কেবিনেট
স্বদেশ দৰ্শন আঁচনিঃদেশত বিষয়ভিত্তিক পৰ্যটন চাৰ্কিটৰ সংবদ্ধ বিকাশত কেবিনেটৰ অনুমোদনঃ
Posted On:
19 FEB 2019 8:59PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত প্ৰস্তাৱনাসমূহত অনুমোদন প্ৰদান কৰিছেঃ
১. ১৪তম বিত্ত আয়োগৰ সময়চোৱাত তথা ইয়াৰ পিছতো স্বদেশ দৰ্শন আঁচনিৰ প্ৰণয়ন;
২. ডিচেম্বৰ ২০১৯ত সমাপ্ত হ’বলগীয়া ৬০টা চলন্ত প্ৰকল্পৰ বাবে ২০৫৫.৯৬ কোটি টকা; আৰু
৩. ৬টা প্ৰকল্পৰ বাবে ৩২৪.০৯ কোটি টকা যাৰ বাবে পৰ্যাপ্ত ধন ৰাশিৰ আৱণ্টন দিয়া হৈছে আৰু যি ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব৷
বিৱৰণঃ
স্বদেশ দৰ্শন আঁচনি-বিষয়ভিত্তিক পৰ্যটন চাৰ্কিটৰ বাবে সংবদ্ধ বিকাশ হ’ল পৰ্যটন মন্ত্ৰ্যালয়ৰ এক ধ্বজ্বাবাহী আঁচনি যাৰ দ্বাৰা দেশৰ পৰ্যটন আন্তঃগাঁথনিক বিকশিত কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই আঁচনিত নিম্নোক্ত উদ্দেশ্যসমূহ অন্তৰ্ভুক্ত হৈছেঃ
১. অৰ্থনৈতিক উত্তৰণ আৰু কৰ্ম সংস্থাপন সৃষ্টিৰ বাবে পৰ্যটনক প্ৰধান চালিকা শক্তিৰূপে বিবেচনা৷
২. পৰিকল্পিত আৰু অগ্ৰাধিকাৰভিত্তিত পৰ্যটন চাৰ্কিটৰ বিকাশ৷
৩. নিৰ্দিষ্ট অঞ্চল কিছুমানত আজীৱিকা সৃষ্টিৰ বাবে সাংস্কৃতিক আৰু ঐতিহ্যৰ উত্তৰণ কৰা৷
৪. বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টিৰ জৰিয়তে বহনক্ষমভিত্তিত পৰ্যটকক আকৰ্ষিত কৰা৷
৫. সম্প্ৰদায়ভিত্তিক বিকাশ আৰু দৰিদ্ৰ সমৰ্থিত পৰ্যটনৰ দৃষ্টিকোণ সমৰ্থন কৰা৷
৬. পৰ্যটনৰ গুৰুত্বৰ বাবে স্থানীয় সম্প্ৰদায়ৰ মাজত সজাগতা সৃষ্টি কৰা যাতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগেতে জীৱন-ধাৰণৰ মান উন্নত হয়৷
৭. স্থানীয় সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ দ্বাৰা কৰ্ম সংস্থাপনৰ সৃষ্টি কৰা৷
৮. কৰ্ম সংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ বাবে পৰ্যটনৰ সম্ভাৱনীয়তাৰ ব্যৱহাৰ কৰা৷
৯. উপলব্ধ আন্তঃগাঁথনি, ৰাষ্ট্ৰীয় সংস্কৃতি আৰু চৰিত্ৰৰ ভিত্তিত সমগ্ৰ দেশতে বিষয়ভিত্তিক চাৰ্কিটৰ বিকাশেৰে ইয়াৰ সম্ভাৱনীয়তা তথা সুবিধাসমূহৰ ব্যৱহাৰ কৰা৷
স্বদেশ দৰ্শন আঁচনিৰ জৰিয়তে পৰ্যটন মন্ত্ৰ্যালয়ে দেশত বহনক্ষম আৰু সমাপন ভিত্তিত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰস্তুত কৰি আছে যাৰ দ্বাৰা ভাৰত বিশ্বমানৰ পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব৷ এই আঁচনিৰ মুখ্য লক্ষ্য হ’ল ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিব নিবিচৰা ৰাজহুৱা সুবিধাসমূহ যেনে অন্তিম বিন্দুলৈ যোগাযোগৰ ব্যৱস্থা, পৰ্যটক অভ্যৰ্থনা কেন্দ্ৰ, পথৰ কাষৰ সুবিধা, গোটা জাবৰ ব্যৱস্থাপনা, আলোকসজ্বা, লেণ্ডস্কেপিং, পাৰ্কিং ইত্যাদি প্ৰদান কৰাটো৷
AKT/SH/MANN
(Release ID: 1565781)
Visitor Counter : 116