প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন -২০১৮ৰ চতুৰ্থ চক্ৰৰ ফলাফল

২৯৬৭লৈ বৃদ্ধি ভাৰতত বাঘৰ সংখ্যা; ঐতিহাসিক সাফল্য হিচাপে অভিহিত প্ৰধানমন্ত্ৰীৰ

Posted On: 29 JUL 2019 11:32AM by PIB Guwahati

আজি বিশ্ব ব্যাঘ্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন-২০১৮ৰ চতুৰ্থ চক্ৰৰ ফলাফল মুকলি কৰে৷

এই সৰ্বেক্ষণ অনুসৰি ২০১৮ চনত ভাৰতত বাঘৰ সংখ্যা ২৯৬৭লৈ বৃদ্ধি পাইছে৷

প্ৰধানমন্ত্ৰীয়ে এই ফলাফলক ভাৰতৰ ঐতিহাসিক সাফল্য বুলি অভিহিত কৰি বাঘৰ সুৰক্ষাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে৷ এই সাফল্য প্ৰাপ্তিৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ষ্টেকহল্ডাৰক প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ক্ষীপ্ৰতা তথা নিষ্ঠাৰ বাবে প্ৰশংসা কৰে৷ তেওঁ ইয়াক সংকল্পৰ পৰা সিদ্ধিৰ আটাইতকৈ উত্তম উদাহৰণ বুলি অভিহিত কৰে৷ তেওঁ কয় যে ভাৰতৰ লোকে এবাৰ কোনো এটা কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক সম্পূৰ্ণ কৰাত কোনেও বাধা দিব নোৱাৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰায় ৩০০০টা বাঘৰ সৈতে ভাৰত আজি বিশ্বৰ ভিতৰতে বাঘৰ আটাইতকৈ নিৰাপদ আৰু বৃহৎ স্থল হিচাপে পৰিগণিত হৈছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি ‘‘ছিলেক্টেভিনেছ’’ হোৱাতকৈ ‘‘কালেক্টিভনেছ’’ হোৱাটো প্ৰয়োজন৷ তেওঁ কয় যে পৰিবেশ সংৰক্ষণৰ বাবে বিস্তৃত আৰু সামূহিক বীক্ষণৰ প্ৰয়োজন৷ বিকাশ আৰু পৰিবেশৰ মাজত সুস্থ ভাৰসাম্য বৰ্তাই ৰখাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে৷ ‘‘আমাৰ নীতি, আমাৰ অৰ্থনীতিত, আমি সংৰক্ষণৰ সংৰক্ষণবাদ পৰিৱৰ্তন কৰিব লাগিব,’’ তেওঁ এইদৰে কয়৷

ভাৰতে আমাৰ নাগৰিকসকলৰ বাবে অধিক গৃহ নিৰ্মাণ কৰিব আৰু একে সময়তে জন্তুসমূহৰ বাবেও গুণগতমানৰ পৰিবেশ সৃষ্টি কৰিব৷ ভাৰতৰ উজ্বল সামুদ্ৰিক অৰ্থনীতি থকাৰ লগতে সুস্থ সামুদ্ৰিক পৰিস্থিতি তন্ত্ৰও থাকিব৷ এই ভাৰসাম্যতাৰ যোগেদি এক শক্তিশালী তথা সমাহিত ভাৰত নিৰ্মাণ , প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ভাৰতে অৰ্থনৈতিকভাৱে তথা পৰিবেশগতভাৱে উন্নতি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে; তেওঁ কয় যে ভাৰতে অধিক পথ নিৰ্মাণ কৰিব আৰু ভাৰতৰ স্বচ্ছ নদীও থাকিব; ভাৰতৰ উন্নত ৰে সংযোগ ব্যৱস্থা থাকিব আৰু লগতে বৃহৎ বনাঞ্চলো থাকিব৷

তেওঁ কয় যে যোৱা পাঁচ বছৰত পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনি প্ৰস্তুত কৰাৰ সময়ত দেশৰ বনাঞ্চলো বৃদ্ধি হৈছে৷ ‘‘সুৰক্ষিত অঞ্চল’’ সংখ্যা বৃদ্ধি কৰা হৈছে৷ ২০১৪ চনত সুৰক্ষিত অঞ্চলৰ সংখ্যা আছিল ৬৯২খন আৰু ২০১৯ চনত ইয়াৰ সংখ্যা বৃদ্ধি হৈ ৮৬০ হৈছে৷ ‘‘সম্প্ৰদায় সংৰক্ষণো’’ ২০১৪ চনৰ ৪৩খনৰ পৰা বৃদ্ধি হৈ এতিয়া ১০০ হৈছে৷

তেওঁ কয় যে ভাৰতে ইয়াৰ অৰ্থনীতি ‘‘স্বচ্ছ-ইন্ধনভিত্তিক’’ আৰু ‘‘পুনৰ নৱীকৰণ শক্তি’’ হিচাপে নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছে৷ তেওঁ কয় যে ভাৰতৰ শক্তি সুৰক্ষাত ‘‘আৱৰ্জনা’’ আৰু ‘‘বায়’-মাছ’’ এক বৃহৎ অংশ হিচাপে পৰিগণিত হৈছে৷ এই সন্দৰ্ভত তেওঁ এলপিজি সংযোগৰ বাবে ‘‘উজ্বলা’’ আৰু এলইডি বাল্বৰ বাবে ‘‘উজলা’’ আঁচনিৰ কথা উল্লেখ কৰে৷

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে বাঘৰ সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক প্ৰয়াস কৰা বুলি দোহাৰে৷

অনুষ্ঠানটোত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী প্ৰকাশ জাভেদকাৰ; ৰাজ্যিক পৰিবেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী বাবুল সুপ্ৰিয়; পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিব শ্ৰী চি.কে. মিশ্ৰাও উপস্থিত আছিল৷

 

***

VRRK/KP/MANN



(Release ID: 1581270) Visitor Counter : 102