কেবিনেট

সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ বাবে এখন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠন কৰিবলৈ ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 13 FEB 2019 9:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে সন্ত্ৰাসবাদ-বিৰোধী অভিযানৰ বাবে এখন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠন কৰিবলৈ ভাৰত আৰু মৰক্কোৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

ভাৰত আৰু মৰক্কোৰদ্বাৰা এই নতুন যুটীয়া ৱৰ্কিং গ্ৰুপ গঠনে সন্ত্ৰাসবাদীৰ আক্ৰমণ বিষয়ক গোচৰ নিষ্পত্তিত সহায় কৰিব৷ সন্ত্ৰাসবাদীৰ গতিবিধিৰ তথ্য লাভ অথবা তথ্য আদান প্ৰদানৰ ক্ষেত্ৰতো বুজাবুজিৰ চুক্তিখন গুৰুত্বপূৰ্ণ হ’ব৷

AKT/MS



(Release ID: 1564401) Visitor Counter : 45