কেবিনেট
ভাৰত আৰু আৰ্মেনিয়ানৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশক লৈ স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
Posted On:
06 DEC 2018 9:22PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু আৰ্মেনিয়ানৰ মাজত যুটীয়া ডাক টিকট প্ৰকাশক লৈ স্বাক্ষৰিত বুজাবুজি চুক্তি সম্পৰ্কে অৱগত কৰা হয়৷ ২০১৮ৰ জুন মাহত এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছিল৷
বুজাবুজি চুক্তিখন অনুসৰি ডাক বিভাগ, যোগাযোগ মন্ত্ৰালয় আৰু আৰ্মেনিয়াৰ নেচনেল পোষ্টেল অপাৰেটৰ (“হেইপোষ্ট” চিজেএছচি)এ ভাৰত-আৰ্মেনিয়াত “ডেনচ” শীৰ্ষক যৌথ স্বাৰ্থজড়িত বিষয়ক লৈ ডাক টিকট প্ৰকাশৰ বাবে সহমত প্ৰকাশ কৰে৷ ২০১৮ৰ আগষ্টত যুটীয়া ডাক টিকটটো প্ৰকাশ কৰা হৈছিল৷
এই ডাক টিকটটোত ভাৰতৰ “মণিপুৰী নৃত্য” আৰু আৰ্মেনিয়াৰ “হোভএৰেক নৃত্য”ৰ স্মাৰক ছবি প্ৰকাশ কৰা হৈছে৷
******
AKT/SH/DB
(Release ID: 1555049)
Visitor Counter : 106