প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাইলৈ শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
27 FEB 2019 6:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰ্থাৎ ২৮ ফেব্ৰুৱাৰী, ২০১৯ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে প্ৰদান কৰিবলগীয়া শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব।
প্ৰধানমন্ত্ৰীয়ে ২০১৬, ২০১৭ আৰু ২০১৮ চনৰ এই শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰাপক সকলোকে এই বঁটা প্ৰদান কৰিব। এই উপলক্ষে তেওঁ অনুষ্ঠানত উপস্থিত ৰাইজকো সম্বোধন কৰিব।
উল্লেখ্য যে শান্তি স্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰা হয় বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ প্ৰতিষ্ঠাপক সঞ্চালক ড. শান্তিস্বৰূপ ভাটনাগৰৰ নামত। প্ৰতিবছৰে বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰত অনবদ্য কামৰ বাবে প্ৰতিবছৰে একোগৰাকীকৈ বিশিষ্ট লোকক এই বঁটা প্ৰদান কৰা হয়।
*****
AKT/SBP/RD
(रिलीज़ आईडी: 1567134)
आगंतुक पटल : 133