কেবিনেট


ব্যৱসায়ীসকলে লাভ কৰিব পেঞ্চন সুৰক্ষা!


ব্যৱসায়ীসকলৰ বাবে পেঞ্চন আঁচনিৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন


৩ কোটি খুচুৰা ব্যৱসায়ী আৰু দোকানী লাভৱান্বিত হ’ব এই সিদ্ধান্তৰে


চৰকাৰৰ প্ৰথমটো দিনতেই প্ৰধানমন্ত্ৰী মোদীয়ে পূৰণ কৰিলে আন এক প্ৰতিশ্ৰুতি


Posted On: 31 MAY 2019 8:40PM by PIB Guwahati

ব্যৱসায় বাণিজ্যত ভাৰতৰ আছে এক সমৃদ্ধিশালী পৰম্পৰা। আমাৰ দেশৰ ব্যৱসায়ীসকলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে বৃহৎ বৰঙণি আগবঢ়াই আহিছে।

দেশৰ এই বাণিুজ্যিক সমুদায়টো লাভৱান্বিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ অনুমোদন জনোৱা হয়। এই সিদ্ধান্ত অনুসৰি বাণিজ্য সমুদায়টোৱে পেঞ্চন লাভ কৰিব পৰাকৈ এক বিশেষ পেঞ্চন সুৰক্ষা আঁচনিলৈ কেবিনেটে অনুমোদন জনাইছে। এয়া হৈছে সামগ্ৰিক তথা উমৈহতীয়া সামাজিক সুৰক্ষাৰ ভেটিটোক অধিক শক্তিশালী কৰি তোলাৰ বাবে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ লক্ষ্যৰ এক অংশ।

আঁচনিখনত কি আছে

এই আঁচনিখনৰ অধীনত সকলো দোকানী, খুচুৰা ব্যৱসায়ী আৰু স্বনিয়োজক ব্যক্তিয়েই ৬০ বছৰৰ পিছত মাহেকত ন্যূনতম ৩০০০/- টকাকৈ এক পেঞ্চন লাভ কৰিব।

এই আঁচনিখনৰ বাবে ১৮ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ যিকোনো ক্ষুদ্ৰ দোকানী আৰু স্বনিয়োজক ব্যক্তি, তথা১.৫ কোটি টকাতকৈ কম জিএছটি টাৰ্ণঅভাৰৰ খুচুৰা ব্যৱসায়ীসকলে নাম পঞ্জীয়ণ কৰিব পাৰিব। উল্লেখ্য যে এই আঁচনিখনে দেশৰ ৩ কোটিৰো অধিক ক্ষুদ্ৰ দোকানী আৰু ক্ষুদ্ৰ ব্যৱসায়ীক লাভৱান্বিত কৰিব

এই আঁচনিখনৰ বাবে আধাৰ নম্বৰ আৰু বেংক একাউণ্টৰ বাহিৰে আন কোনো নথিৰ প্ৰয়োজন নহ’ব আৰু সেয়ে স্ব-সত্যাপনেৰে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। সমগ্ৰ দেশতে থকা ৩,২৫,০০০ তকৈও অধিক উমৈহতীয়া সেৱা কেন্দ্ৰৰ যোগেদি ইচ্ছুক ব্যক্তিসকলে এই আঁচনিত নামভৰ্তি কৰিব পাৰিব

এইক্ষেত্ৰত ভাৰত চৰকাৰে ছাবস্ক্ৰাইবাৰৰ একাউণ্টত এক নিৰ্দ্দিষ্ট পৰিমাণৰ ধনৰাশিও জমা কৰিব। উদাহৰণস্বৰূপে, এগৰাকী ২৯ বছৰীয়া লোকে যদিহে মাহেকত ১০০ টকাকৈ আগবঢ়ায় তেন্তে কেন্দ্ৰ চৰকাৰেও সমান পৰিমাণৰ ধনৰাশি ছাবস্ক্ৰাইবাৰৰ পেঞ্চন একাউণ্টত প্ৰতিমাহে জমা কৰিব।

প্ৰথম দিনাই এক বৃহৎ প্ৰতিশ্ৰুতি পূৰণ -

দেশৰ বাণিজ্য সমুদায়টোৰ বাবে পেঞ্চনৰ এক শক্তিশালী ভেটি গঢ়ি তোলাৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ দলে দেশবাসীক দিয়া এক বৃহৎ প্ৰতিশ্ৰুতি পূৰণ কৰিলে। উল্লেখ্য যে শ্ৰী মোদীয়ে এই ব্যৱসায়ীসকলৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰিছিল, যি পেঞ্চনে তেওঁলোকক এক সম্ভ্ৰমপূৰ্ণ জীৱন প্ৰদান কৰিব পাৰিব, বিশেষকৈ বৃদ্ধাৱস্থাত আৰ্থিক সুৰক্ষা প্ৰদান কৰিব পাৰিব।

এই সিদ্ধান্তক দেশৰ বাণিজ্য, ক্ষুদ্ৰ আৰু মজঁলীয়া বাণিজ্যসমূহৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ ক্ষেত্ৰত অন্যতম হিচাপে বিবেচিত হৈছে। ইফালে এই বাণিজ্য সমুদায়টোৰ পৰা লাভ কৰা মতামতৰ ভিত্তিত পণ্যসেৱা কৰৰ সৰলীকৰণো কৰাহৈছে। ঠিক তেনেদৰে, সূচনা কৰা মুদ্ৰা ঋণে দেশৰ যুৱ সমাজৰ উদ্যোগশীলতাৰ উৎসাহ দুগুণে বৃদ্ধি কৰিছে। এনে প্ৰেক্ষাপটতে এতিয়া ১ কোটি টকা পৰ্যন্ত ঋণ সহজে ালাভ কৰিব পৰাও হৈছে।

দেশৰ বাণিজ্য সমুদায়টোক সাহায় কৰিবৰ বাবে এইসমূহ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

******

AKT/SH/RD



(Release ID: 1573192) Visitor Counter : 175