কেবিনেট

ভাৰত আৰু ছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্রত বুজাবুজি চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 13 FEB 2019 9:08PM by PIB Guwahati

ভাআৰু ছৌডি আৰৱৰ মাজত পর্যটন ক্ষেত্র সহযোগিতা আৰু অধিক বৃদ্ধি কৰি তোলাৰ উদ্দেশ্যেৰে কেন্দ্রীয় পর্যটন মন্ত্রালয় আৰু ছৌডি পর্যটন আয়োগ তথা ছৌডি আৰৱ ৰাষ্ট্ৰীয় ঐতিহ্যৰ মাজত সম্পন্ন হোৱা বুজাবুজি চুক্তিখনলৈ যাৱতীয় অনুমোদন জনাইছে দেশৰ কেন্দ্ৰীয় কেবিনেটে। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত বুধবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত এই অনুমোদনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

এই বুজাবুজি চুক্তি স্বাক্ষৰৰ উদ্দেশ্য হৈছে পর্যটন ক্ষেত্র উন্নয়ন, হোটেল, ৰিজৰ্ট, পর্যটক আবাস সংক্রান্তীয় সুযোগ-সুবিধা, পর্যটন সংক্রান্তীয় তথ্য আৰুৰিসাংখ্যিক তথা কৃষি-পর্যটন, ৰুভূমি পর্যটন আদি ক্ষেত্র তথ্য আৰু বিশেষজ্ঞ আদান-প্রদান। গণমাধ্যম প্রকাশিত বা সম্প্রচাৰিত অনুষ্ঠান বা কাৰ্যসূচীৰ বিনিময়, পর্যটন সংক্রান্তীয় চুটিছবি আদান-প্রদান, বিশেষজ্ঞ আৰু পর্যটন সৈতে জড়িত প্রতিনিধিসকলৰ দেশ ভ্রম আদিও ইয়াৰ মাজত সন্নিৱিষ্ট থাকিব। ইয়াৰ উপৰি পর্যটন ক্ষেত্র বিনিয়োগ সুযোগ-সুবিধা বিচাৰি উলিওৱা আৰু পর্যটন প্রকল্পসমূহত পাস্পৰিক বিনিয়োগ উৎসাহ প্রদান বিষয়টোও জড়িত থাকিবযৌথভাৱে পর্যটন সংক্রান্তীয় অনুষ্ঠান, প্রদর্শনী, সভা-সন্মিলন আয়োজন কৰাৰো প্রস্তাৱ আছে ইয়াত। ইয়াৰ উপৰিও, পর্যটন ক্ষেত্র উদ্ভানমূলক অভিজ্ঞতা আৰু প্রযুক্তি আদান-প্রদান আৰু পর্যটন ক্ষেত্র সৈতে জড়িত আন্তর্জাতিক মঞ্চ আৰু সংগঠনসমূহৰ সৈতে পাস্পৰিক সহযোগিতা আৰু সমন্বয় বৃদ্ধিৰ কথাও এই চুক্তিত উল্লেখ কৰা হৈছে।

 

***

AKT/RD



(Release ID: 1564924) Visitor Counter : 67