কেবিনেট

মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু আলজেৰিয়াৰ মাজত স্বাক্ষৰিত চুক্তিত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 06 DEC 2018 9:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু আলজেৰিয়াৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰা হয়৷ ২০১৮ৰ ১৯ ছেপ্টেম্বৰত বাংগালুৰুত এই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল৷

এই চুক্তিয়ে উভয় দেশে পাৰস্পৰিক স্বাৰ্থজডড়িত মহাকাশ বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু এপ্লিকেশ্যনছকে ধৰি পৃথিৱীৰ ৰিম ছেনছিং; উপগ্ৰহ যোগাযোগ আৰু উপগ্ৰহভিত্তিক নেভিগেছন; মহাকাশ বিজ্ঞান আৰু গ্ৰহ-নক্ষত্ৰৰ অনুসন্ধান মহাকাশযানৰ গেছ আৰু মহাকাশ পদ্ধতি তথা গ্ৰাউণ্ড ব্যৱস্থা আৰু মহাকাশ প্ৰযুক্তিৰ ব্যৱহাৰ ইত্যাদি দিশত সহযোগিতা আগবঢ়াব৷

 

এই চুক্তিৰ ফলত আলজেৰিয়াৰ মহাকাশ সংস্থাৰ সৈতে ভাৰতৰ মহাকাশ গৱেষণা সংস্থাৰ যৌথ কর্মীগোট গঠন কৰা হব৷

 

এই চুক্তি স্বাক্ষৰৰ ফলত ভাৰত আৰু আলজেৰিয়াৰ মাজত বৰ্হি মহাকাশৰ বিভিন্ন গৱেষণামূলক কাম-কাজৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰি তুলিব৷

উল্লেখ্য যে ভাৰত আৰু আলজেৰিয়াই মহাকাশ গবেষণাৰ ক্ষেত্রত বাণিজ্যিক কাম-কাজ আৰম্ভ কৰাৰ বাবে আলোচনাত মিলিত হৈছে। আলজেৰিয়াৰ বিষয়াসকলে গ্রাউন ষ্টেচন সৃষ্টি কৰিব বিচাৰে। ভাৰতৰ পিএছএলভিৰ সহায়ত ২০১০-১৬ চনৰ ভিতৰত আলজেৰিয়াই তিনিটা মাইক্র আৰু ১টা নেনো উপগ্ৰহ উৎক্ষেপণ কৰিছে৷

******

AKT/SH/DB


(ৰিলিজ আই ডি : 1557156) অতিথি কক্ষ : 117
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Kannada , Malayalam