প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নিউয়ৰ্কত ‘ব্লুমবাৰ্গ গ্লোবেল বিজনেছ ফ’ৰাম’ৰ সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ মূল ভাষণৰ অসমীয়াঅনুবাদ
Posted On:
25 SEP 2019 7:00PM by PIB Guwahati
বন্ধুসকল,গোলকীয় অৰ্থনীতি আৰু বাণিজ্যিক ক্ষেত্ৰৰ নাভীকেন্দ্ৰ স্বৰূপ নিউয়ৰ্কত আপোনালোকৰ মাজত উপস্থিত হ’বলৈ পাই, মই বাস্তৱিকতেই আন্ন্দিত হৈছো। ভাৰতৰ অনুভৱ, ভাৰতৰ সম্ভাৱনা, আশা আৰু আকাংক্ষা, ভাৰতৰ সমৃ্দ্ধি তথা ভৱিষ্যতৰ ৰূপৰেখাৰ কাহিনী আজি আপোনালোকৰ আগত ক’বলৈ মোক এই সুবিধা প্ৰদান কৰাৰ বাবে মই ‘ব্লুমবাৰ্গ গ্লোবেল বিজনেছ ফ’ৰাম’ক আন্তৰিক কৃতজ্ঞতা জ্ঞপন কৰিছো।
বন্ধুসকল, আপোনালোকে সেই একেখন ভাৰত চৰকাৰকে আকৌ লগ পাইছে, যিয়ে সম্পূৰ্ণ পাঁচোটা বছৰে ৰাইজৰ প্ৰতি একান্ত আন্তৰিকতাৰে সেৱা আগবঢ়াই আকৌ এবাৰলৈ নিৰ্বাচিত হৈ আহিছে। আৰু এইবাৰ আগতকৈয়ো অধিক সংখ্যক ভোট লাভ কৰি নিৰ্বাচিত হৈছে। আপোনালোকে বাণিজ্যক কথা-বতৰাবোৰত সততে ‘বিজনেছ ষ্টেটমেণ্ট’ৰ কথা উল্লেখ কৰে। এই নিৰ্বাচনতো ১৩০কোটি জনতাই তেওঁলোকৰ আবেগকে কেৱল প্ৰকাশ কৰা নাছিল বৰং তেওঁলোকৰ বাবে যে বিকাশৰ প্ৰসংগহে সবাতোকৈ মহত্বপূৰ্ণ সেই কথাকো প্ৰতীয়মান কৰিলে। আৰু এই সমাৰোহত উপস্থিত থকা বাণিজ্যিক ক্ষেত্ৰৰ দিগগজসকলে নিশ্চয় উপলব্ধি কৰিব পাৰিব যে বিকাশৰ পক্ষত হোৱা জনতাৰ এই বিশাল ৰায় দানে দৰাচলতেই ভাৰতত উদ্ভৱ হোৱা নতুন সম্ভাৱনৰ কথাকে ঘোষণা কৰিছে। বৰ্তমানৰ চৰকাৰৰ লগত আজি দেশৰ জনতাই থিয় দিছেহি; যিখন চৰকাৰে ৰাইজৰ স্বাৰ্থত আৰু বাণিজ্যিক বিকাশৰ লক্ষ্যৰে যিকোনো বৃহত্ সিদ্ধান্ত ল’বলৈ পিচ ভৰি নিদিয়ে। আজি ভাৰতত বাণিজ্য-জগত আৰু সম্পদ আহৰণৰ আকাংক্ষাক সন্মান জনোৱো এখন চৰকাৰে কাৰ্যনিৰ্বাহ কৰি আছে।
বন্ধুসকল, আজি কেইদিনমান আগতে আমি ‘কৰ্পোৰেট টেক্স’ৰ হাৰ অভাৱনীয় ভাৱে হ্ৰাস কৰিছো বুলি আপোনালোকে চাগৈ জানিব পাৰিছে। আমাৰ এই সিদ্ধান্তক মই লগ পোৱা অথবা আলোচনাত মিলিত হোৱা বাণিজ্যিক জগতৰ বহুজনে ‘ঐতিহাসিক’ বুলি অভিহিত কৰিছে। এই সময়চোৱাত দেশত বিনিয়োগ বৃদ্ধি কৰিব পৰাকৈ এটাৰ পিচত এটা ইতিবাচক সিদ্ধান্ত ঘোষণা কৰা হৈছে। ইফালে উন্নয়নৰ পথত হেঙাৰ হ’ব পৰা প্ৰায় ৫০খনপুৰণি আইনো আমি ইতিমধ্যে বাতিল কৰিছো। এইখিনিতে মই আকৌ এবাৰ সোঁৱৰাই দিব খুজিছো যে আমাৰ নতুন চৰকাৰ অহা ৩-৪মাহৰো অধিক হোৱা নাই। আজি এই মঞ্চৰ পৰা মই ক’ব খুজিছো যে এয়া মাঁথো আৰম্ভণীহে, এতিয়াও বহুদূৰ যাবলৈ বাকী আছে। ভাৰতৰ এই যাত্ৰাত সহযাত্ৰী হোৱাৰ বাবে পৃথিৱীৰ বাণিজ্যিক জগতে এক সুবৰ্ণ সুযোগ লাভ কৰিছে।
বন্ধুসকল, দ্ৰুত বিকাশৰ ধাৰাই ভাৰতক আজি এনে এক স্থিতত উপনীত কৰাইছেহে যে আজিৰ ভাৰতে ভিন্নমুখী চাহিদা পূৰণৰ সামৰ্থ্য লাভ কৰিছে। আমাৰ জনতাই দ্ৰুতগতিত দাৰিদ্ৰক পাৰস্ত কৰি অৰ্থনৈতিক জখলাত খোপে খোপে আগুৱাবলৈ লৈছে আৰু এনে পৰিস্থিতিত তেওঁলোকৰ ব্যৱহাৰ্য সা-সামগ্ৰীৰ ভিন্নতা দিনে দিনে বাঢ়িবলৈ ধৰিছে। সেয়ে আপোনালোকে যদি বাণিজ্যক-সম্ভাৱনা থকা ক’ৰবাত বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে ভাৰতলৈ আহক। আমাৰ মধ্যবিত্তীয়সকলৰ শ্ৰেণীটো অতিকে অভিলাসী আৰু এওঁলোকৰ বিশ্বমুখী দৃষ্টিভংগী আছে। সেয়ে আপোনালোকে যদি শেহতীয়া ধাৰা আৰু বিষয়বস্তুক আদৰ কৰা ক’ৰবাত বিনিয়োগ কৰিব খুজিছে তেন্তে ভাৰতলৈ আহক। আমাৰ যুৱ-প্ৰজন্ম ‘এপ্ ইকনমী’-ৰ গৰিস্থ সংখ্যক ব্যৱহাৰকাৰী। খাদ্যৰ পৰা পৰিবহণলৈ, চলচ্চিত্ৰৰ পৰা বিচৰা বস্তু ঘৰে-চুবুৰীয়ে আনি যোগান ধৰালৈ ‘ষ্টাৰ্ট আপ’সকলে সকলোতে চাট মাৰি ধৰিছে। সেয়েহে আপোনালোকে যদি এই বিশাল সংখ্যক ‘ষ্টাৰ্ট আপ’ত বিনিয়োগ কৰিব খুজিছে তেন্তে ভাৰতলৈ আহক। আমাৰ আন্তঃগাঁথনি নিৰ্মাণ-কাৰ্য অভূতপূৰ্ব গতিত সম্প্ৰসাৰিত হৈছে। ঘাঁইপথৰ পৰা মেট্ৰো চিটী-ৰ নিৰ্মাণলৈ, ৰে’লপথ নিৰ্মাণৰ পৰা বন্দৰলৈ, বিমান বম্দৰৰ পৰা বয়-বস্তুৰ আদান-প্ৰদান ব্যৱস্থালৈ, সকলো খণ্ডতে ব্যাপক হাৰত বিনিয়োগৰ ধাৰা প্ৰবাহিত হোৱাৰ লগতে বিপুল সম্ভাৱনাৰো সৃষ্টি হৈছে।সেয়ে আপোনালোকে যদি আন্তঃগাঁথনি নিৰ্মাণৰ বিশাল প্ৰেক্ষাপট এটাত বিনিয়োগ কৰিব খুজিছে তেন্তে ভাৰতলৈ আহক। আমি আমাৰ মহানগৰীসমূহৰ দ্ৰুতগতিত আধুনিকীকৰণৰ লগতে নাগৰিক অনুকূল আন্তঃগাঁথনিৰে সমৃদ্ধ কৰাত গুৰুত্ব আৰোপ কৰিছো। সেয়ে আপোনালোকে যদি চহৰীকৰণ-মহাযজ্ঞত বিনিয়োগ কৰিব খুজিছে তেন্তে ভাৰতলৈ আহক। আমি আমাৰ প্ৰতিৰক্ষা খণ্ডও অভূতপূৰ্ব ভাবে মুকলি কৰি দিছো। যদি আপোনালোকে ভাৰতত নিৰ্মাণ কৰি, সেই নিৰ্মাণৰ ফল ভাৰত আৰু সমগ্ৰ পৃথিৱীক বিলাব খুজিছে তেন্তে ভাৰতলৈ আহক।
বন্ধুসকল, আজিৰ ভাৰতত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে চৰকাৰে যিমান বিনিয়োগ কৰিছে সেই পৰিমানৰ ধনৰ বিনিয়োগ ইয়াৰ আগতে কেতিয়াও কৰা হোৱা নাছিল। আগন্তুক বছৰচেৰেকত আমি এই খণ্ডত ১০০লাখ কোটি টকা অৰ্থাত প্ৰায় ১.৩ত্ৰিলিয়ন ডলাৰ পৰিমানৰ ধন বিনিয়োগ কৰিবলৈ আগবাঢ়িছো। কেৱল সেয়াই নহয়, ভাৰতৰ সামাজিক আন্তঃগাঁথনিৰ বিকাশৰ ধাৰা আগবঢ়াই নিয়াৰ লক্ষ্যৰে লাখ লাখ, কোটি কোটি টকা ব্যয় কৰি থকা হৈছে। ভাৰতৰ বিকাশগাঁথাৰ উথ্থানৰ বাবে যুগুতোৱা মান-সম্পন্ন আৰু সংখ্যাগত পৰিকল্পনাই ইতিমধ্যে বাস্তৱ ৰূপ ধাৰণ কৰিছে। এতিয়া ভাৰতে ৫ ত্ৰিলিয়ন ডলাৰ পৰিমানৰ অৰ্তনীতি গঢ়াৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰিছে। বন্ধুসকল, ২০১৪চনত আমি যেতিয়া প্ৰথমবাৰ চৰকাৰ গঠন কৰিছিলো তেতিয়া দেশৰ অৰ্থনীতিৰ পৰিমান আছিল ২ত্ৰিলিয়ন ডলাৰ। আৰু আমি এতিয়া ৫ ত্ৰিলিয়ন কৰাৰ বাবে আহোপুৰুষাৰ্থ কৰাৰ প্ৰয়াস কৰিছো।
বন্ধুসকল, এই বিশাল লক্ষ্যত উপনীত হ’ব পৰাকৈ আমাৰ সামৰ্থ্য, সাহস আৰু অনুকূল পৰিবেশ আটাইকেইটাই আছে। ভাৰতৰ বিকাশ-যাত্ৰাৰ চাৰিটা মূল উপাদান আছে; যিকেইটা আজিৰ পৃথিৱীত বিচাৰি পাবলৈ সঁচাকৈয়ে কঠিন। সেই উপাদানকেইটা হৈছে—গণতন্ত্ৰ, জনসংখ্যা, বৰ্দ্ধিত চাহিদা আৰু পাৰদৰ্শী সিদ্ধান্ত গ্ৰহণৰ দক্ষতা। এই সন্দৰ্ভত যদি বাখ্যা দাঙি ধৰিবলৈ যাও তেন্তে ক’বই লাগিব যে, এনে ধৰণৰ ৰাজনৈতিক সুস্থিৰতা ভাৰতত বহু দশকৰ পিচত বিৰাজ কৰিছে। গণতান্ত্ৰিক ব্যৱস্থা, ৰাজনৈতিক সুস্থিৰতা, অনুমেয় বিধি-নিয়ম আৰু স্বতন্ত্ৰ ন্যায়পালিকাৰ উপস্থিতি থকা দেশ এখনত নিশ্চিত নিৰপত্তা, সুৰক্ষা, আৰু বিনিয়োগৰ বৰ্দ্ধন স্বতঃস্ফূৰ্তভাৱেই সম্ভৱ হোৱা দেখা যায়।
বন্ধুসকল, ভাৰতৰ এই বিকাশক অধিক শক্তি প্ৰদান কৰিছে ইয়াৰ বিশাল জনসংখ্যা আৰু দক্ষতা সম্পন্ন, সপ্ৰতীভ যুৱ-বাহিনীয়ে। আজিৰ তাৰিখত ভাৰত হৈছে আভিযান্ত্ৰিক শিক্ষাৰ বৃহত্তম বুনিয়াদ আৰু গৱেষণা তথা উন্নয়নৰ শক্তিশালী ভিত্তি থকা পৃথিৱীৰ অন্যতম দেশ। যুৱ-প্ৰজন্মই উদ্ভাৱনী ক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শীতাৰ সুবাদত আজি ভাৰতে ‘ইউনিকৰ্ন’ৰ সমীক্ষাত আমেৰিকা আৰু চীনৰ পিচত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
বন্ধুসকল, তৃতীয় উপাদানটো হৈছে চাহিদা। শেহতীয়া প্ৰেক্ষাপটত ভাৰতৰ সিংহভাগ জনতাৰ অৰ্থনৈতিক সামৰ্থ্য বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ ক্ৰয় ক্ষমতা আগতকৈ বেছি হ’বলৈ ধৰিছে আৰু ইয়ে স্বাভাৱিকতেই দেশখনত ভিন্নমুখী চাহিদা বৃদ্ধিৰ পৰিৱেশ এটা সৃষ্টি কৰিছে। উদাহৰণ স্বৰূপে শেহতীয়া বছৰ দিয়েকত উৰাজাহাজত ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যা দুগুণে বৃদ্ধি পোৱা কথাটো উনুকীয়াব পাৰি। আৰু ইয়াৰ ফলত বিমান পৰিবহণৰ বাণিজ্যিক সামৰ্থ্যৰ ক্ষেত্ৰত আজি ভাৰত পৃথিৱীৰ তৃতীয় বৃহত্তম শক্তি হিচাপে চিহ্নিত হৈছে।
বন্ধুসকল, ভাৰতক বিশেষ দেশ হিচাপে চিহ্নিত কৰাৰ ক্ষেত্ৰত গণতন্ত্ৰ, জনসংখ্যা আৰু চাহিদাৰ সৈতে পাৰদৰ্শী সিদ্ধান্ত গ্ৰহণৰ দক্ষতাইও সহযোগিতা আগবঢ়াইছে। এক বৈচিত্ৰ্যপূৰ্ণ সংযুক্ত গণতান্ত্ৰিক ব্যৱস্থাই বিৰাজ কৰি থকাৰ পিচতো যোৱা পাঁচোটা বছৰত সমগ্ৰ ভাৰততে এক জড়তা-শূণ্য, সৰ্বাত্মক আৰু স্বচ্ছ প্ৰশাসনীয় ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰয়াস কৰা হৈছিল। পূৰ্বৱৰ্তী সময়ত বহুধা বিভক্ত কৰ-ব্যৱস্থা বৰ্তী থকা দেশখনত এতিয়া ‘জিএছটি’-ৰ ৰূপত এটা মাত্ৰ পৰোক্ষ কৰ-ব্যৱস্থাৰ প্ৰচলন থকা বাণিজ্যিক সংস্কৃতি গঢ়ি তোলা হৈছে।
শক্তিশালী ‘আইপিআৰ’ আৰু ‘ট্ৰেড মাৰ্ক’ ব্যৱস্থা এটা প্ৰৱৰ্তন কৰাৰ বাবেও আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছো। সেইদৰে, ‘ইনছ’লভেন্সী’ আৰু ‘বেংক্ৰাপচী’-ৰ মোকাবিলা কৰিব পৰা এক বিধিও ইতিমধ্যে তৈয়াৰ কৰি প্ৰৱৰ্তনৰ ব্যৱস্থা কৰা হৈছে।
গোলকীয় কৰ ব্যৱস্থাৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি দেশৰ কৰ-ব্যৱস্থাক আৰু অধিক ফলপ্ৰসূ কৰি গঢ়ি তোলাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সাধনৰ বাবে আমি নিৰন্তৰ কাম কৰি যোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰিছো। কৰ-সংস্কাৰৰ লগতে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ সৰ্ববৃহত্ বিত্তীয় অন্তৰ্ভূক্তিকৰণ প্ৰক্ৰিয়াও সম্পাদিত হৈছে ভাৰতত। যোৱা ৪-৫টা বছৰৰ ভিতৰতে ভাৰতত প্ৰায় ৩৭০ নিযুত লোকে প্ৰথমবাৰৰ বাবে একাউণ্ট খুলি বেংক-ব্যৱস্থাৰে সংযুক্ত হৈছে। আজিৰ তাৰিখত ভাৰতৰ প্ৰায় সংখ্যক নাগৰিকৰে ‘ইউনিক আইডেণ্টিফিকেশ্যন নাম্বাৰ’, মোবাইল ফোন আৰু বেংক একাউণ্ট আছে।ইয়াৰ সুবাদত লক্ষ্য-নিৰ্দ্ধাৰিত সেৱা হস্তান্তৰৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ লগতে পুঁজিৰ অপচয় ৰোধ হোৱাৰ বিপৰীতে স্বচ্ছতাৰ সম্ভাৱনা বহু গুণে বৃদ্ধি পাইছে।
বন্ধুসকল, নতুন ভা্ৰতত আমি বিধি-নিয়মৰ মেৰ-পেচ আঁতৰাই এক বাণিজ্য অনুকূল পৰিৱেশ প্ৰৱৰ্তনৰ বাবে কাম কৰি আছো। এনে প্ৰয়াসৰ সুবাদত আজি ভাৰতে প্ৰত্যেকটো গোলকীয় সমীক্ষাত একেধাৰে ভাল প্ৰদৰ্শনকৰিবলৈ সক্ষম হৈছে।‘লজিষ্টিক্স’ পাৰদৰ্শীতাৰ ক্ষেত্ৰত ১০পয়ণ্টৰ উথ্থান, ‘গ্লোবেল কম্পিটিটিভনেছ’-ৰ প্ৰসংগত ১৩ পয়ণ্ট, ‘গ্লোবেল ইন’ভেশ্যন ইনডেক্স’-ৰ ক্ষেত্ৰত ২৪ পয়ণ্ট আৰু তাতোকৈয়ো গুৰুত্বপূৰ্ণ কথাটো হ’ল ‘ইজ অব ডুয়িং বিজনেছ’ শিতানত বিশ্ব-বেংকে চলোৱা সমীক্ষাত ৬৫ সংখ্যক স্থানলৈ উন্নীত হৈ আজিৰ ভাৰতে প্ৰেক্ষাপট আৰু পৰিস্থিতিৰ দ্ৰুত আৰু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে। বিগত পাঁচোটা বছৰত ভৰতত ২৮৬বিলিয়ন ডলাৰ পৰিমানৰ বিদেশী মুদ্ৰাৰ বিনিয়োগ হৈছে। এই পৰিমান বিগত ২০বছৰত ভাৰতত হোৱা বিদেশী বিনিয়োগৰ আধাৰ সমান। যোৱা এটা দশকত আমেৰিকাই ভাৰতত কৰা বিনিয়োগৰ ৫০শতাংশই সম্ভৱ হৈছে বিগত ৪ বছৰৰ ভিতৰত। উল্লেখযোগ্য যে, এই বিনিয়োগৰ প্ৰায় ৯০ শতাংশই ‘স্বয়ংকীয় প্ৰৱন্ধন’ৰ জৰিয়তে অহাৰ বিপৰীতে ৪০ শতাংশ আহিছে ‘গ্ৰীণফিল্ড বিনিয়োগ’ৰ মাধ্যমৰে।
বন্ধুসকল, ‘ব্লুমবাৰ্গ’ৰ নিজা সমীক্ষাইও ভাৰতত সংঘটিত হোৱা পৰিৱৰ্তনৰ সাক্ষ্যকে বহণ কৰিছে। ‘ব্লুমবাৰ্গছ নেশ্যন ব্ৰেণ্ড ট্ৰেকাৰ-২০১৮’-ৰ সমীক্ষাত বিনিয়োগ শিতানত এছীয়াৰ ভিতৰত ভাৰতৰ স্থান ১ নম্বৰত আছিল। সেইদৰে ৰাজনৈতিক সুস্থিৰতা, মুদ্ৰা সুস্থিৰতা, উন্নত মানৰ উত্পাদন, দুৰ্নীতি বিৰোধী ব্যৱস্থা, কম উত্পাদন ব্যয়, কৌশলগত স্থান, আৰু ‘আইপিআৰ’-ৰ প্ৰতি শ্ৰদ্ধাশীলতাৰ দৰে মুঠ ৭টা শিতানতো ভাৰতৰ স্থান ১নম্বৰ আছিল। আন সূচকৰ ক্ষেত্ৰতো ভাৰতে উন্নত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।
বন্ধুসকল, আপোনালোকৰ আকাংক্ষা আৰু আমাৰসপোন বাৰুকৈয়ে মিলিছে; আপোনালোকৰ প্ৰযুক্তি আৰু আমাৰ বুদ্ধিমত্তাই সমগ্ৰ পৃথিৱীকে সলনি কৰি দিব পাৰিব; আপোনালোকৰ প্ৰসাৰ আৰু আমাৰ দক্ষতাই গোলকীয় অৰ্থনীতিৰ প্ৰগতিৰ গতি বঢ়াই তুলিব পাৰিব; আপোনালোকৰ অভিজ্ঞ পদ্ধতি আৰু আমাৰ নিপুণ-মনস্কই প্ৰবন্ধন-ব্যৱস্থাৰ নতুন ইতিহাস ৰছনা কৰিব পাৰিব; আপোনালোকৰ যুক্তিসংগত পন্থা আৰু আমাৰ মানবীয়-প্ৰমূল্যই পৃথিৱীয়ে ইমান দিনে বিচাৰি থকা পথৰ সন্ধান দিব পাৰিব। আৰু এইবোৰৰ মাজত যদি ক’ৰবাত কেনেবাকৈ ব্যৱধান ৰৈ যায় তেন্তে মই নিজে এই ক্ষেত্ৰত সেঁতুবন্ধনৰ দায়িত্ব গ্ৰহণ কৰিম।
ধন্যবাদ।
***
VRRK/AKP/AK
(Release ID: 1586633)
Visitor Counter : 71