প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত খাটমাগিন বাট্টুলগাই যুটীয়াভাৱে উন্মোচন কৰিলে বুদ্ধৰ মূৰ্তি

Posted On: 20 SEP 2019 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত খাটমাগিন বাট্টুলগাই উলাবাটাৰস্থিত ঐতিহাসিক গানদান টেগচেনলিং বৌদ্ধমঠত সংস্থাপিত ভগৱান  বুদ্ধ আৰু তেওঁ দুগৰাকী ভক্তৰ প্ৰতিমূৰ্তি যুটীয়াভাৱে উন্মোচন কৰে৷

২০১৫চনত মংগোলীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্রীয়ে গানদান টেগচেনলিং বৌদ্ধমঠত প্রার্থনা সভাত অংশ লৈ এই বৌদ্ধমঠত ভগৱান বুদ্ধৰ এটি মূর্তি উপহাৰ দিয়াৰ কথা ঘোষণা কৰিছিল৷ দুয়োখন দেশ তথা ইয়াৰ জনসাধাৰণৰ মাজত বৌদ্ধ ঐতিহ্য আৰু সভ্যতাকেন্দ্ৰিক যোগসূত্রৰ ক্ষেত্রত যি সাদৃশ্য আছে, তাৰ নিদর্শনস্বৰূপে ভগৱান বুদ্ধৰ মূর্তিটো উপহাৰ দিয়া হয়৷

 

এই মূর্তিত ভগৱান বুদ্ধ তেওঁৰ দুগৰাকী ভক্তক লগত লৈ বহি আছে, যি শান্তি আৰু সহাৱস্থানৰ লগতে কৰুণাৰ বার্তা প্ৰচাৰ কৰে চলিত মাহৰ আৰম্ভণিতে উলানবাটাৰত - ছেপ্টেম্বৰত তৃতীয় পর্বৰসংবাদআলোচনা-চক্ৰৰ সময়ত গানদান বৌদ্ধমঠত মূর্তিটো প্ৰতিষ্ঠা কৰা হয়৷ এই আলোচনা-চক্ৰত বিভিন্ন দেশৰ বৌদ্ধ বিশেষজ্ঞ, পণ্ডিত আৰু ধর্মীয় নেতাসকলে বৌদ্ধমঠৰ সৈতে জড়িত বিভিন্ন সমসাময়িক বিষয়ক লৈ মত বিনিময় কৰে৷

 

গানদান টেগচেনলিং বৌদ্ধমঠ মংগোলীয়াৰ বৌদ্ধ ধর্মাৱলম্বীসকলৰ বাবে এক গুৰুত্বপূর্ণ পীঠস্থান এই মঠত বৌদ্ধ ঐতিহ্যৰ সৈতে জড়িত একাধিক মূল্যবান সম্পদ সৰক্ষিত হৈ আছে৷ উল্লেখ্য যে এই বৌদ্ধমঠত ২০১৯ৰ ২১-২৩জুন লৈকে এছিয়া বৌদ্ধ সন্মিলনৰ একাদশ সাধাৰণ সভা (এবিচিপি)আয়োজন কৰা হৈছিল৷ এই সভাত ভাৰত, দক্ষিণ কোৰিয়া, ৰাছিয়া, শ্ৰীলংকা, বাংলাদেশ, ভূটান, নেপাল, উত্তৰ কোৰিয়া, এলডিপিআৰ, থাইলেণ্ড জাপান আদিকে ধৰি মুঠ ১৪খন দেশৰ ১৫০ জনতকৈও অধিক অতিথিয়ে অংশগ্ৰহণ কৰিছিল৷

 

প্ৰধানমন্ত্রী মোদী আৰু মংগোলীয়াৰ ৰাষ্ট্ৰপতি খালমাগিন বাট্টুলগাই আজি যিটো বৌদ্ধ মূর্তি উন্মোচন কৰিলে, সেয়া ভগৱান বুদ্ধৰ বিশ্বজনীন বার্তাৰ প্ৰতি দুয়োখন দেশৰ অভিন্ন সন্মান আৰু শ্ৰদ্ধাৰ বিষয়টোকে প্ৰতিফলিত কৰে৷

*****

VRRK/SH/SKS/DB



(Release ID: 1585816) Visitor Counter : 98