প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জন্ম বাৰ্ষিকী উপলক্ষে স্বামী বিবেকানন্দক স্মৰণ প্ৰধানমন্ত্ৰীৰ

Posted On: 12 JAN 2019 10:55AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে স্বামী বিবেকানন্দক স্মৰণ কৰে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, উঠা, জাগা আৰু লক্ষ্যপ্ৰাপ্তি নোহোৱালৈকে নৰবা৷ পূজ্য স্বামী বিবেকানন্দৰ জন্ম বাৰ্ষকীত এই শক্তিশালী বাণী সাৰোগত কৰাৰ লগতে তেওঁৰ সমৃদ্ধিশালী চিন্তাধাৰাক স্মৰণ কৰিছো৷ তেওঁ সেৱা আৰু আত্মত্যাগৰ আদৰ্শত গুৰুত্ব দিছিল৷ তেওঁ যুৱশক্তিৰ ওপৰত অটল বিশ্বাস ৰাখিছিল৷

স্বামী বিবেকানন্দৰ চিন্তাধাৰা আৰু আদৰ্শই কোটি কোটি ভাৰতীয়ক, বিশেষকৈ আমাৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ লগতে শক্তি যোগায়৷ তেওঁৰ পৰা অনুপ্ৰাণিত হৈ আমি এনে এখন ভাৰত গঢ়াৰ চিন্তা কৰিছো, যিখন সুদৃঢ়, স্পন্দনশীল, অন্তৰ্ভুক্তিমূলক তথা এনে এখন ভাৰত, যিখনে বহু দিশত নেতৃত্ব দিব পাৰে৷

***

AKT/VJ/VK/DB



(Release ID: 1560263) Visitor Counter : 57