কেবিনেট


হোমিঅ’পেথীত সংশোধন

কেন্দ্ৰীয় হোমিঅ’পেথী পৰিষদৰ কাৰ্যকাল ১৮ মে’ ২০১৮ তাৰিখৰ পৰা ২ বছৰ বৃদ্ধি কৰা হৈছে

কেবিনেটে অনুমোদন প্ৰদান কৰিলে হোমিঅ’পেথিক কেন্দ্ৰীয় পৰিষদ (সংশোধন) বিধেয়ক, ২০১৯ৰ

Posted On: 12 JUN 2019 7:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে হোমিঅপেথিক কেন্দ্ৰীয় পৰিষদ (সংশোধন) বিধেয়ক, ২০১৯ৰ খচৰাত অনুমোদন প্ৰদান কৰিছে৷

প্ৰভাৱঃ

এই বিধেয়কত কেন্দ্ৰীয় পৰিষদৰ পুনৰ্গঠনৰ কাৰ্যকাল বিদ্যমান এক বছৰৰ সময়সীমাৰ পৰা বৃদ্ধি কৰি ২ বছৰলৈ কৰাৰ ব্যৱস্থা কৰা হৈছে যাতে নিৰ্দেশক মণ্ডলৰ কাৰ্যকাল ১৭ মে২০১৯ৰ পৰা এক বছৰৰ সময়সীমাৰ পৰা আৰু বৃদ্ধি কৰিব পাৰি৷

ইয়াৰ দ্বাৰা কেন্দ্ৰীয় হোমিঅপেথী পৰিষদে নিজৰ অধিকাৰ প্ৰয়োগ কৰাৰ আৰু পৰিষদৰ কাৰ্য সম্পাদন কৰাত সহায় লাভ কৰিব৷

প্ৰণয়নঃ

এই বিধেয়কে হোমিঅপেথী কেন্দ্ৰীয় পৰিষদ (সংশোধন) বিধেয়ক, ২০১৯ৰ স্থান গ্ৰহণ কৰিব আৰু নিৰ্দেশক মণ্ডলৰ কাৰ্যকালত এবছৰৰ সময়সীমা বৃদ্ধি কৰিব৷

পৃষ্ঠভূমিঃ

কেন্দ্ৰীয় হোমিঅপেথী পৰিষদৰ কাম-কাজ নিৰ্দেশক মণ্ডলৰ হাতত ন্যস্ত কৰা হৈছে যত প্ৰসিদ্ধ আৰু শিক্ষিত হোমিঅপেথী চিকিৎসক তথা প্ৰখ্যাত প্ৰশাসক অন্তৰ্ভুক্ত হৈ আছে৷ পৰিষদৰ পুনৰ্গঠন হোৱালৈ কাৰ্যকালৰ সম্প্ৰসাৰণ কৰা হৈছে যাতে হোমিঅপেথীৰ ষ্টেট ৰেজিষ্টাৰৰ উন্নীতকৰণ নোহোৱাৰ ফলত তথা কাকতলীয়ভাৱে সাধাৰণ নিৰ্বাচনৰ বাবে সমিতিৰ পুনৰ্গঠন এবছৰৰ ভিতৰত কৰা নহয়৷ 

 

 

********

AKT/SH/MANN



(Release ID: 1574565) Visitor Counter : 51