প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জি-২০ সন্মিলনৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

Posted On: 27 NOV 2018 10:09PM by PIB Guwahati

জি-২০ সন্মিলনৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ লিখিত ৰূপ তলত উল্লেখ কৰা ধৰণৰ—

আৰ্জেণ্টিনাই আয়োজন কৰা ত্ৰয়োদশসংখ্যক জি-২০ সন্মিলনত উপস্থিত থাকিবলৈ মই ২৯ নৱেম্বৰৰ পৰা ০১ ডিচেম্বৰলৈ বুয়েনাছ আয়াৰ্ছ ভ্ৰমণ কৰিম৷

জি-২০ সন্মিলনে বিশ্বৰ ২০খন বৃহৎ অৰ্থনীতিৰ দেশৰ মাজত বহুমুখী সহযোগিতা প্ৰসাৰ কৰে৷ দহ বছৰৰ অভিজ্ঞতাৰে জি-২০ সন্মিলনে এতিয়ালৈকে সুস্থিৰ আৰু বহনক্ষম গোলকীয় বিকাশক উৎসাহিত কৰি আহিছে৷ এই উদ্দেশ্যই উন্নয়নমূলক দেশ আৰু ভাৰতৰ দৰে দ্ৰুত বিকশিত উদীয়মান দেশৰ বাবে বিশেষ গুৰুত্ব বহন কৰে৷

গোলকীয় অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি ভাৰতৰ অৱদানে সন্মিলনৰ বিষয়বস্তু ‘স্বচ্ছ আৰু বহনক্ষম উন্নয়নৰ বাবে সহমতত উপনীত হোৱা’ৰ প্ৰতি আমাৰ সংকল্পক প্ৰতিফলিত কৰে৷

জি-২০ সন্মিলনত ভাগ ল’বলগীয়া আন দেশৰ নেতাৰ সৈতে আলোচনাত মিলিত হ’বলৈ মই আগ্ৰহী৷ তেওঁলোকৰ সৈতে মই জি-২০ সন্মিলনৰ যোৱা দহ বছৰৰ কামৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত দিনত আহিবলগীয়া নতুন প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পৰাকৈ পথৰ সন্ধান কৰিম৷ আমি গোলকীয় অৰ্থনীতি আৰু বাণিজ্য, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় আৰু কৰ ব্যৱস্থা, মহিলা সৱলীকৰণ, আন্তঃগাথনি আৰু বহনক্ষম উন্নয়ন সন্দৰ্ভত পৰ্যালোচনা কৰিম৷

গোলকীয় অৰ্থনীতিৰ বিকাশত নতুন প্ৰাণৰ সঞ্চাৰ কৰি অহা উদীয়মান অৰ্থনীতিৰ দেশসমূহে সম্প্ৰতি অপ্ৰত্যাশিত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত প্ৰত্যাহ্বানৰ মুখামুখি হৈছে৷ মই এই সন্দৰ্ভত সংস্কাৰৰ দিশসমূহ সন্মিলনত উত্থাপন কৰিম, যাতে গোলকীয় কল্যাণৰ বাবে ঐক্যবদ্ধভাৱে আমি কাম কৰিব পাৰো৷ ভগনীয়া অৰ্থনৈতিক অপৰাধী আৰু সন্ত্ৰাসবাদীলৈ ধনপোষণ কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰা আৰু সমন্বিত ব্যৱস্থা বৃদ্ধি কৰাটোও আন এক প্ৰয়োজনীয় দিশ৷

সন্মিলনৰ আজৰি সময়ত মই বিভিন্ন দেশৰ নেতাসকলৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হোৱাৰ সুযোগ লাভ কৰিম৷ ইয়াক লৈও মই আগ্ৰহী৷

***

AKT/SH/MS



(Release ID: 1554271) Visitor Counter : 80