কেবিনেট

ভাৰত আৰু কিৰগিস্তানৰ মাজত স্বাস্থ্যখণ্ডত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 12 JUN 2019 8:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা কিৰগিস্তান গণৰাজ্যৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত হস্তাক্ষৰ কৰিবলৈ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰস্তাৱক অনুমোদন প্ৰদান কৰিছে৷

সহযোগিতাৰ ক্ষেত্ৰঃ

সহযোগিতাৰ এই বুজাবুজিৰ চুক্তিপত্ৰত সহযোগিতাৰ নিম্নোল্লিখিত ক্ষেত্ৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছেঃ

  • স্বাস্থ্যসেৱা প্ৰণালীক শক্তিশালী কৰা;
  • অসংক্ৰামক ৰোগ, সংক্ৰামক ৰোগ আৰু এণ্টি-মাইক্ৰবায়েল প্ৰতিৰোধ;
  • চিকিৎসালয় ব্যৱস্থাপনা প্ৰণালী আৰু চিকিৎসালয় সূচনা প্ৰণালীৰ সম্প্ৰসাৰণ;
  • মাতৃ আৰু শিশু স্বাস্থ্য;
  • চিকিৎসা অনুসন্ধান;
  • কিডনী আৰু লিভাৰ প্ৰত্যাৰোপণ, কাৰ্ডিয়েক চাৰ্জাৰী, অংকোলজী, অস্থি ৰোগ, ট্ৰমাটজী আদিত অভিজ্ঞতাৰ আদান-প্ৰদান;
  • স্বাস্থ্য খণ্ডত মানৱ সংসাধন ক্ষমতাৰ উত্তৰণ;
  • দৰৱ আৰু চিকিৎসা উপকৰণ বিতৰণৰ নিয়ামক ক্ষেত্ৰত তথ্য আৰু অভিজ্ঞতাৰ আদান-প্ৰদান;
  • দৰৱ আৰু চিকিৎসা উৎপাদনৰ নিদানিক পৰীক্ষণৰ উন্নত প্ৰক্ৰিয়াৰ বিষয়ে অভিজ্ঞতা আৰু তথ্যৰ আদান-প্ৰদান;
  • ৰোগসমূহৰ একীকৃত নিৰীক্ষণ;
  • চিকিৎসক, নাৰ্চ আৰু আইটি বিশেষজ্ঞৰ অভিজ্ঞতাৰ আদান-প্ৰদান;
  • -স্বাস্থ্যৰ বিষয়ে অভিজ্ঞতাৰ আদান-প্ৰদান;
  • সূচনা প্ৰযুক্তিৰ বাবে ভাৰত-কিৰ্গিজ কেন্দ্ৰ;
  • স্বাস্থ্য বিশেষজ্ঞৰ বাবে প্ৰশিক্ষণ আৰু পেছাদাৰী বিকাশৰ অৱকাশ উপলব্ধ কৰোৱা আৰু ভাৰতত ইণ্টাৰ্ণশ্বিপ কৰোৱা;
  • স্বাস্থ্য পৰ্যটন; আৰু
  • অন্য কোনো সহযোগিতাৰ ক্ষেত্ৰ যত পাৰস্পৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি৷

প্ৰণয়নঃ

সহযোগিতাৰ বিৱৰণ বিস্তৃত কৰাৰ বাবে তথা বুজাবুজি চুক্তিৰ অৱলোকনৰ বাবে এক কৰ্মগোট গঠন কৰা হব৷

 

 

*****

AKT/AK/MANN


(ৰিলিজ আই ডি : 1574732) অতিথি কক্ষ : 169
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam