কেবিনেট

কেবিনেটে আয়কৰ অভিযোগ পৰীক্ষণ সংস্থা আৰু অপ্ৰত্যক্ষ কৰ অভিযোগ পৰীক্ষণ সংস্থাক বন্ধ কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে

Posted On: 06 FEB 2019 9:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আয়কৰ অভিযোগ পৰীক্ষণ সংস্থা আৰু অপ্ৰত্যক্ষ কৰ অভিযোগ পৰীক্ষণ সংস্থাক বন্ধ কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷ এই অনুমোদন জনতাই অভিযোগ নিষ্পত্তি কৰাৰ বাবে বৈকল্পিক ব্যৱস্থা সন্ধান কৰাৰ সন্দৰ্ভত প্ৰদান কৰা হৈছে৷ বৰ্তমানে উপলব্ধ অভিযোগ নিষ্পত্তি কৰাৰ ব্যৱস্থা অভিযোগ পৰীক্ষণ সংস্থাতকৈ অধিক কাৰ্যকৰী হিচাপে বিবেচিত হৈছে৷ সেয়ে আয়কৰ অভিযোগ পৰীক্ষণ সংস্থা আৰু অপ্ৰত্যক্ষ কৰ অভিযোগ পৰীক্ষণ সংস্থাক বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

পৃষ্ঠভূমিঃ

আয়কৰ অভিযোগ পৰীক্ষণ সংস্থাৰ ২০০৩ চনত আয়কৰৰ অভিযোগ নিষ্পত্তি কৰাৰ উদ্দেশ্য গঠন কৰা হৈছিল৷ কিন্তু এই সংস্থা নিজৰ উদ্দেশ্য পূৰণত ব্যৰ্থ হয়৷ নতুন অভিযোগৰ সংখ্যা হ্ৰাস হৈ একৰ ঘৰ পোৱাৰ উপক্ৰম হৈছিল৷ ইয়াৰ পৰিৱৰ্তে আয়কৰ দাতাই অভিযোগ নিষ্পত্তি কৰাৰ বাবে চিপিজিআৰএএমএছ, আয়কৰ সেৱা কেন্দ্ৰৰ দৰে বৈকল্পিক ব্যৱস্থা গ্ৰহণ কৰে৷ ২০১১ চনত অপ্ৰত্যক্ষ কৰ অভিযোগ সংস্থাৰ ৰিক্ত কাৰ্যালয়সমূহ বন্ধ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷

******

       AKT/SNC/SH/MANN



(Release ID: 1563505) Visitor Counter : 50