প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ দুৰ্গাপুৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 FEB 2019 6:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ দুৰ্গাপুৰ ভ্ৰমণ কৰিব৷

এই ভ্ৰমণত তেওঁ ২৯৪ কিলোমিটাৰ দৈৰ্ঘৰ আন্দাল-ছান্থিয়া-পাকুৰ-মালডা আৰু খানা-ছান্থিয়া  ষ্টেচনৰ মাজত বৈদ্যুতিকৰণ কাৰ্যসূচী মুকলি কৰিব৷ ইয়ে উত্তৰ আৰু উত্তৰ-পূব ভাৰতৰ মাজত মালবাহী ৰে’লৰ পৰিবহণ সূচল কৰি তুলিব৷

প্ৰধানমন্ত্ৰীয়ে লগতে ২০ কিলোমিটাৰ দৈৰ্ঘৰ হিজলী-নাৰায়ণগড় তৃতীয় লেন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব৷

***

AKT/AK/MS


(रिलीज़ आईडी: 1562390) आगंतुक पटल : 89
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , हिन्दी , Marathi , Bengali , Gujarati , Tamil