প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ফণী’ ধুমুহাৰ বিৰুদ্ধে প্ৰস্তুতিৰ উচ্চ পৰ্যায়ৰ পুনৰীক্ষণ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সভাপতিত্ব

Posted On: 02 MAY 2019 2:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফণী ধুমুহাৰ বিৰুদ্ধে প্ৰস্তুতিৰ এক উচ্চ পৰ্যায়ৰ পুনপীক্ষণ সন্মিলনত সভাপতিত্ব কৰে৷ এই সন্মিলনখনত উপস্থিত আছিল কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব, গৃহ সচিব আৰু আইএমডি, এনডিআৰএফ, এনডিএমএ তথা পিএমঅৰ জ্যেষ্ঠ বিষয়ববীয়াসকল৷

এই ধুমুহাৰ বিৰুদ্ধে গ্ৰহণ কৰা প্ৰস্তুতি, চলিত সাৱধানমূলক ব্যৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক অৱগত কৰোৱা হয়৷

এই ব্যৱস্থাসমূহৰ ভিতৰত পৰ্যাপ্ত সমল; এনডিআৰএফ আৰু সশস্ত্ৰ বাহিনীৰ মোতায়েন; খোৱা পানীৰ ব্যৱস্থা; আৰু শক্তি তথা টেলিকম সেৱাৰ পুনঃস্থাপন আদি অন্তৰ্ভুক্ত কৰা হৈছে৷

উদ্ভৱ হোৱা পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলক আক্ৰান্ত ৰাজ্যসমূহৰ বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন কৰি সাৱধানমূলক ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত নিশ্চিতি লাভ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে আশ্ৰয় আৰু পুনৰুদ্ধাৰ প্ৰক্ৰিয়াৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে৷

***

AKT/VJ/SBP/MANN



(Release ID: 1571593) Visitor Counter : 84