কেবিনেট

ভাৰত আৰু কোৰিয়াৰ যৌথ ডাক টিকেট প্ৰদানৰ বুজাবুজিৰ চুক্তি সন্দৰ্ভত কেবিনেটক অৱগত

Posted On: 15 APR 2019 12:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ২০১৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কোৰিয়া গণৰাজ্য আৰু ভাৰতৰ মাজত হোৱা বুজাবুজিৰ চুক্তি সন্দৰ্ভত অৱগত কৰোৱা হয়৷

ভাৰত চৰকাৰৰ ডাক বিভাগ, যোগাযোগ মন্ত্ৰ্যালয় আৰু কোৰিয়া গণৰাজ্যৰ বিজ্ঞান আৰু আইচিটি মন্ত্ৰ্যালয়ে (কোৰিয়া ডাক) যুটীয়াভাৱে ‘‘কুইন হুৰ হোৱাং-অক অব্ কোৰিয়া’’ বিষয়ভিত্তিক ডাক টিকেট মুকলি কৰা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে৷

এই যুটীয়া ডাক টিকেট ২০১৯ৰ শেষৰ ফালে মুকলি হব৷

 

****

AKT/SH/MANN



(Release ID: 1571077) Visitor Counter : 62