কেবিনেট

কৃষি আৰু খাদ্য উদ্যোগত সহযোগিতাৰ বাবে ভাৰত আৰু ইউক্ৰেইনৰ মাজত বুজাবুজিৰ চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 06 FEB 2019 9:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কৃষি আৰু খাদ্য উদ্যোগ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ইউক্ৰেইনৰ মাজত বুজাবুজিৰ চুক্তিত অনুমোদন জনাইছে৷

প্ৰস্তাৱিত চুক্তিয়ে কৃষি আৰু খাদ্য উদ্যোগ ক্ষেত্ৰত সহযোগিতাৰ ব্যৱস্থা আগবঢ়াব৷ দুয়োখন দেশৰ প্ৰতিনিধিৰে একন যুটীয়া কাৰ্যকৰী কমিটি গঠন কৰা হ’ব৷ এই কমিটিৰ কাম হ’ব নিৰ্বাচিত খণ্ডসমূহত সহযোগিতাৰ বাবে আলোচনা আৰু পৰিকল্পনা যুগুত কৰা তথা কাৰ্যৰূপায়ন নিৰীক্ষণ কৰা৷ কাৰ্যকৰী কমিটিৰ বৈঠক দুবছৰত কমেও এবাৰ অনুষ্ঠিত হ’ব লাগিব৷ ইয়াৰে এবাৰ ভাৰতত আৰু আনবাৰ ইউক্ৰেইনত অনুষ্ঠিত হ’ব৷ এই চুক্তিখন স্বাক্ষৰৰ দিনাৰ পৰা কাৰ্যকৰী হ’ব আৰু পাঁচ বছৰৰ বাবে সক্ৰিয় হৈ থাকিব৷ ইয়াৰ পাছত স্বয়ংক্ৰিয়ভাৱে পুনৰ ৫বছৰলৈ চুক্তিৰ ম্যাদ সম্প্ৰসাৰিত হ’ব৷

******

AKT/SNC/SH/MS



(Release ID: 1563494) Visitor Counter : 70