কেবিনেট

বিজ্ঞান, প্ৰযুক্তবিদ্যা আৰু অভিনৱ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ অৰ্থে ভাৰত আৰু উজবেকিস্তানৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰিলে কেবিনেটক

পোষ্ট কৰা হৈছে: 22 NOV 2018 1:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত বিজ্ঞান, প্ৰযুক্তবিদ্যা আৰু অভিনৱ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ অৰ্থে ভাৰত আৰু উজবেকিস্তানৰ মাজত স্বাক্ষৰিত চুক্তি সম্পৰ্কে অৱগত কৰে৷ ২০১৮ৰ অক্টোবৰত নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শ্ৰীযুত ছাবকট মিৰায়য়েভৰ উপস্থিতিত ভাৰতৰ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা পৃথিৱী বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ ৱৰ্ধন আৰু উজবেকিস্তানৰ নতুনত্ব উদ্ভাৱন উন্নয়ন মন্ত্ৰী শ্ৰী ইব্ৰহিম আব্দুৰাখমানৱৰ মাজত এই চুক্তি স্বাক্ষৰ কৰা হয়৷

এই চুক্তিৰ ফলত দুয়োদেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত দিশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত শক্তিশালীভাৱে ব্যৱহাৰ কৰি উপকৃত হ পাৰিব৷ এই চুক্তিৰ উদ্দেশ্য হৈছে বিজ্ঞান, প্ৰযুক্তবিদ্যা আৰু অভিনৱ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা৷ ইয়াৰ অংশীদাৰসকলৰ ভিতৰত বৈজ্ঞানিক প্ৰতিষ্ঠানৰ গৱেষক, শিক্ষাবিদ, ভাৰত আৰু উজবেকিস্তানৰ গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰ তথা উদ্যোগ উল্লেখযোগ্য৷ কৃষি আৰু খাদ্য বিজ্ঞান তথা প্ৰযুক্তিবিদ্যা; ইঞ্জিনিয়াৰিং ছায়েন্স; তথ্য আৰু যোগাযোগ প্ৰযুক্তি, প্ৰায়োগিত গণিত তথা ডাটা ছায়েন্স আৰু প্ৰযুক্তিবিদ্যা; স্বাস্থ্য আৰু মানসিক প্ৰযুক্তি; বস্তগত বিজ্ঞান; জীৱ বিজ্ঞান আৰু জৈৱপ্ৰযুক্তি; পদাৰ্থবিজ্ঞান আৰু এষ্ট্ৰফিজিক আৰু শক্তি, পানী, জলবায়ু আৰু প্ৰাকৃতিক সম্পদ ইত্যাদিক শক্তিশালী ক্ষেত্ৰ হিচাপে চিনাক্ত কৰা হয়৷

*****

AKT/DB


(ৰিলিজ আই ডি : 1553817) অতিথি কক্ষ : 160
ত এই ৰিলিজটো পঢ়ক: English , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam