প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
प्रविष्टि तिथि:
31 MAY 2019 8:49PM by PIB Guwahati
নেপালৰ প্ৰধানমন্ত্ৰী সন্মানীয় শ্ৰীমান কে.পি. শৰ্মা অ’লীয়ে যোৱা ৩০ মে’ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় কেবিনেটৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে৷
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ৩১মে’ত দ্বিপাক্ষিক বৈঠকত মিলিত হৈ নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত ঐতিহাসিক সাফল্য লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰে৷ অ’লীক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে নেপালৰ সৈতে অব্যাহত থকা ভাৰতৰ পৌৰাণিক বন্ধুত্ব আৰু বহুমুখী সম্পৰ্কক অধিক শক্তিশালী কৰিবলৈ একেলগে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতিক পুনৰ দোহাৰে৷
দুয়োগৰাকী নেতাই দ্বিপাক্ষিক প্ৰকল্প আৰু আঁচনি ৰুপায়নৰ অগ্ৰগতিক লৈ সন্তুষ্টি ব্যক্ত কৰে৷
***
AKT/VJ/SKS/MS
(रिलीज़ आईडी: 1573207)
आगंतुक पटल : 116