প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান-ধন (পিএম-এছৱাইএম) যোজনা

Posted On: 05 MAR 2019 3:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ বাছট্ৰালত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মান-ধন (পিএম-এছৱাইএম) যোজনা মুকলি কৰে৷ তাৰোপৰি তেওঁ কিছুমান নিৰ্বাচিত হিতাধিকাৰীক পিএম-এছৱাইএম পেঞ্চন কাৰ্ডো বিতৰণ কৰে৷ সমগ্ৰ দেশৰ তিনি লাখ সাধাৰণ সেৱা কেন্দ্ৰত দুই কোটিতকৈও অধিক কৰ্মীয়ে ভিডিঅকনফাৰেন্সযোগে এই ঘটনাৰ সাক্ষী হৈ ৰয়৷

আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে পিএম-এছৱাইএম যোজনা দেশৰ অসংগঠিত খণ্ডৰ ৪২ কোটি শ্ৰমিকলৈ বুলি উচৰ্গা কৰে৷ তেওঁ কয় যে এই আঁচনিটোৰ জৰিয়তে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলে তেওঁলোকৰ বৃদ্ধ বয়সত মাহে ৩০০০ টকাৰ নিশ্চিত পেঞ্চন লাভ কৰিব৷ স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ দেশৰ অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এনে ধৰণৰ আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷

প্ৰধানমন্ত্ৰীয়ে পিএম-এছৱাইএমৰ সুবিধাসমূহৰ বিষয়ে আলোকপাত কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ পৰাও হিতাধিকাৰীসকলৰ সম পৰিমাণৰ ধন জমা , প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷ তেওঁ অসংগঠিত  খণ্ডৰ কৰ্মীসকল যাৰ মাহিলী উপাৰ্জন ১৫০০০ টকাতকৈ কম, তেওঁলোকক ওচৰৰ সাধাৰণ সেৱা কেন্দ্ৰলৈ গৈ হিতাধিকাৰী হিচাপে পঞ্জীয়ন কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে৷

পঞ্জীয়ন প্ৰক্ৰিয়াত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহ বুলি মোদীয়ে উপস্থিত জনতাক কেৱল আধাৰ নম্বৰৰ সৈতে বেংক একাউণ্ট সংযোগ কৰিবলৈ আহ্বান জনায়৷ সাধাৰণ সেৱা কেন্দ্ৰত হিতাধিকাৰীসকলৰ পঞ্জীয়নৰ বাবে হোৱা ব্যয় কেন্দ্ৰ চৰকাৰে বহন কৰিব৷ ‘‘এয়া ডিজিটেল ইণ্ডিয়াৰ চমৎকাৰ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন যোজনা যেনে আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উজ্বলা যোজনা, সৌভাগ্য যোজনা আৰু স্বচ্ছ ভাৰত যোজনা এনে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক উদ্দেশ্যিও প্ৰণয়ন কৰা হৈছে৷ তেওঁ চৰকাৰে মহিলা আৰু কন্যাসকলৰ বাবে প্ৰণয়ন কৰা যোজনাসমূহৰ বিষয়েও উল্লেখ কৰে৷

উল্লেখ্য, ‘আয়ুষ্মান ভাৰত সৈতে পিএম-এছৱাইএম, ‘প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাআৰুপ্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা দেশৰ অসংগঠিত খণ্ডৰ কৰ্মীসকলক বৃদ্ধ বয়সত সম্পূৰ্ণ সামাজিক নিৰাপত্তা প্ৰদানত সমৰ্থ ব৷

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে মধ্যভোগী আৰু দুৰ্নীতি নিবাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰী সদায়েই সজাগ হৈ আছে৷

******

AKT/SH/SKS/MANN



(Release ID: 1567707) Visitor Counter : 86