কেবিনেট
আন্তঃনিয়মানুৱৰ্তিতা চাইবাৰ-কায়িক ব্যৱস্থাৰ ৰাষ্ট্ৰীয় অভিযানত কেবিনেটৰ অনুমোদন ১৫টা প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ, ছয়টা এপ্লিকেচন উদ্ভাৱন কেন্দ্ৰ আৰু চাৰিটা প্ৰযুক্তি অনুবাদ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হ’ব
পোষ্ট কৰা হৈছে:
06 DEC 2018 9:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আজি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ দ্বাৰা প্ৰৱৰ্তিত তথা পাঁচ বছৰৰ সময়সীমাৰ ৩৬৬০ কোটি টকাৰ সৰ্বমুঠ ব্যয়ৰ সৈতে আন্তঃনিয়মানুৱৰ্তিতা চাইবাৰ-কায়িক ব্যৱস্থাৰ (এনএম-আইচিপিএছ) ৰাষ্ট্ৰীয় অভিযান মুকলি কৰাৰ বাবে অনুমোদন প্ৰদান কৰিছে৷
বিৱৰণঃ
এই অভিযানটোৰ জৰিয়তে সমাজত ক্ৰমবৰ্ধমান প্ৰযুক্তিগত প্ৰয়োজনীয়তাসমূহত গুৰুত্ব প্ৰদান কৰা হ’ব আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিৰ বাবে দেশক আন্তৰ্জাতিক মানকৰ ভিত্তিত আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ এই অভিযানটোৰ প্ৰণয়নৰ দ্বাৰা নিম্নোক্তসমূহৰ উত্তৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছেঃ
১. দেশৰ সকলো প্ৰান্তক স্পৰ্শ কৰাকৈ চাইবাৰ কায়িক ব্যৱস্থা (চিপিএছ) আৰু সহযোগী প্ৰযুক্তি,
২. ভাৰতৰ ৰাষ্ট্ৰীয়/আঞ্চলিক সমস্যাসমূহ সমাধান কৰাৰ বাবে চিপিএছ প্ৰযুক্তিৰ গ্ৰহণ,
৩. চিপিএছত পৰৱৰ্তী প্ৰজন্মৰ দক্ষতাসম্পন্ন মানৱ সম্পদৰ উৎপন্ন,
৪. অনুবাদ গৱেষণাক অনুঘটন,
৫. চিপিএছত উদ্যমিতা আৰু ষ্টাৰ্ট-আপ ইক’ছিষ্টেম বিকাশৰ অগ্ৰগতি,
৬. বিজ্ঞান, প্ৰযুক্তি আৰু অভিযান্ত্ৰিক ক্ষেত্ৰত চিপিএছ, প্ৰযুক্তি বিকাশ আৰু উচ্চ শিক্ষাৰ অত্যাধুনিক গৱেষণাৰ বাবে উৎসাহ, আৰু
৭. অন্যান্য উন্নত দেশসমূহৰ দৰে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লাভান্বিত হোৱাকৈ ভাৰতক সমপৰ্যায়ৰ কৰি তোলা৷
প্ৰণয়ন কৌশলঃ
এনএম-আইচিপিএছ এক ব্যাপক অভিযান যিয়ে প্ৰযুক্তি বিকাশ, এপ্লিকেচন বিকাশ, মানৱ সংসাধন বিকাশ আৰু দক্ষতা সংবৃদ্ধি, উদ্যমিতা আৰু চিপিএছত ষ্টাৰ্ট-আপ বিকাশ তথা সহযোগী প্ৰযুক্তিক গুৰুত্ব প্ৰদান কৰে৷ এই অভিযানে ১৫টা প্ৰযুক্তি উদ্ভাৱন কেন্দ্ৰ (টিআইএইচ), ছয়টা এপ্লিকেচন উদ্ভাৱন কেন্দ্ৰ (এআইএইচ) আৰু চাৰিটা প্ৰযুক্তি অনুবাদ গৱেষণা পাৰ্ক (টিটিআৰপি) স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ এই কেন্দ্ৰসমূহ আৰু টিটিআৰপিসমূহে শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ, কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজ্যিক চৰকাৰক সমগ্ৰ দেশৰ সন্মানীয় শৈক্ষিক প্ৰতিষ্ঠান, গৱেষণা আৰু বিকাশ তথা অন্যান্য প্ৰতিষ্ঠানৰ সৈতে জড়িত কৰি উন্নয়নৰ সমাধান প্ৰদান কৰে৷ শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ এক উপযুক্ত মিশ্ৰ কৌশলগত অভিগমন গ্ৰহণ কৰাৰ প্ৰস্তাৱনা দাখিল কৰা হৈছে৷ মিছন গভাৰ্ণিং ব’ৰ্ড (এমজিবি), আন্তঃ-মন্ত্ৰালয় সমন্বয় সমিতি (আইএমচিচি), বিজ্ঞান উপদেষ্ট সমিতি (এছএচি) আৰু অন্যান্য উপ সমিতিসমূহত শক্তিশালী নিৰীক্ষণ ব্যৱস্থাপনা সংযোজনৰ দ্বাৰা এইসমূহে অভিযান প্ৰণয়নত নিৰ্দেশনা প্ৰদান কৰাৰ উপৰিও নিৰীক্ষণো কৰিব পাৰিব৷ এই কেন্দ্ৰসমূহ আৰু টিটিআৰপিসমূহে অভিযান প্ৰণয়ন ৰূপায়ন কৰাৰ বাবে চাৰিটা ক্ষেত্ৰত বিশেষভাৱে লক্ষ্য নিৰ্ধাৰিত কৰিছে৷ (১) প্ৰযুক্তি বিকাশ, (২) মানৱ সংসাধন বিকাশ আৰু দক্ষতা বিকাশ (৩) উদ্ভাৱন, উদ্যমিতা আৰু ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ (৪) অন্তঃৱৰ্তী সহযোগিতা৷
প্ৰভাৱঃ
চিপিএছ প্ৰযুক্তিয়ে ৰাষ্ট্ৰৰ বিজ্ঞান, অভিযান্ত্ৰিক আৰু প্ৰযুক্তিগত উদ্ভাৱন সামৰ্থক এক নতুন স্তৰ প্ৰদান কৰিব; চৰকাৰৰ অন্যান্য অভিযানসমূহক সমৰ্থন প্ৰদান কৰিব, ঔদ্যোগিক আৰু অৰ্থনৈতিক প্ৰতিযোগিতাৰ বাতাৱৰণ প্ৰদান কৰিব আৰু প্ৰকৃতাৰ্থত কৌশলগত সম্পদ হিচাপে বিবেচিত হ’ব৷ প্ৰস্তাৱিত অভিযানটোৱে স্বাস্থ্য, শিক্ষা, শক্তি, পৰিবেশ, কৃষি, কূটনীতি তথা নিৰাপত্তা আৰু ঔদ্যোগিক ক্ষেত্ৰ, ইণ্ডাষ্ট্ৰী ৪.০, স্মাৰ্ট চিটী, বহনক্ষম বিকাশ লক্ষ্য (এছডিজি) ইত্যাদিৰ দৰে ৰাষ্ট্ৰীয় পদক্ষেপসমূহত চালিকা শক্তিৰ ৰূপত কাম কৰিব৷ চিপিএছ হ’ল ভৱিষ্যতৰ প্ৰযুক্তিৰ এক সংবদ্ধ ব্যৱস্থা যিয়ে দেশত অগ্ৰাধিকাৰভিত্তিত বিকাশৰ ধাৰাক শক্তি প্ৰদান কৰিব৷ চিপিএছে সমগ্ৰ দক্ষতা প্ৰয়োজনীয়তাক এক নতুন দৃষ্টান্ত প্ৰদান কৰিব৷ অত্যাধুনিক দক্ষতা আৰু উদ্যোগ/সমাজৰ প্ৰয়োজনীয়তা অনুসৰি দক্ষতাসম্পন্ন মানৱ সম্পদ সৃষ্টিৰ জৰিয়তে এই অভিযানৰ দ্বাৰা ব্যাপক হাৰত নিয়োজনৰ সৃষ্টি হ’ব৷ উদ্ভাৱন, উদ্যমিতা আৰু ষ্টাৰ্ট-আপ পৰিবেশতন্ত্ৰ প্ৰস্তাৱিত এনএম-আইচিপিএছৰ সংবদ্ধ অংশ হোৱা স্বৰূপে ষ্টাৰ্ট-আপেও চিপিএছ আৰু ইয়াৰ সহযোগী ক্ষেত্ৰসমূহত প্ৰযুক্তিচালিত নিয়োজনৰ সৃষ্টি কৰিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ৪০,০০০ চাকৰিৰ সৃষ্টি হোৱাৰ লগতে অনাগত সময়ত ২,০০,০০০ চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ইয়াত পৰিলক্ষিত হৈছে৷
লাভসমূহঃ
এই অভিযানটোৱে কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহ আৰু ৰাজ্য চৰকাৰ তথা উদ্যোগসমূহক সমাজৰ হিতৰ বাবে তেওঁলোকৰ প্ৰকল্প তথা আঁচনিসমূহত কাৰ্যকৰীভাৱে চিপিএছ ব্যৱহাৰত সাহায্য প্ৰদান কৰিব৷
সামৰি লোৱা ৰাজ্য/জিলাসমূহঃ
এনএম-আইচিপিএছে সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহক সামৰি ল’ব৷
পৃষ্ঠভূমিঃ
চিপিএছ আৰু ইয়াৰ সহযোগী প্ৰযুক্তিসমূহ যেনে কৃত্ৰিম বুদ্ধিমতা (এআই), ইণ্টাৰনেট অব্ থিংছ (আইঅ’টি), যন্ত্ৰ শিক্ষণ (এমএল), গভীৰ শিক্ষণ (ডিপি), বিগ ডাটা বিশ্লেষণ, ৰ’বটিকছ, কোৱাণ্টাম কম্পিউটিং, কোৱাণ্টাম কমিউনিকেচন, কোৱাণ্টাম এনক্ৰিপচন (কোৱাণ্টাম কী ডিষ্ট্ৰিবিউচন), ডাটা ছাইন্স আৰু অনুমান বিশ্লেষণ, কায়িক আন্তঃগাঁথনিৰ বাবে চাইবাৰ সুৰক্ষা আৰু অন্যান্য আন্তঃগাঁথনিসমূহ ব্যাপ্ত হৈছে আৰু সকলো ক্ষেত্ৰৰ প্ৰায়বোৰ মানৱ প্ৰয়াসত পৰিৱৰ্তনশীল ভূমিকাত অৱতীৰ্ণ হৈছে৷ ই চৰকাৰ তথা উদ্যোগসমূহৰ বাবে অনুজ্ঞাসূচক হৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বাবে, সামাজিক উন্নতিৰ বাবে, নিয়োজন সৃষ্টিৰ বাবে, অৰ্থনৈতিক অগ্ৰগতিৰ বাবে আৰু পৰিবেশৰ সামূহিৰ বহনক্ষমতা তথা জীৱনৰ গুণগতমান বৃদ্ধিৰ বাবে এই ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুত কৰি তুলিছে৷
******
AKT/SH/MANN
(ৰিলিজ আই ডি : 1555326)
অতিথি কক্ষ : 120