কেবিনেট

গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াৰে সংগঠিত গ্রুপ-‘এ’ ছার্ভিছ উন্নীত কৰাৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Posted On: 03 JUL 2019 4:37PM by PIB Guwahati

প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্রীয় কেবিনেটে আজি কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীসমূহত কর্মৰত গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াৰে সংগঠিত গ্রুপ- ছার্ভিচ আৰু জিএএছ হিচাপে মান্যতা প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে। একেদৰে এইসকল বিষয়াই অকাৰ্যকৰী বিত্তীয় উন্নীতকৰণ (এনএফএফইউ) আৰু অকাৰ্যকৰী মনোনয়ন গ্রেড (এনএফএছজি) সুবিধা লাভ কৰিব৷

সুবিধাসমূহঃ

) ইয়াৰ ফলত কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াসকলে এনএফএফইউৰ অনুদান লাভ কৰিব৷

) এই সিদ্ধান্তৰ ফলত সশস্ত্ৰ আৰক্ষী বাহিনীৰ গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াসকলে নির্দিষ্ট নিয়ম অনুসৰি এনএফএসজিৰ বর্ধিত হাৰত ৩০ শতাংশ অতিৰিক্ত দৰমহা লাভ কৰিব৷

পটভূমিঃ

কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াৰে সংগঠিত গ্রুপ-‘এ’ ছার্ভিচৰ মর্যাদা তথা এনএফএফইউ আৰু এনএফএছজি- সুবিধা লাভ কৰাৰ বাবে দিল্লী উচ্চ ন্যায়ালয়ত কেইবাখনো লিখি আবেদন দাখিল কৰা হৈছিল। দিল্লী উচ্চ ন্যায়ালয়ে ২০১৫ চনৰ ১৩ নৱেম্বৰ আৰু ১৫ ডিচেম্বৰৰ এক আদেশ মৰ্মে কেন্দ্রীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গ্রুপ-‘এ’ এক্সিকিউটিভ পৰ্যায়ৰ বিষয়াৰে সংগঠিত গ্রুপ-‘এ’ ছার্ভিচৰ বিষয়া হিচাপে মান্যতা প্ৰদানৰ নির্দেশ দিছিল। সেই হিচাপে এইসকল বিষয়াই যাতে এনএফএফইউ আৰু এনএফএছজিৰ সুবিধা পায় সেই নির্দেশত তাকো উল্লেখ কৰা হৈছিল। কেন্দ্রীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ বিৰুদ্ধে বিশেষ ছূটী আবেদন কৰে, কিন্তু উচ্চতম ন্যায়ালয়ে ৫ ফেব্রুৱাৰীত সেই আবেদন খাৰিজ কৰাৰ লগতে দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়কে বহাল ৰাখে৷

*****

AKT/PK/SH/DB



(Release ID: 1577294) Visitor Counter : 187