কেবিনেট

সকলো প্ৰকাৰৰ ভূমিৰ আকাৰৰ বাবে উপযুক্ত কৃষক পৰিয়াল অন্তৰ্ভুক্ত হ’ব পিএম-কিষাণ আঁচনিৰ সম্প্ৰসাৰিত কাৰ্যসূচীত

প্ৰথমখন কেবিনেট সভাত ঐতিহাসিক সিদ্ধান্ত সকলো কৃষকলৈ পিএম-কিষাণ যোজনা সম্প্ৰসাৰিত কৃষকসকলক প্ৰদান কৰা এটা বৃহৎ প্ৰতিশ্ৰুতি পূৰণৰ দিশত প্ৰধানমন্ত্ৰী মোদী এতিয়া এই আঁচনিৰ পৰা উপকৃত হ’ব ১৪.৫ কোটি কৃষক পৰিয়াল

Posted On: 31 MAY 2019 8:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ)আঁচনিৰ সম্প্ৰসাৰণ প্ৰক্ৰিয়াক অনুমোদন প্ৰদান কৰিছে৷ এই সিদ্ধান্তৰ জৰিয়তে মাটিৰ গৰাকী সকলো উপযুক্ত কৃষকে (প্ৰচলিত বহিষ্কৰণ মানদণ্ডৰ অধীনত)এই আঁচনিৰ অধীনত উপকৃত হব৷

অধিক লাভ, অধিক উত্তৰণঃ

প্ৰায় ১৪.৫ কোটি হিতাধিকাৰীক সামৰি পিএম-কিষাণৰ সম্প্ৰসাৰণৰ দ্বাৰা এই সংশোধিত আঁচনিত প্ৰায় ২ কোটি অধিক কৃষক সামৰি লোৱা হব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৯-২০ বৰ্ষৰ বাবে বাজেট নিৰ্ধাৰণ কৰিছে ৮৭,২১৫.৫০ কোটি টকা৷

দ্ৰুতি, মানদণ্ড আৰু ব্যাপক প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছেঃ

আজিৰ কেবিনেটৰ সিদ্ধান্তত পিএম-কিষাণৰ সম্প্ৰসাৰণৰ দ্বাৰা প্ৰধানমন্ত্ৰীয়ে ২০১৯ বৰ্ষৰ লোকসভাৰ নিৰ্বাচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণ কৰিলে৷ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত এই ব্যাপক নীতিৰ সিদ্ধান্তৰ বিষয়েও অন্তৰ্ভুক্ত কৰা হৈছিল৷

এয়াও উল্লেখযোগ্য যে কিছুমান নিশ্চিত সমস্যা যেনে ঝাৰখণ্ডৰ উন্নীতকৰণ ভূমি তথ্যৰ অভাৱ আৰু অসম, মেঘালয় তথা জম্মু আৰু কাশ্মীৰত আধাৰ কাৰ্যকৰী কৰাৰ সমস্যা সমাধান কৰা হৈছে৷

পিএম-কিষাণঃ কৃষকসকলক সাহায্যৰ বাবে এক অগ্ৰণী সমৰ্থনঃ

পিএম-কিষাণ যোজনাৰ সূচনা ২০১৯-২০২০ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটতেই সামৰি লোৱা হৈছিল৷ পিএম-কিষাণৰ প্ৰধান উপাদান হল প্ৰান্তঃৱৰ্তী ভূমিৰ মালিকানাধীন কৃষক আৰু তেওঁলোকৰ পৰিয়াল যাৰ ওচৰত ২ হেক্টৰ পৰ্যন্ত ভূমি আছে, তেওঁলোকলৈ ৬০০০ টকাৰ সাহায্য প্ৰদান৷ (ইয়াক আজি সম্প্ৰসাৰিত কৰা হৈছে)

এই সাহায্য প্ৰতিবছৰে তিনিটা ২০০০ টকাৰ চাৰিমহীয়া কিস্তিত পৰিশোধ কৰা হব আৰু এয়া প্ৰত্যক্ষ লাভ বিনিময় প্ৰক্ৰিয়াৰে হিতাধিকাৰীৰ একাউণ্টত প্ৰত্যক্ষভাৱে জমা হব৷ এই আঁচনি ২৪ ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰত ৩ সপ্তাহৰ অভিলেখ সময়ত মুকলি কৰা হৈছিল যত বিভিন্ন কৃষকক কিস্তিৰ প্ৰথমটো পৰ্যায় পৰিশোধ কৰা হৈছিল৷

এই পৰ্যন্ত কৃষক পৰিয়ালৰ বেংক একাউণ্টত প্ৰথম কিস্তিৰ অধীনত ৩.১১ কোটি হিতাধিকাৰী আৰু দ্বিতীয় কিস্তিৰ অধীনত ২.৬৬ কোটি হিতাধিকাৰীক ধন পৰিশোধ কৰা হৈছে৷

ভাৰতৰ অন্নদাতাক পুনৰুজ্জীৱিত শক্তিৰে উৎসাহিত কৰা হৈছেঃ

পুনৰবাৰ প্ৰধানমমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কৃষকসকলৰ সপক্ষে মাত মাতিছে৷ তেওঁ ভাৰতৰ কৃষকসকলক আমাৰ অন্নদাতা বুলি অভিহিত কৰিছে যিয়ে ১.৩ বিলিয়ন ভাৰতীয়ক খাদ্য যোগান ধৰাৰ বৃহৎ প্ৰয়াসৰ অংশীদাৰ হৈছে৷

২০১৪ৰ পৰা ২০১৯ৰ ভিতৰত পৰিশ্ৰমী কৃষকসকলৰ সৱলীকৰণৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইয়াৰে ভিতৰত ২২বিধ শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য (এমএছপি), ভূমি স্বাস্থ্য কাৰ্ড, পিএম কৃষি সিঞ্চন যোজনা, পিএম কিষাণ সম্পদা যোজনা, উন্নত বজাৰৰ বাবে ই-নাম আদিয়েই অন্যতম৷ এই পদক্ষেপসমূহৰ দ্বাৰা কৃষি খণ্ডক অধিক বিকশিত কৰা হৈছে আৰু কৃষকসকলক উন্নত উৎপাদনশীলতাৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে ২০২২ চনত ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ সপোন পূৰণ হোৱাৰ দিশত অগ্ৰসৰ হৈছে৷

*******

AKT/SH/MANN



(Release ID: 1573197) Visitor Counter : 182