কেবিনেট

নতুন কেবিনেট সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে শ্ৰী ৰাজীৱ গৌবাই

Posted On: 30 AUG 2019 4:15PM by PIB Guwahati

শ্ৰী পি.কে সিনহাৰ অৱসৰৰ পাছত শ্ৰী ৰাজীৱ গৌবাই ভাৰত চৰকাৰৰ নতুন কেবিনেট সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে৷ তেওঁ হ’ল ঝাৰখণ্ড কেডাৰ(১৯৮২ বেটচ)ৰ এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া৷ ইয়াৰ পূৰ্বে তেওঁ কেন্দ্ৰীয় গৃহ সচিব, ভাৰত চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰালয়ৰ সচিব, ঝাৰখণ্ডৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিতো তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছে৷

কেন্দ্ৰই জম্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া সংবিধানৰ ৩৭০নং অনুচ্ছেদ বিলুপ্ত কৰাৰ সিদ্ধান্ত সফলতাৰে কাৰ্যৰূপায়ন কৰাসকলৰ ভিতৰত শ্ৰী গৌবা আছিল অন্যতম৷ কেন্দ্ৰৰ সিদ্ধান্ত নিখুঁত আৰু সঠিকভাৱে ৰূপায়ন কৰাৰ ক্ষেত্ৰত তেওঁ পাকৈত আছিল বুলি বিশেষভাৱে জনা যায়৷ তেওঁ গৃহ মন্ত্ৰালয়ৰ সৈতে সুক্ষ্মভাৱে পৰিস্থিতি পৰ্যবেক্ষণ কৰি এই সিদ্ধান্তসমূহ বলবৎ কৰিছিল৷ এটা ক্ষুদ্ৰ দলৰ সৈতে তেওঁ সাংবিধানিক আৰু আইনী পদক্ষেপসমূহক অন্তিম ৰূপ দিছিল, তথা প্ৰশাসনিক আৰু সুৰক্ষা ব্যৱস্থা তদাৰক কৰিছিল৷

ইয়াৰ পূৰ্বে, গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব হিচাপে তেওঁ মাওবাদী উগ্ৰপন্থীৰ কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ ২০১৫ত বহুমুখী কৰ্ম পৰিকল্পনা যুগুত কৰি ইয়াক সফলতাৰে কাৰ্যৰূপায়ন কৰিছিল৷ ইয়াৰ ফলত মাওবাদী অধ্যুষিত অঞ্চলসমূহত মাওবাদীৰ প্ৰভাৱ উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল৷

গৃহ মন্ত্ৰালয়ৰ উপৰি শ্ৰী গৌবাই কেন্দ্ৰীয় চৰকাৰৰ নগৰ উন্নয়ন, প্ৰতিৰক্ষা, পৰিৱেশ আৰু বন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি বিভাগত দীৰ্ঘদিনধৰি সেৱা আগবঢ়াইছে৷

ঝাৰখণ্ডৰ মুখ্য সচিব হিচাপে শ্ৰী গৌবাই কেইবাটাও গুৰুত্পূৰ্ণ প্ৰশাসনিক আৰু অৰ্থনৈতিক সংস্কাৰ সাধন কৰিছিল৷ তেওঁৰ কাৰ্যকালত ঝাৰখণ্ডই ইজ অৱ ডুয়িং বিজনেছৰ ৰেকিঙত অন্তিম স্থানৰ পৰা তৃতীয় স্থানলৈ উন্নীত হ’বলৈ সক্ষম হৈছিল৷

শ্ৰী গৌবাই চাৰি বছৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ ব’ৰ্ডত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷

*****

VRRK/VJ/MS



(Release ID: 1583826) Visitor Counter : 139