প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশনৰ সমান্তৰালভাৱে এষ্ট’নিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্রীৰ বৈঠক

Posted On: 26 SEP 2019 6:30AM by PIB Guwahati

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৪তম অধিৱেশনৰ সমান্তৰালভাৱে প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে এষ্টনিয়াৰ ৰাষ্ট্ৰপতি কেৰ্ষ্টী কালজুলেইডেৰ সৈতে বৈঠকত মিলিত হয়৷ দুয়োগৰাকী নেতাই যোৱা আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতি শ্রী এম. ভেংকায়া নাইডুৰ এষ্টনিয়া ভ্ৰমণৰ পাছত দ্বিপাক্ষিক সম্পর্কৰ বিভিন্ন দিশক লৈ বিস্তাৰিতভাৱে আলোচনাত কৰে৷

 

-গভৰ্নেন্স, চাইবাৰ নিৰাপত্তা, উদ্ভাৱনী ক্ষেত্রত পাৰস্পৰিক সহযোগিতা আৰু অধিক গভীৰ কৰাৰ বিভিন্ন পদক্ষেপ গ্ৰহণৰ বিষয়ে তেওঁলোকে আলোচনা কৰে৷ ২০২১২২ চনত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অস্থায়ী সদস্য পদৰ প্ৰস্তাৱত এষ্টনিয়াৰ সমৰ্থনৰ বাবে প্ৰধানমন্ত্রীয়ে তেওঁক ধন্যবাদ জনায়৷ বৈঠকত পাৰস্পরিক সহযোগিতা বৃদ্ধিৰ বিভিন্ন সুযোগ-সুবিধাক লৈ আলোচনা হয়৷ ইয়াৰ ফলত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু অধিক নিবিড় ব৷

***

VRRK/AK/DB



(Release ID: 1586647) Visitor Counter : 70