প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ভূটান ভ্ৰমণ কৰাৰ সময়ত প্ৰদান কৰা যুটীয়া বিবৃতিৰ অসমীয়া অনুবাদ

Posted On: 18 AUG 2019 7:30PM by PIB Guwahati

১. ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ৰ পৰা ১৮ আগষ্ট ২০১৯ তাৰিখলৈ ভূটানৰ প্ৰধানমন্ত্ৰী ডঃ লোটে শ্বেৰিঙৰ আমন্ত্ৰণমৰ্মে ভূটান ৰাষ্ট্ৰ পৰিভ্ৰমণ কৰে৷ ২০১৯ বৰ্ষৰ মে’ মাহৰ পিছত এয়া প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ দ্বিতীয়টো দ্বিপাক্ষিক ভ্ৰমণ আছিল৷

২. পাৰ্টো বিমানবন্দৰত অৱতৰণৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী মোদীক প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিং, কেবিনেটৰ সদস্য তথা জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে উষ্ম স্বাগতম জনায়৷

৩. প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ ৰজা জিঘমে খেছাৰ নামগে’য়েল ৱাংচুকক সাক্ষা কৰে৷ ৰজা আৰু ৰাণীয়ে প্ৰতিনিধিসকলৰ সন্মানাৰ্থে এক ভোজমেলৰ আয়োজন কৰে৷ প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰজা আৰু ৰাণীক তেওঁলোকৰ সুবিধা অনুসৰি অতি শীঘ্ৰেই ভাৰতলৈ আমন্ত্ৰণ কৰে৷

৪. প্ৰধানমন্ত্ৰী শ্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙে প্ৰতিনিধিবৰ্গীয় এক আনুষ্ঠানিক বৈঠকত মিলিত হয়৷ প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙে প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সন্মানাৰ্থে এক ষ্টেট বেংকেটৰো আয়োজন কৰে৷

৫. বিৰোধী দল নেচনেল এছেম্বলী অব্ ভূটানৰ নেতা ডঃ পেমা গ্যামটশ্ব’য়ে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক সাক্ষা কৰে৷

৬. প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৩০ মে’ ২০১৯ তাৰিখে তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু সেই অনুষ্ঠানত সম্পন্ন হোৱা তেওঁলোকৰ আলোচনাৰ বিষয়ে সোঁৱৰণ কৰে৷ দুয়োগৰাকী নেতাই ভূটান আৰু ভাৰতৰ মাজত বিশেষ সম্পৰ্ক ৰক্ষাৰ বাবে নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ বৈঠকৰ পোষকতা কৰে৷

৭. এই বৈঠকৰ সময়চোৱাত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ব্যাপকভাৱে দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ পুনৰীক্ষণ কৰে লগতে অন্যান্য গুৰুত্বপূৰ্ণ আঞ্চলিক তথা আন্তৰ্জাতিক বিকাশসমূহৰ বিষয়ে আলোচনা কৰে৷ দুয়োগৰাকী নেতাই দ্বিপাক্ষিক চুক্তিৰ উকৃষ্ট স্থিতিসমূহত সন্তুষ্টি প্ৰদান কৰে যি দুয়োখন দেশৰ পৰম্পৰাগত বিশ্বাস, সন্মান, ইতিহাস, সংস্কৃতি, অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত থকা সংযোগসমূহৰ ওপৰত নিৱদ্ধ৷ এই সন্দৰ্ভত দুয়োপক্ষই ভূটানৰ ৰাজপৰিয়ালৰ দূৰদৃষ্টি তথা ভাৰত আৰু ভূটানৰ পচ্ছাদ নেতৃত্বৰ সহযোগিতাক প্ৰশংসা কৰে৷

৮. দুয়োটা পক্ষই তেওঁলোকৰ বিনিময় সুৰক্ষা আগ্ৰহত পুনৰ নিশ্চিতি প্ৰদান কৰে আৰু দুয়োটা পক্ষৰ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় আগ্ৰহৰ বিষয়সমূহত সুক্ষ্ম সহযোগিতা প্ৰদানত সন্মতি প্ৰদান কৰে৷

৯. প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ অৰ্থনৈতিক আৰু আন্তঃগাঁথনি বিকাশৰ বাবে ভাৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিসমূহ পুনৰ দোঁহাৰে৷ প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ চৰকাৰ আৰু জনসাধাৰণক তেওঁলোকে মধ্যবিত্ত শ্ৰেণীৰ দেশলৈ পৰ্যবসিত হোৱাৰ বাবে অভিনন্দন প্ৰদান কৰে৷ এই সাফল্য ভূটানৰ জনতাই তেওঁলোকৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু মূল্যৱান পৰিবেশৰ বাবে দেশখনৰ বিকাশৰ দৰ্শন ‘‘মুঠ ৰাষ্ট্ৰীয় সুখ’’ৰ বাবে লাভ কৰা বুলি তেওঁ মন্তব্য কৰে৷

১০. প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙে ২০১৮ চনৰ নৱেম্বৰ মাহত কাৰ্যালয়ৰ দায়িত্ব চম্ভালি লোৱাৰ পিছত ২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ ভাৰতলৈ অহাৰ কথা সোঁৱৰণ কৰে৷ তেওঁ ভাৰত চৰকাৰৰ ভূটানৰ দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বাবে ভাৰতক ধন্যবাদ জ্ঞাপন কৰে আৰু ভূটানৰ বিগত দশকসমূহৰ উন্নয়নত ভাৰতৰ অৱদানক প্ৰশংসা কৰে৷

১১. দুয়োটা পক্ষই হাইড্ৰ’-পাৱাৰৰ বিকাশক পাৰস্পৰিক দ্বিপাক্ষিক সহযোগিতাৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ বুলি মন্তব্য প্ৰদান কৰে৷ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে  শেহতীয়াকৈ সম্পূৰ্ণ হোৱা ৭২০ মেগাৱাট মাংডেচ্ছু হাইড্ৰ’ইলেক্ট্ৰিক প্লাণ্ট আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই প্ৰকল্পটো সময়মতে সম্পূৰ্ণ হোৱা বাবে তেওঁলোকে প্ৰশংসা কৰে আৰু প্ৰকল্প কৰ্তৃপক্ষ আৰু পৰিচালন মণ্ডলীক অভিনন্দন প্ৰদান কৰে৷ এই প্ৰকল্পৰ পৰা ভূটানৰ যুটীয়াভাৱে সৃষ্ট সামৰ্থ ২০০০ মেগাৱাটৰ সীমা অতিক্ৰম কৰিছে বুলি দুয়োপক্ষই মন্তব্য প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই এই মাইলষ্টোন প্ৰাপ্তিত সন্তুষ্টি প্ৰকাশ কৰে আৰু অন্যান্য চলমান প্ৰকল্প যেনে ফুনাটছাংচ্ছু-১, ফুনাটছাংচ্ছু-২ আৰু খলুংচ্ছুৰ সমাপনত যৌথ সহযোগিতাৰ নিৰৱচ্ছিনতাৰ বিষয়ে উল্লেখ কৰে৷ দুয়োপক্ষই সংকুশ ৰিজাৰ্ভইৰ হাইড্ৰ’ইলেক্ট্ৰিক প্ৰকল্পৰ চলিত দ্বিপাক্ষিক আলোচনাৰ বিষয়েও পুনৰীক্ষণ কৰে৷ দুয়োখন দেশৰ পাৰস্পৰিক লাভৰ প্ৰতি লক্ষ্য ৰাখি প্ৰকল্পসমূহৰ দ্ৰুত সমাপনৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে৷ হাইড্ৰ’-পাৱাৰ খণ্ডত ভাৰত-ভূটানৰ পাঁচটা দশকৰ পাৰস্পৰিক সম্বন্ধৰ সোঁৱৰণত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে যুটীয়াভাৱে ভূটানীজ ডাক-টিকট মুকলি কৰে৷

১২. দুয়োগৰাকী প্ৰধানমন্ত্ৰী ভূটানত আনুষ্ঠানিকভাৱে ভাৰতীয় ৰুপে’ কাৰ্ড মুকলি কৰে যিয়ে ভূটানত ভাৰতীয় যাত্ৰীসকলক নগদ ধন কঢ়িয়াই নিয়াৰ সমস্যাৰ পৰা মুক্ত কৰিব আৰু একে সময়তে ভূটানৰ অৰ্থনীতিও সমৃদ্ধ হ’ব৷ দুয়োপক্ষই এই প্ৰকল্পৰ পিছৰ পৰ্যায়ৰ কাম ক্ষীপ্ৰতাৰে হোৱাত গুৰুত্ব প্ৰদান কৰে অৰ্থা ভূটানৰ বেংকৰ দ্বাৰা ৰুপে’ কাৰ্ডৰ প্ৰচলনে ভাৰত ভ্ৰমণলৈ অহা ভূটানৰ লোকসকল উপকৃত হোৱাৰ লগতে দুয়োখন দেশেই উপকৃত হ’ব৷ ৰুপে’ কাৰ্ডৰ মুকলিৰ সৈতে ভূটানত ভাৰতৰ ভীম এপ মুকলিৰো এক সাম্ভাৱ্য অধ্যয়ন চলোৱা হৈছিল যাতে দুয়োখন দেশৰ মাজত নগদবিহীন লেনদেনৰ ব্যৱস্থা প্ৰসাৰিত হ’ব পাৰে৷

১৩. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে থিম্ফুত দক্ষিণ এছিয়ান উপগ্ৰহৰ গ্ৰাউণ্ড আৰ্থ ষ্টেচন মুকলি কৰে যাৰ দ্বাৰা ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ইছৰ’) উপকৃত হ’ব৷ প্ৰধানমন্ত্ৰী ডঃ শ্বেৰিঙে প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ ২০১৭ চনত স্থাপন কৰা ছাউথ এছিয়া ছেটেলাইট (এছ এ এছ)ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ইয়াৰ দ্বাৰা ভূটানত সম্প্ৰচাৰ সেৱা উন্নত হোৱাৰ লগতে ৰাজ্যখনত দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰতো সামৰ্থ বৃদ্ধি পাইছে৷

১৪. ভূটানত এছ এ এছে ধনাত্মক প্ৰভাৱ পেলাব পৰা দিশসমূহ চিনাক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ প্ৰয়োজনীয়তা অনুসাৰে উপহাৰ হিচাপে বেণ্ডউইথ বৃদ্ধিৰ সুবিধা প্ৰদান কৰে৷ ইয়াৰ দ্বাৰা দুয়োখন দেশত মহাকাশ সম্পৰ্কত দ্বিপাক্ষিক সম্বন্ধৰ নতুন অধ্যায় উন্মোচিত হ’ল৷

১৫. দুয়োগৰাকী নেতাই ভূটানৰ বাবে ক্ষুদ্ৰ উপগ্ৰহৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে সন্মত হয়৷ ইয়াৰ বাবে তেওঁলোকে এখন যৌথ কৰ্ম গোট (জে ডব্লিউ জি)গঠন কৰি এই প্ৰকল্প প্ৰণয়ন তথা অন্যান্য সম্বন্ধীয় কামসমূহৰ বাবে নিৰ্দেশনা দিয়ে যাতে ভূটানৰ দুৰ্গম অঞ্চলসমূহত দুৰ্যোগ প্ৰশমনৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰি৷

১৬. মহাকাশ প্ৰযুক্তিৰ শক্তি অনুধাৱন কৰি, ডিজিটেল আৰু উদ্ভাসিত প্ৰযুক্তিৰ বাবে, ৰাষ্ট্ৰৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে দুয়োখন দেশে এইক্ষেত্ৰসমূহত শক্তিশালী সহযোগিতাৰ বাবে সন্মতি প্ৰদান কৰে৷

১৭. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নেচনেল ন’লেজ নেটৱৰ্ক আৰু ভূটানৰ ৰিচাৰ্ছ এণ্ড এডুকেচন নেটৱক্তৰ আন্তঃসহযোগিতা মুকলি কৰে৷ এই সংযোগৰ দ্বাৰা তথ্য হাইৱে’ৰ সৃষ্টি, দুয়োখন দেশৰ শিক্ষাৰ্থীসকলৰ মাজত, বিশ্ববিদ্যালয়সমূহৰ মাজত সদ্ভাৱনা বৃদ্ধি পাব বুলি দুয়োগৰাকী নেতাই মন্তব্য প্ৰদান কৰে৷

১৮. এই ভ্ৰমণৰ সময়চোৱাত নিম্নোক্ত বুজাবুজিৰ চুক্তিপত্ৰ/চুক্তি বিনিময় কৰা হয়ঃ

ক) দক্ষিণ এছিয়া উপগ্ৰহ ব্যৱহাৰৰ বাবে ছেটকম নেটৱৰ্ক স্থাপনত তথ্য প্ৰযুক্তি বিভাগ আৰু টেলিকম অব্ আৰজিঅ’বি আৰু ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

খ) নেচনেল ন’লেজ বেংক (এন কে এন) আৰু ভূটানৰ ড্ৰাক ৰিচাৰ্ছ এণ্ড এডুকেচন নেটৱৰ্ক (ড্ৰাকৰেন)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

গ) ভাৰতৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ’ (এ এ আই বি) আৰু ভূটানৰ এয়াৰ এক্সিডেণ্ট ইনভেষ্টিগেচন ইউনিট (এ এ আই ইউ)ৰ মাজত এয়াৰক্ৰাফ্টৰ দূৰ্ঘটনা তথা ঘটনা তদন্তৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ৷

ঘ-ছ) ৰয়েল ইউনিভাৰ্ছিটী অব্ ভূটান আৰু কানপুৰ, দিল্লী, মুম্বাইৰ আই আই টি আৰু শিলচৰৰ এন আই টিৰ মাজত শৈক্ষিক বিনিময় আৰু এছ টি ই এম সহযোগিতাৰ বাবে চাৰিখন বুজাবুজিৰ চুক্তিপত্ৰ৷

জ) দুয়োপক্ষৰ মাজত আইন শিক্ষা আৰু গৱেষণা বৃদ্ধিৰ বাবে বেংগলোৰৰ নেচনেল ল’ স্কুল অব্ ইণ্ডিয়া ইউনিভাৰ্ছিটী আৰু থিম্ফুৰ জিগমে ছিংৱে’ ৱাংগচুক স্কুল অব্ ল’ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ৷

ঝ) ন্যায়িক শিক্ষা আৰু পাৰস্পৰিক বিনিময়ৰ বাবে ভূটান নেচনেল লীগেল ইন্সটিটিউট আৰু ভূপালৰ নেচনেল জুডিচিয়েল একাডেমীৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰ৷

ঞ) মাংগচেচ্ছু হাইড্ৰ’-ইলেক্ট্ৰিক প্ৰকল্পৰ বাবে পি টি চি ইণ্ডিয়া লিমিটেড আৰু ভূটানৰ ড্ৰাক গ্ৰীণ পাৱাৰ কৰ্প’ৰেচনৰ মাজত শক্তি ক্ৰয় চুক্তি৷

১৯.  প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ যুৱসমাজক উদ্দেশ্যি ৰয়েল ইউনিভাৰ্ছিটী অব্ ভূটানত আয়োজিত এক বিশেষ অনুষ্ঠানত ভাষণ প্ৰদান কৰে৷ তেওঁ দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ব্যক্তিকেন্দ্ৰিক সম্বন্ধ আৰু বৌদ্ধিক সংযোগৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে দুয়োখন দেশৰ তৰুণ প্ৰজন্মই শিক্ষা আৰু উচ্চ প্ৰযুক্তিৰ ক্ষেত্ৰত এক নতুন উচ্চতাত আৰোহণ কৰিব৷

২০. প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানৰ প্ৰধানমন্ত্ৰীক ব্যক্তিগত আশ্বাস প্ৰদান কৰি কয় যে তেওঁ ভূটানৰ নাগৰিকসকলৰ গুণগত স্বাস্থ্যসেৱাৰ নিশ্চিতি প্ৰদান কৰিব৷ এই সন্দৰ্ভত ভূটানত নতুন মাল্টি-ডিচিপ্লিনাৰী ছুপাৰ-স্পেচিয়েলিটী চিকিৎসালয় মুকলি কৰাৰ বাবে ভাৰতৰ পৰা বিশেষজ্ঞৰ দলে ভূটান ভ্ৰমণ কৰাৰ কথাও দুয়োপক্ষই সদৰী কৰে৷

২১. দুয়োপক্ষই দ্বিপাক্ষিক বাণিজ্য আৰু বিনিয়োগ বৃদ্ধিৰ বাবে সন্মতি প্ৰদান কৰে৷ ডঃ শ্বেৰিঙে এছ এ এ আৰ চি কাৰেন্সী ছোৱাপ ফ্ৰেমৱৰ্কৰ অধীনত কাৰেন্সী ছোৱাপ সীমাৰ বৃদ্ধিৰ বাবে কৰা অনুৰোধক ধনাত্মক সঁহাৰি জনাব বুলি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আশ্বাস প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ষ্টেণ্ডবাই ছোৱাপ ব্যৱস্থাপনাৰ  অধীনত অতিৰিক্তভাৱে ১০০ মিলিয়নৰ কাৰেন্সী ছোৱাপৰ সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে৷

২২. ভূটানৰ ৰয়েল গভৰ্ণমেণ্টৰ অনুৰোধ অনুসৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ভূটানলৈ এল পি জিৰ সাহায্য প্ৰতিমাহে বৰ্তমানৰ ৭০০ মেট্ৰিকটনৰ পৰা ১০০০ মেট্ৰিকটনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ দ্বাৰা ভূটানৰ গ্ৰামাঞ্চলত এল পি জিৰ সুবিধা অধিক প্ৰসাৰিত হ’ব৷

২৩. প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে থিম্ফুৰ ঐতিহাসিক ছেমট’খা জঙত প্ৰাৰ্থনা আগবঢ়ায়৷ আমাৰ সাংস্কৃতিক আৰু সভ্যতাগত সম্পৰ্ক বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ঋণৰ সময়সীমা অতিৰিক্তি পাঁচ বছৰ বৃদ্ধিৰ কথা ঘোষণা কৰে৷ তাৰোপৰি নালন্দা বিশ্ববিদ্যালয়ত ভূটানৰ শিক্ষাৰ্থীসকলৰ জলপানিৰ সংখ্যা ২ৰ পৰা ৫লৈ বৃদ্ধি কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে৷

২৪. দুয়োপক্ষই পৰম্পৰাগত ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ বাবে সন্মতি প্ৰদান কৰে আৰু দুয়োখন দেশৰ যুৱ প্ৰজন্মৰ মাজত বিনিময় বৃদ্ধিৰ পোষকতা কৰে৷

২৫. প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ এই ভ্ৰমণৰ সময়ত হোৱা বন্ধুত্বমূলক বৈঠকত ভূটান আৰু ভাৰতৰ বিশ্বাসৰ সত্বা, সহযোগিতা, পাৰস্পৰিক সন্মান আৰু বিশেষ বন্ধুত্বৰ ছবি প্ৰতিফলিত হৈছে৷        

 

***

VRRK/SH/AK/MANN



(Release ID: 1582574) Visitor Counter : 111