প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চন্দ্ৰযান-২ৰ উৎক্ষেপনত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

Posted On: 22 JUL 2019 3:47PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-২ৰ উৎক্ষেপন উপলক্ষে প্ৰকাশ কৰা বাৰ্তা তলত উল্লেখ কৰা ধৰণৰ—

আমাৰ গৌৰৱময় ইতিহাসত এয়া এক বিশেষ ক্ষণ হিচাপে পৰিগণিত হৈ ৰ’ব৷ চন্দ্ৰযান-২ৰ উৎক্ষেপনে আমাৰ বৈজ্ঞানিকসকলৰ পৰাক্ৰম আৰু ১৩০কোটি ভাৰতীয়ৰ বিজ্ঞানৰ জৰিয়তে নতুন দিগন্ত স্পৰ্শ কৰাৰ দৃঢ় সংকল্পক প্ৰতিফলিত কৰে৷ প্ৰতিগৰাকী ভাৰতীয়ৰ বুকু আজি গৌৰৱত উথলি উঠিছে৷

ভাৰতীয়ৰ বাবে অধিক আনন্দৰ বিষয় যে চন্দ্ৰযান-২ সম্পূৰ্ণৰূপে স্বদেশী অভিযান৷ ইয়াৰ সৈতে আছে এটা অৰ্বিটাৰ আৰু এটা লেণ্ডাৰ-ৰোভাৰ৷

চন্দ্ৰযান-২ একক আৰু অনন্য, কাৰণ ই চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অনুসন্ধান আৰু অধ্যয়ন কৰিব৷ এই অঞ্চলটো ইয়াৰ পূৰ্বৰ অভিযানত উন্মোচিত হোৱা নাই৷ এই অভিযানে চন্দ্ৰৰ বিষয়ে নতুন জ্ঞানৰ সন্ধান দিব৷

চন্দ্ৰযান-২ৰ দৰে অভিযানে আমাৰ যুৱ প্ৰজন্মক বিজ্ঞান, উন্নত মানৰ গৱেষণা আৰু নতুন উদ্ভাৱনৰ প্ৰতি আকৰ্ষিত কৰিব৷ চন্দ্ৰযান-২ৰ জৰিয়তে ভাৰতৰ চন্দ্ৰ অভিযানে পৰ্যাপ্ত উদগণি লাভ কৰিব৷ চন্দ্ৰৰ বিষয়ে আমাৰ জ্ঞান উল্লেখনীয়ভাৱে বৃদ্ধি পাব৷

***

VRRK/AK/SH/MS



(Release ID: 1579839) Visitor Counter : 35