প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন প্ৰধানমন্ত্ৰীৰ

Posted On: 27 SEP 2019 9:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিউয়ৰ্কত আজি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৭৪সংখ্যক অধিৱেশন সম্বোধন কৰে৷

মহাত্মা গান্ধীক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীৰ সত্য আৰু অহংসাৰ বাণী বিশ্বৰ শান্তি আৰু প্ৰগতিৰ বাবে আজিও প্ৰাসংগিক৷

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে হাতত লোৱা স্বচ্ছ ভাৰত, আয়ুস্মান ভাৰত, জন ধন যোজনা আৰু আধাৰৰ দৰে পৰিৱৰ্তনকামী পদক্ষেপসমূহৰ কথা উপস্থাপন কৰে৷ তেওঁ উল্লেখ কৰে যে ভাৰতবৰ্ষই যেতিয়া এইধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল, ই সমগ্ৰ বিশ্বত আশা জাগ্ৰত কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জনক লৈ ভাৰতবৰ্ষৰ দৃঢ়বদ্ধতাৰ কথা পুনৰ এবাৰ উল্লেখ কৰে৷ তেওঁ লগতে কয় যে, অনাগত পাঁচ বছৰত দেশৰ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী, প্ৰতিটো পৰিয়ালক এটাকৈ আৱাসগৃহৰ সুবিধা আগবঢ়োৱাৰ লগতে দেশৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰিবলৈ চৰকাৰ সংকল্পবদ্ধ৷  

ভাৰতীয় সংস্কৃতিৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজহুৱা কল্যাণ আমাৰ সংস্কৃতিৰ নীতি৷  জনসাধাৰণৰ অংশগ্ৰহণৰ মাধ্যমেৰে ৰাজহুৱা কল্যাণ এইখন চৰকাৰৰ মন্ত্ৰ৷

১৩০কোটি ভাৰতীয়ৰ স্বপ্ন পূৰণ কৰিবলৈ চৰকাৰে চলাই থকা প্ৰচেষ্টাই সমগ্ৰ বিশ্বকে উপকৃত কৰিব৷ আমি কেৱল মাথো আমাৰ দেশৰ লোকৰ কল্যাণৰ বাবে কাম কৰি থকা নাই৷ বৰং সমগ্ৰ দেশৰ কল্যাণৰ বাবে কাম কৰি আছো৷ সেইবাবেই আমাৰ চৰকাৰৰ মূলমন্ত্ৰ হ’ল—সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’—প্ৰধানমন্ত্ৰীয়ে কয়৷

সন্ত্ৰাসবাদক বিশ্বৰ সৰ্ববৃহৎ ভাবুকি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে সকলো ৰাষ্ট্ৰক মানৱতাৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ ভাৰতবৰ্ষ এনে এখন দেশ, যিয়ে কেতিয়াও প্ৰথমে যুদ্ধ কৰা নাই, বৰং বুদ্ধৰ শান্তিৰ বাণী বিশ্বত বিয়পাইছে৷''—প্ৰধানমন্ত্ৰীয়ে কয়৷ ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানত ভাৰতৰ অৱদানৰ বিষয়েও তেওঁ লগতে উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় সমূদায়ক আহ্বান জনাই যে সকলোৱে মিলি বহুপক্ষীয়তাবাদক এক নতুন দিশ প্ৰদান কৰা উচিত৷ তেওঁ কয় যে সমগ্ৰ বিশ্ব এতিয়া এক নতুন যুগৰ দিশে অগ্ৰসৰ হৈছে৷ নিজৰ চাৰিসীমাৰ ভিতৰত নিজকে সীমাৱদ্ধ কৰি ৰাখিবলৈ দেশসমূহৰ কোনো উপায় নাই৷বিভক্ত বিশ্ব এখন কোনেও নিবিচাৰে৷ আমি বহুপক্ষীয়তাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘত সংস্কাৰ সাধন কৰিব লাগিব৷,”—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ তৰফৰ পৰা বিশ্বলৈ বাৰ্তা হ’ল—শান্তি আৰু সম্প্ৰীতি৷

গোলকীয় উষ্ণতা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে জনমূৰি নিৰ্গমনৰ হিচাপত গোলকীয় উষ্ণতাৰ প্ৰতি ভাৰতৰ অৱদান যথেষ্ট নিম্ন যদিও ইয়াক প্ৰত্যুত্তৰ আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতে সদায় অগ্ৰণী ভূমিকা লৈ আহিছে৷ এই প্ৰসংগত তেওঁ জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ৪৫০ গিগাৱাট পুনৰ নৱীকৰণযোগ্য শক্তি অৰ্জনৰ লক্ষ্য আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে পদক্ষেপৰ কথা বিস্তৃতভাৱে বৰ্ণনা কৰে৷

***

VRRK/AK/MS



(Release ID: 1586643) Visitor Counter : 87