাৰ বাবেও দুয়ো সহমত পোষণ কৰে।

14. দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰিছে যে যোগাত্মক দৃষ্টিভঙ্গীয়ে দ্বিপাক্ষিক সম্পৰ্কক এক নতুন উচ্চতা প্ৰদান কৰাৰ বাবে এক শক্তিশালী ভেটি সৃষ্টি কৰিছে। তেওঁলোকে এই কথাটোতো সহমত প্ৰকাশ কৰিছে যে এই প্ৰয়াসক দুয়োখন দেশৰে শক্তিশালী জন সমৰ্থনৰো প্ৰয়োজন আছে। এই সন্দৰ্ভত দুয়োগৰাকী নেতাই ২০২০ চনক ভাৰত-চীন সাংস্কৃতিক আৰু দুয়ো দেশৰ লোকৰ মাজৰ মত-বিনিময়ৰ বৰ্ষ হিচাপে ৰূপ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথাটো সহমত প্ৰকাশ কৰিছে যে যিহেতু ২০২০ চনত ভাৰত-চীনৰ সম্পৰ্ক আৰম্ভ হোৱাৰ ৭০ বছৰ পূৰ্ণ হ’ব, গতিকে এই সময়খিনিতেই দুয়োখন দেশৰ ৰাজনৈতিক দলবোৰৰ, সাংস্কৃতিক আৰু যুৱ সংগঠনবোৰৰ আৰু সেনাৰ মাজত সকলো স্তৰৰ বিনিময় শক্তিশালী কৰিবৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা প্ৰয়োগ কৰা হ’ব। ৰাজনৈতিক সম্বন্ধৰ ৭০ তম বৰ্ষপূৰ্তি পালন কৰিবলৈ দুয়োখন দেশে ৭০ টা কাৰ্যসূচীৰ আয়োজন কৰিব, য’ত জাহাজ যাত্ৰাত এক সন্মিলনৰো আয়োজন কৰা হ’ব, যিটো দুয়োখন দেশৰ সভ্যতাৰ মাজৰ ঐতিহাসিক সম্বন্ধৰ ভেটিত কেন্দ্ৰীভূত হ’ব।

15. আৰ্থিক সহযোগক আৰু অধিক উন্নত কৰিবলৈ আৰু বিকাশৰ বাবে ঘনিষ্ঠ সম্পৰ্কক আৰু নিবিড় কৰি তুলিবলৈ নিজ নিজ প্ৰয়াসেৰে দুয়োগৰাকী নেতাই বেপাৰ-বাণিজ্যিৰ সম্পৰ্কক উন্নত কৰাৰ উদ্দেশ্যেৰে এক উচ্চ-স্তৰীয় অৰ্থনৈতিক আৰু বাণিজ্য সন্মিলন স্থাপন কৰাৰ বাবেও দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰিছে। তাৰ লগতে তেওঁলোকে দুয়োখন দেশৰ মাজৰ বাণিজ্য উন্নত ধৰণে সন্তুলিত কৰাৰ ক্ষেত্ৰতো সহমত প্ৰকাশ কৰে। তেওঁলোকে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত অংশীদাৰীত্বৰ বিকাশৰ মাধ্যমেৰে চিহ্নিত কৰা বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক বিনিয়োগক প্ৰোৎসাহিত কৰিবৰ বাবে সহমত প্ৰকাশ কৰিছে আৰু নিজ নিজ দেশৰ শীৰ্ষপৰ্যায়ৰ বিষয়াসকলক উচ্চস্তৰীয় আৰ্থিক আৰু বাণিজ্য বাৰ্তাৰ প্ৰথমখন বৈঠকত এইবোৰ বিষয় সন্নিৱিষ্ট কৰাৰ নিৰ্দেশ জাৰি কৰিছে।

16. দুয়োগৰাকী নেতাই  সীমা সম্বন্ধীয় বিষয়সমূহৰ উপৰিও অন্যান্য বিষয়ৰ ওপৰতো ভালেসময় আলোচনা কৰে। তেওঁলোকে বিশেষ প্ৰতিনিধিসকলৰ কামক উচ্চ প্ৰসংশা কৰে আৰু তেওঁলোকক আহ্বান জনায় যে তেওঁলোকে যেন ২০০৫ চনত দুয়োখন দেশৰ দ্বাৰা একমতত উপনীত হোৱা ৰাজনৈতিক মানদণ্ড আৰু মাৰ্গদৰ্শনকাৰী সিদ্ধান্তৰ আধাৰত এক উচিত আৰু পাৰস্পৰিক ৰূপেৰে স্বীকাৰ্য সমাধান বিচাৰি উলিয়াবৰ বাবে তেওঁলোকে যেন প্ৰয়াস অব্যাহত ৰাখে। তেওঁলোকে লগতে কয় যে সীমান্তৱৰ্তী ক্ষেত্ৰত শান্তি সুনিশ্চিত কৰিবৰ বাবে তেওঁলোকৰ প্ৰয়াস অব্যাহত থাকিব আৰু এই উদ্দেশ্যেৰে অতিৰিক্ত বিশ্বাস বাহাল ৰাখিবৰ বাবে দুয়োপক্ষই কাম অব্যাহত ৰাখিব।

17. প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ঝি জিনপিং-এ এক যোগাত্মক দৃষ্টিভঙ্গীৰে এই অনানুষ্ঠানিক বৈঠকত মিলিত হৈছিল। তেওঁলোকে কয় যে ‘বুহাম স্প্ৰিট’ আৰু ‘চেন্নাই কানেক্ট’ৰ সৈতে নেতাসকলৰ স্তৰত পাৰস্পৰিক বুজাবুজি উন্নত কৰিবৰ বাবে ইয়াতকৈ আৰু অনবদ্য সুযোগ কি হ’ব পাৰে? তেওঁলোকে এই পৰম্পৰা ভৱিষ্যতেও অটুট ৰখাৰ পোষকতা কৰে। ৰাষ্ট্ৰপতি ঝিয়ে দুয়োখন দেশৰ মাজৰ তৃতীয়খন অনানুষ্ঠানিক বৈঠকৰ বাবে প্ৰধানমন্ত্ৰী মোদীক চীনলৈ আমন্ত্ৰণো জনায়প্ৰধানমন্ত্ৰী মোদীয়েও এই আমন্ত্ৰণ স্বীকাৰ কৰে।

***

VRRK/AK/RD



(Release ID: 1588790) Visitor Counter : 496