প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বাহৰেইনত প্ৰৱাসী ভাৰতীয়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ

Posted On: 24 AUG 2019 11:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাহৰেইনত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘মোৰ এই ভ্ৰমণ চৰকাৰৰ মূৰব্বী অথবা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে হ’লেও মোৰ লক্ষ্য হ’ল ইয়াত নিগাজী হোৱা ভাৰতীয়সকলক সাক্ষাৎ কৰা আৰু বাহৰেইনৰ বন্ধু-বান্ধৱীসকলৰে মত-বিনিময় কৰা৷ আজি হ’ল পবিত্ৰ জন্মাষ্টমী মহোৎসৱ৷ মই জানিব পাৰিছো যে ইয়াত এতিয়াও জন্মাষ্টমীৰ দিনা কৃষ্ণ কথা পাঠ কৰাৰ পৰম্পৰা অব্যাহত আছে৷ কাইলৈ মই শ্ৰীনাথজীৰ মন্দিৰ দৰ্শন কৰিম আৰু আপোনালোক সকলোৰে সুখ-সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিম৷”.

মোৰ বাবে আনন্দৰ কথা যে কাইলৈ এই মন্দিৰৰ পুনৰ উন্নয়নৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে সততা, নিষ্ঠা, দক্ষতা আৰু বাহৰেইনৰ আৰ্থ-সামাজিক জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশখনত ভাৰতীয় লোকৰ প্ৰতি অপৰিসীম সদ্ভাৱনা আছে৷ আপোনালোকে নিজৰ অধ্যাৱসায়ৰ জৰিয়তে ইয়াত এক সুকীয়া স্থান দখল কৰিব পাৰিছে৷ আমি এই সদ্ভাৱনাক অধিক শক্তিশালী কৰিব লাগিব৷ ইয়াত মই চৰকাৰৰ ভিতৰত থকা অথবা ব্যৱসায়িক ক্ষেত্ৰত থকা ভাৰতীয় সতীৰ্থসকলৰ কথা শুনিলে অন্তৰ সুখেৰে ভৰি পৰে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি প্ৰায় প্ৰতিগৰাকী ভাৰতীয় বেংক সেৱাৰ সৈতে জড়িত হৈ পৰিছে৷ ভাৰতৰ সাধাৰণ পৰিয়ালৰ বাবেও মোবাইল ফোন, ইণ্টাৰনেট আদি অবিচ্ছেদ্য অংগ হৈ পৰিছে৷ ভাৰতত বিশ্বৰ ভিতৰতে সবাতোকৈ কম মূল্যত ইণ্টাৰনেট ডাটা উপলব্ধ৷

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে প্ৰতিগৰাকী ভাৰতীয়ই এতিয়া বিশ্বাস কৰে যে তেওঁলোকৰ  সপোন, আশা, আকাংক্ষা পূৰণ হ’ব৷ আমাৰ লক্ষ্য অতি উচ্চ৷ কিন্তু আপোনাৰ সৈতে যেতিয়া ১৩০কোটি লোকৰ দুবাহুৰ শক্তি নিহিত হৈ থাকে, তেতিয়া আপুনি অনুপ্ৰেৰণা লাভ কৰে৷ ভাৰত আজি উন্নয়নৰ জখলাৰে আগবাঢ়িছে৷ এয়া কেৱল চৰকাৰৰ পদক্ষেপৰ বাবে নহয়, বৰং কোটি কোটি জনসাধাৰণৰ অংশগ্ৰহণৰ বাবে সম্ভৱ হৈ উঠিছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

তেওঁ কয় যে ভিম এপছ, ইউপিআই আৰু জন ধন একাউণ্টৰ দৰে সুবিধাই ভাৰতত বেংকিং সেৱা সাধাৰণ লোকৰ বাবে সহজলভ্য কৰি তুলিছে৷ আমাৰ ৰুপে’ কাৰ্ড এতিয়া সমগ্ৰ বিশ্ববাসীৰ লেনদেনৰ নতুন মাধ্যম হৈ পৰিছে৷ আমাৰ ৰুপে’ কাৰ্ড বিশ্বৰ সকলো বেংক আৰু ছেলাৰে গ্ৰহণ কৰে৷

মই আনন্দিত যে আপোনালোকে বাহৰেইনত শীঘ্ৰে ৰুপে’ কাৰ্ডেৰে লেনদেন আৰম্ভ কৰিব পাৰিব৷ এই সন্দৰ্ভত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে৷ আমাৰ উদ্দেশ্য হ’ল ৰুপে’ কাৰ্ডৰ জৰিয়তে আপোনালোকক ভাৰতত থকা পৰিয়ালৰ লোকলৈ ধন পঠোৱাৰ সুবিধা আগবঢ়োৱা৷”,প্ৰধানমন্ত্ৰীয়ে কয়৷

ভাৰতবৰ্ষত হৈ থকা উন্নয়নৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অবিৰত গতিশীলতাৰ বাবে ভাৰতত ক্ৰমান্বয়ে আৰম্ভ হ’ব ‘এক দেশ, এক কাৰ্ড’ নীতি৷ ‘এক দেশ, এক গ্ৰীড’ আৰু ‘এক দেশ, এক কৰ’ নীতিৰদ্বাৰা জিএছটিৰ ৰূপত সমগ্ৰ ভাৰতক সংযুক্ত কৰা হৈছে৷ জীৱন ধাৰণৰ মান উন্নত কৰা আৰু ব্যৱসায়িক সূচলতা নিশ্চিত কৰিবলৈ ভাৰতে সকলো প্ৰচেষ্টা হাতত লৈছে৷ ভাৰতত সকলো সমাধান তৈয়াৰ কৰিছে দেশৰ যুৱ প্ৰজন্মই৷ ভাৰতৰ যুৱ প্ৰজন্মই ‘গোলকীয় প্ৰয়োগৰ সৈতে স্থানীয় সমাধান’ৰ বাবে অত্যন্ত নিষ্ঠাৰে কাম কৰি আছে৷ ভাৰতীয় প্ৰতিভাই গোলকীয় স্তৰত স্বীকৃতি লাভ কৰিছে৷ অতি কম বাজেটেৰে চন্দ্ৰযানৰ দৰে বৃহৎ সাফল্য লাভ কৰাৰ বাবে সমগ্ৰ বিশ্বই ভাৰতীয় বৈজ্ঞানিকৰ শলাগ লৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২২ত ভাৰতে স্বাধীনতাৰ ৭৫বছৰ সম্পূৰ্ণ কৰিব৷ মই আপোনালোকক অনুৰোধ জনাও সকলোৱে যেন নিজৰ সামৰ্থ অনুসৰি কিছুমান নতুন সংকল্প গ্ৰহণ কৰে৷ আপোনালোকে সিদ্ধান্ত লওক যে সকলোৱে নিজৰ নিজৰ বাহৰেইনী বন্ধুক ভাৰতৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ ভাৰত ভ্ৰমণলৈ আহিবলৈ আহ্বান জনাব৷ আমি ২০২২ৰ ভিতৰত এখন প্লাষ্টিকমুক্ত ভাৰত গঢ়াৰ এক প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো৷

প্ৰধানমন্ত্ৰীয়ে কয়, আমাৰ অংশীদাৰী মূল্য আৰু পাৰস্পৰিক আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত আৰু বাহৰেইনে একেলগে কাম কৰি যাব৷ ভাৰত আৰু বাহৰেইন হ’ল প্ৰাচীন সভ্যতাযুক্ত আধুনিক ৰাষ্ট্ৰ৷ দুয়োখন দেশৰে প্ৰচুৰ সম্ভাৱনীয়তা আছে৷ মোৰ পূৰ্ণ বিশ্বাস আছে যে বাহৰেইনত থকা আমাৰ সতীৰ্থ ভাৰতীয়সকলে এই সম্পৰ্কৰ বান্ধোন অধিক শক্তিশালী কৰিব আৰু ভাৰত-বাহৰেইনক নতুন উচ্চতালৈ লৈ যাব৷

***

VRRK/ VJ/MS



(Release ID: 1583353) Visitor Counter : 92