প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী অৰুণ জেটলীৰ দেহপ্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
Posted On:
24 AUG 2019 1:38PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰাক্তন বিত্ত মন্ত্ৰী শ্ৰী অৰুণ জেটলীৰ দেহপ্ৰয়াণত শোক প্ৰকাশ কৰিছে৷
‘‘অৰুণ জেটলী আছিল ৰাজনীতিৰ এজন মহান ব্যক্তি, বুদ্ধিদ্বীপ্ততাৰ প্ৰতীক আৰু তেজস্বী বিদ্বান পুৰুষ৷ তেওঁ আছিল এজন স্পষ্টভাষী যিয়ে ভাৰতলৈ অনবদ্য অৱদান আগবঢ়াইছিল৷ তেওঁৰ অভাৱ অতিশয় দুখজনক৷ তেওঁৰ পত্নী সংগীতাজী, পুত্ৰ ৰোহণৰ সৈতে মোৰ কথা হৈছে আৰু মই তেওঁলোকলৈ সমবেদনা জনাইছো৷ ওম শান্তি৷
প্ৰাণৱন্ত জীৱন, আশীৰ্বাদপুষ্ট আৰু ক্ষীপ্ৰ বুদ্ধিদ্বীপ্ত অৰুণ জেটলীক সমাজৰ সকলো অংশৰ জনতাই আদৰ্শ হিচাপে বিবেচনা কৰিছিল৷ তেওঁ আছিল বহু প্ৰতিভাশালী আৰু ভাৰত সংবিধান, ইতিহাস, জননীতি, শাসন আৰু প্ৰশাসনৰ বিষয়ে তেওঁৰ প্ৰচুৰ জ্ঞান আছিল৷
তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক কেৰিয়াৰত অৰুণ জেটলীয়ে মন্ত্ৰালয়ৰ বিভিন্ন দায়িত্ব গ্ৰহণ কৰিছিল৷ ইয়াৰ জৰিয়তে তেওঁ ভাৰতৰ অৰ্থনৈতিক উত্তৰণ, আমাৰ প্ৰতিৰক্ষা সামৰ্থৰ সৱলীকৰণ, জন অনুকূল নীতি প্ৰণয়ন আৰু অন্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি আদিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল৷
বিজেপি আৰু অৰুণ জেটলীৰ এৰাব নোৱাৰা বান্ধোন আছিল৷ নিৰ্ভীক ছাত্ৰ নেতা হিচাপে তেওঁ জৰুৰীকালীন অৱস্থাত সদায়েই সমুখৰ পৰা আমাৰ গণতন্ত্ৰক সুৰক্ষা প্ৰদান কৰিছিল৷ তেওঁ আমাৰ দলৰ জনপ্ৰিয় চেহেৰা হিচাপে পৰিচিত হৈ উঠিছিল যিয়ে সমাজত দলৰ কাৰ্যসূচী আৰু আদৰ্শ ব্যাপক ৰূপত প্ৰতিষ্ঠিত কৰিছিল৷
অৰুণ জেটলীৰ দেহৱসানত মই মোৰ মূল্যবান মিত্ৰ এজন হেৰুৱালো যাৰ জ্ঞানক মই দশকজুৰি সন্মান জনাইছিলো৷ কোনো সমস্যাৰ ক্ষেত্ৰত তেওঁৰ অন্তৰ্দৃষ্টি আৰু সুক্ষ্ম বিচাৰবোধৰ উচিত সমান্তৰলতা আছিল৷ তেওঁৰ জীৱন আছিল সুন্দৰ, তেওঁ আমাক সকলোকে তেওঁৰ সুন্দৰ স্মৃতি এৰি থৈ গৈছে৷ আমি সদায়েই তেওঁৰ অভাৱ অনুভূত কৰিম!’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
***
VRRK/ VJ/MANN
(Release ID: 1582975)
Visitor Counter : 92