প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়


ওড়িশাৰ ফণী ঘূৰ্ণী বতাহত ক্ষতিগ্ৰস্ত অঞ্চল আকাশমাৰ্গেৰে পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে; পৰিস্থিতি পৰ্যালোচনা

১,০০০ কোটিৰ তাৎক্ষণিক সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 06 MAY 2019 11:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মে’, ২০১৯ত ঘূৰ্ণী বতাহ ফণীৰ ফলত উদ্ভৱ হোৱা পৰ্যালোচনা কৰাৰ বাবে আজি ওড়িশা ভ্ৰমণ কৰে৷ এই উপলক্ষে তেওঁ আকাশমাৰ্গেৰে পিপলি, পুৰী, কোণাৰ্ক, নিমাপড়া আৰু ভূৱনেশ্বৰৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰে৷ প্ৰধানমন্ত্ৰীয়ে আকাশমাৰ্গেৰে কৰা পৰিদৰ্শন সময়ত  ৰাজ্যপাল অধ্যাপক গণেশী লাল, মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেবিনেট মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে তেওঁক সংগ দিয়ে৷

ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ একাংশ শীৰ্ষ বিষয়াৰ সৈতে ঘূৰ্ণী বতাহৰ ক্ষয়-ক্ষতিৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপনৰ বিষয়ে বুজ লয়৷ প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনক সম্ভৱপৰ সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে৷ তেওঁ ৰাজ্যখনলৈ তাৎক্ষণিকভাৱে ,০০০ কোটি টকা আগবঢ়াব বুলি ঘোষণা কৰে৷ ইয়াৰ পূৰ্বে ৰাজ্য চৰকাৰক ২৯ এপ্ৰিল, ২০১৯ত ৩৪১ কোটি টকা প্ৰদান কৰা হৈছিল৷ তদুপৰি, তেওঁ আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দলৰ দ্বাৰা কৰা মূল্যায়নৰ পাছত অতিৰিক্ত সাহায্য আগবঢ়াব বুলি কয়৷

প্ৰধানমন্ত্ৰীয়ে ওড়িশাবাসীৰ প্ৰতি সহমৰ্মিত প্ৰকাশ কৰে৷ তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কেৱল তাৎক্ষণিক সাহায্য প্ৰদান কৰাই নহয়, ৰাজ্যখনৰ পুনৰ নিৰ্মাণৰ প্ৰতিও প্ৰতিশ্ৰুতিবদ্ধ৷ প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম উপগ্ৰহ তথা বতৰৰ আগজাননী দিয়া প্ৰযুক্তিয়ে প্ৰাণহানি কম কৰাত পালন কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ তেওঁ কয় প্ৰযুক্তি আৰু মানুহৰ সহযোগিতাত অন্তিমগৰাকী ভূক্তভোগীৰ সৈতে যোগাযোগ সম্ভৱ হৈছে৷ ইফালে, ৰাজ্য চৰকাৰে ১০,০০০তকৈ অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা তথা বতৰ বিজ্ঞান বিভাগে প্ৰদান কৰা নিখুঁত আগজাননীৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ উপকূলীয় অঞ্চলত বসবাস কৰা জনসাধাৰণৰ লগতে মাছমৰীয়া সকলে দেখুওৱা ধৈৰ্যৰো প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সুন্দৰ সহযোগিতাৰ ফলত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাসত সহায় কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে নিজেও এগৰাকী উপকূলীয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰি অহাৰ বাবে সাগৰীয় ধূমুহাই কৰা ক্ষয়-ক্ষতিৰ ভয়াবহতাৰ কথা তেওঁ ভালদৰে জানে৷

প্ৰধানমন্ত্ৰীয়ে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ এটি দলে ৰাজ্যখনৰ আন্তঃগাঁথনি, আবাস, মাছমৰীয়া তথা তেওঁলোকৰ ফাৰ্মসমূহৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰাৰ লগতে ওড়িশালৈ সাহায্য প্ৰদান কৰিব৷ তেওঁ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়াসকলক ক্ষীপ্ৰতাৰে বিদ্যুৎ, দূৰসংযোগ আৰু ৰে সেৱাৰ পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে৷ প্ৰধানমন্ত্ৰীয়ে পথ আৰু ভূ-পৃষ্ঠ মন্ত্ৰালয়ক যিমান পাৰি সোনকালে ক্ষতিগ্ৰস্ত পথসমূহৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰক সাহায্য প্ৰদানৰ লগতে বানবিধ্বস্ত অঞ্চলসমূহত কৃষকৰ দাবী মূল্যায়ন কৰাৰ বাবে বীমা কোম্পানীসমূহক তাৎক্ষণিকভাৱে পৰ্যবেক্ষক প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণী বতাহত প্ৰাণহানি হোৱা লোকসকলৰ আত্মীয়ক ২ লাখকৈ আৰি আহতসকলৰ প্ৰতি ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদান কথাও ঘোষণা কৰে৷ প্ৰধানমন্ত্ৰীয়ে এই জটিল ক্ষণত কেন্দ্ৰীয় চৰকাৰৰে সদায় কান্ধে কান্ধ মিলাই তেওঁলোকৰ কাষত থিয় দিব বুলি ওড়িশাবাসীক আশ্বাস দিয়ে৷

***

AKT/SH/SKS/DB


(Release ID: 1571903)